Rupaliparda.com
বলীউড অভিনেতা ফৰদীন খানৰ আকৌ আগৰ ৰূপ আহিছে ঘূৰিঃ 1

বলীউড অভিনেতা ফৰদীন খানৰ আকৌ আগৰ ৰূপ আহিছে ঘূৰিঃ

বলীউড অভিনেতা ফৰদীন খান ইণ্ডাষ্ট্ৰীটোৰ এজন জনপ্ৰিয় অভিনেতা ৰূপে খ্যাতি লাভ কৰিছিল। কিন্তু বিগত বহু সময়ৰ পৰা তেওঁ অভিনয় ক্ষেত্ৰখনৰ পৰা আঁতৰত আছিল; তেওঁৰ প্ৰায় এবছৰ পূৰ্বে যিসমূহ ফটো জনসাধাৰণৰ সমূখলৈ আহিছিল সেই আটাইবোৰ ফটোত তেওঁৰ ওজনে সকলোকে আচৰিত কৰি তুলিছিল। কিন্তু আকৌ এবাৰ এই গৰাকী অভিনেতা ওলাই আহিছে জনসাধাৰণৰ মাজলৈ; তেওঁৰ শেহতীয়াকৈ চচিয়েল মিডিয়াত ভাইৰেল হোৱা ফটোসমূহে আকৌ এবাৰ জনসাধাৰণক আচৰিত কৰি তুলিছে কিয়নো এইবাৰ ফৰদীন খান হৈ পৰিছে তেওঁৰ পূৰ্বৰ ছবিসমূহৰ “হিৰো” সদৃশ। বিগত বৰ্ষত তেওঁক তেওঁৰ বাঢ়ি অহা ওজনৰ বাবে ট্ৰোল কৰা হোৱা পিছতেই হয়টো তেওঁ অধিক গুৰুত্ব দিছিল নিজ দেহ আৰু ফিটনেছৰ ওপৰত। শেহতীয়াকৈ চচিয়েল মিডিয়ালৈ অহা ফটো সমূহত ফৰদীন খান হৈ পৰিছে পূৰ্বৰ দৰেই একেবাৰে “ফিট এণ্ড হেণ্ডচম”।

বলীউড অভিনেতা ফৰদীন খানৰ আকৌ আগৰ ৰূপ আহিছে ঘূৰিঃ 2


তেওঁক দেখাৰ পিছতেই ধৰা পৰিছে যে যোৱা এবছৰ ধৰি তেওঁ বহুল হাৰত মনোযোগ প্ৰদান কৰিছে “নিজ” ৰ ওপৰত। বিগত বৰ্ষত তেওঁক কৰা ট্ৰোল সমূহৰ প্ৰতিউত্তৰ ৰূপে তেওঁ মাত্ৰ এটাই কথা কৈছিল যে, “মই যি হয় সেয়াই হয়। মই সদায় নিজক আইনাত চাব পাৰো। মোৰ ওজনক লৈ মানুহে কথা পতাটো আৱশ্যক নহয় বুলি মই ভাবো আৰু তেওঁলোক এইবোৰৰ পৰা আগবাঢ়ি যোৱাটো ভাল।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.