Rupaliparda.com
নাগাৰ্জুনৰ সৈতে দিয়া মিৰ্জাৰ ছবিঃ দিয়াই প্ৰশিক্ষণ লৈছে এক্সনৰ- 1

নাগাৰ্জুনৰ সৈতে দিয়া মিৰ্জাৰ ছবিঃ দিয়াই প্ৰশিক্ষণ লৈছে এক্সনৰ-

“ৰহনা হে তেৰে দিল মে”, “লগে ৰহো মুন্না ভাই”, “থপ্পড়” আৰু “সঞ্জু” ৰ দৰে একাংশ ছবিত কৰা অভিনয়ৰে জনসাধাৰণক আপ্লুত কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰী দিয়া মিৰ্জাক এইবাৰ দেখিবলৈ পোৱা যাব এখন তেলেগু ছবিত। তেওঁৰ এই ছবিখনৰ নাম হৈছে “ৱাইল্ড ড’গ”, য’ত তেওঁৰ সৈতে অভিনেতাৰ চৰিত্ৰ ৰূপায়ন কৰিব দক্ষিণৰ চুপাৰষ্টাৰ নাগাৰ্জুনে। এই ছবিখনৰ বাবে মাৰ্ছল আৰ্টৰো প্ৰশিক্ষণ লয় অভিনেত্ৰী গৰাকীয়ে। নিজ চৰিত্ৰটো বাস্তৱিক কৰি তুলিবলৈ আচলতে অভিনেত্ৰী গৰাকীয়ে মাৰ্ছল আৰ্টৰ প্ৰশিক্ষণ লয়। এক সাক্ষাৎকাৰ যোগে অভিনেত্ৰী গৰাকীয়ে নিজেও কয় যে, “ছবিখনত এটা চিকুৱেন্স আছে য’ত মই একচন কৰিব লাগিব। মই ভাবিলো যে এই দৃশ্যটোৰ বাবে কেৱল অভিনয় কৰাতকৈ ভাল হ’ব যদিহে মই এই এক্সনটোৰ প্ৰশিক্ষণ লওঁ! তেতিয়া মই স্ক্ৰীণত বাস্তৱ ৰূপটো দেখুৱাব পাৰিম। ইয়াৰ লগতে, এই ছবিখনত নাৰ্গাজুনৰ সৈতে অভিনয় কৰিবলৈ পাই মই উৎসাহিত হৈ পৰিছো।”

নাগাৰ্জুনৰ সৈতে দিয়া মিৰ্জাৰ ছবিঃ দিয়াই প্ৰশিক্ষণ লৈছে এক্সনৰ- 2
নাগাৰ্জুনৰ সৈতে দিয়া মিৰ্জাৰ ছবিঃ দিয়াই প্ৰশিক্ষণ লৈছে এক্সনৰ- 3


দিয়া মিৰ্জাই আগলৈ কয় যে, “মই যেতিয়া জানিব পাৰিছিলো যে এই ছবিখনত নাৰ্গাজুন আছে তেতিয়া আচলতে ছবিখনৰ কাহিনী, চৰিত্ৰটোৰ সমান্তৰালকৈ নাৰ্গাজুন থকা বাবে এই ছবিখন কৰাৰ উদ্দেশ্য আৰু অধিক বাঢ়ি গৈছিল। বিগত বহু দিনৰ অন্তত দিয়া মিৰ্জাক দেখিবলৈ পোৱা গৈছিল “থপ্পড়” ছবিখনত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.