Rupaliparda.com
"অস্ত আকাশৰ জোন" ত এইবাৰ আৰম্ভ হ'ব এক ন-প্ৰেম কাহিনীঃ 1

“অস্ত আকাশৰ জোন” ত এইবাৰ আৰম্ভ হ’ব এক ন-প্ৰেম কাহিনীঃ

ৰং চেনেলত সম্প্ৰচাৰিত “অস্ত আকাশৰ জোন” শীৰ্ষক জনপ্ৰিয় ধাৰাবাহিক খনত অন্তৰ্ভূক্ত হ’ব এটি নতুন চৰিত্ৰৰ। সিদ্ধান্ত কলিতাই নিজ ব্যক্তিগত একাউন্টত দিয়া পোষ্টযোগে এই কথা জানিবলৈ দিয়ে নিজ অনুৰাগীক। “অস্ত আকাশৰ জোনাক” ত সিদ্ধান্ত কলিতাই ধনাত্মক নে ঋণাত্মক কেনে চৰিত্ৰ ৰূপায়ন কৰিব সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও ধাৰাবাহিকখনৰ মূখ্য চৰিত্ৰ ৰূপায়িত অভিনেত্ৰী শিল্পীশিখাৰ সৈতে দেখিবলৈ পোৱা যাব তেওঁৰ যুঁটি। দুই ভগ্নীৰ মাজৰ মৰম, হাঁহিৰ সমীকৰণ অথবা প্ৰেমক লৈ সৃষ্টি হোৱা জটিল অংকৰ কাহিনীৰে নিৰ্মিত কৰা হৈছে ধাৰাবাহিক “অস্ত আকাশৰ জোন”। “প্ৰেম” ত অধিকাৰ কেৱল “প্ৰাপ্তি” ৰ নাথাকে; প্ৰেমে কোনোদিন কাকো হিংস্ৰক হ’বলৈ নিশিকায়। কিন্তু, পৰিস্থিতিৰ মাধমাৰৰ ফলত একোজন এনে ব্যৱহাৰৰ সন্মুখীন হোৱাত কোনে কি হেৰুৱাব লগীয়া হয় তাৰ সকলো উত্তৰ কেৱল থাকে সময়ৰ লগত। প্ৰণৱ বিবেকৰ পৰিচালনাৰে কিছু এনে কাহিনী সংযুক্ত এই ধাৰাবাহিকখনৰ সহযোগী পৰিচালনা কৰিছে মৃণাল বৰ্মনে। সহকাৰী পৰিচালনা সত্যজিৎ ৰাজবংশীৰ আৰু দৃশ্যগ্ৰহণ কিংকু ৰাজবংশীৰ ।


ধাৰাবাহিকখনৰ কাহিনী, চিত্ৰনাট্য ও সংলাপ গীতিকা ঠাকুৰীয়া দাসৰ আৰু সম্পাদনা কাৰ্তিক বৰুৱাৰ লগতে সংগীত নৈবেদ্য হাজৰিকাৰ। ধাৰাবাহিকখনত অভিনয় কৰিছে ক্ৰমে ভাৰ্গৱ দাস, মিহিৰজ্যোতি ভূঞা, লিপিকা বৰা মেধি, শিল্পীশিখা দেৱী, ৰূপম চেতিয়া, সীমাশ্ৰী বৰা, মুন বৰকটকী, পল্লৱ ফুকন, দীপশিখা বৰা, মুকুত নাথ, বিনয় ডেকা, অনিন্দিতা ৰুদ্ৰৰাজ, অংশু ডেকা, ৰূপম বৰুৱাৰ লগতে আন কেইবাগৰাকীও ন-পূৰণি শিল্পীয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.