সত্ৰীয়া সংস্কৃতিৰ সৈতে একোজন শিল্পীৰ নিষ্ঠা তথা দায়িত্বপৰায়ণতাই প্ৰতিটো দিনত আমাক মুগ্ধ কৰিবলৈ সক্ষম হৈছে। বছৰ বছৰ ধৰি সত্ৰীয়া সংস্কৃতিৰ সৈতে একোজন নৃত্যশিল্পীৰ সাধনা আমি তেওঁলোকৰ নৃত্যচৰ্চাতেই দেখিবলৈ পাওঁ। প্ৰতিটো ভংগীমাৰে বিজ্ঞানসন্মত কাৰণ আদি বিশ্লেষণাত্মকভাৱে দাঙি ধৰি তেওঁলোকে নৱপ্ৰজন্মৰ ছাত্ৰ-ছাত্ৰী সকলকো এই সত্ৰীয়া সংস্কৃষ্টিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সক্ষম হৈ পৰিছে। এনেদৰে সত্ৰীয়া সংস্কৃতিৰ সৈতে জড়িত এগৰাকী শিল্পী হৈছে ৰুবী বৰা বৰদলৈ; সৰুৰ পৰা বৰ্তমানলৈ নিৰৱিচ্চিন্নভাৱে সত্ৰীয়া সংস্কৃতিৰ সৈতে জড়িত এইগৰাকী শিল্পীৰ সৈতে আমি শেহতীয়াকৈ পাতিছিলো কিছু এক্সক্লুচিভ কথা-বতৰা। অসম চৰকাৰৰ “Artistes Felicitation Scheme” ৰ তৰফৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত অনুষ্ঠানত ৰুবী বৰা বৰদলৈয়ে শেহতীয়াকৈ লাভ কৰিবলৈ সক্ষম হৈছিল নগদ ৫০ হাজাৰ টকাৰ লগতে এখন মানপত্ৰ। সত্ৰীয়া নৃত্যৰ সৈতে কেতিয়াৰ পৰা জড়িত বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল যে, “সৰুৰ পৰাই মই এখন সাংস্কৃতিক পৰিৱেশৰে ভৰপূৰ পৰিয়ালত দিন কটাইছো। মোৰ মাতৃ এগৰাকী কন্ঠশিল্পী, তেওঁ খুব সুন্দৰ বৰগীত গায় আৰু আমাক উমলাবলৈও মায়ে বৰগীতেই গাইছিল গতিকে সঁচাকৈ ক’বলৈ গ’লে মই হয়টো গৰ্ভত থকাৰ পৰাই মাৰ কন্ঠৰ সৈতে চিনাকী হৈছিলো। আনহাতে, মোৰ দেউতাই বেহেলা তথা বাঁহী বজোৱাৰ সমান্তৰালকৈ তেওঁ এগৰাকী খোলবাদকো আছিল। লগতে, মোৰ সৰু দাদা লখিমপুৰৰ এটা চিনাকী নাম; তেওঁ এগৰাকী বাঁহীবাদক। আমাৰ চাৰিগৰাকী বাই-ভনী; আমি আটাইয়ে এখন সংস্কৃতিৰে ভৰপূৰ পৰিয়ালত ডাঙৰ-দীঘল হৈছো। সাধনাৰ যে ৰিজাল্ট মিঠা ভগৱানে সেয়াও প্ৰমাণ কৰি দিলে; মোক তেওঁ যিগৰাকী জীৱন সংগী দিলে তেওঁ আছিল অসমৰ স্বনামধন্য শিল্পী প্ৰয়াত পংকজ বৰদলৈ। গতিকে, সংস্কৃতিৰ খেতিৰে ভঁৰাল আৰু অধিক চহকী হ’ল। সত্ৰীয়া সংস্কৃতিয়ে হওঁক অথবা সংস্কৃতিৰ পথাৰ খনত নিজ বিকাশৰ ক্ষেত্ৰতেই হওঁক এই আটাইবোৰত আমাক প্ৰধানকৈ সহায় কৰিছিলে “মইনা-পাৰিজাতে”; তেতিয়াৰ সময়ত “মইনা-পাৰিজাত” ৰ শিক্ষা বৰ সুন্দৰ আছিল। এই “মইনা-পাৰিজাত” ৰ বিভিন্ন অনুষ্ঠানত মই নজনাকৈয়ে বহু খিনি কথা শিকি গৈছিলো লগতে বিভিন্ন দিশত অংশগ্ৰহণ কৰি গৈছিলো।”
আগলৈ তেওঁ কয় যে, “মই যেতিয়ালৈ বিজ্ঞানসন্মত ভাৱে সত্ৰীয়া সংস্কৃতিৰ বিষয়ে জনা নাছিলো তাৰ পূৰ্বেই আচলতে প্ৰায় তৃতীয় শ্ৰেণীৰ পৰাই মই লখিমপুৰৰ বিভিন্ন ঠাইত দশ-অৱতাৰ পৰিৱেশন কৰিছিলো। পিছলৈ, আমাৰ গাওঁত পঞ্চাজন্য শিশু ক্ষেত্ৰত শ্ৰী কৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা কৰা হয়; মই ৰাসত প্ৰায়ে ৰাধাৰ চৰিত্ৰ ৰূপায়ন কৰিছিলো। আৰু,সঁচাকৈ ক’ব গ’লে “ৰুবী ৰাধা” বুলি মোৰ এটা নাম আছিলে আৰু বৰ্তমানেও মই সেই ৰাসখনলৈ গ’লে মোৰ কথা কোৱা ৰাইজে শুনিবলৈ পালে বৰ ভাল লাগে। ১৯৯০-৯১ ত মই মাৰ কথা মতে গুৱাহাটী ৰবীন্দ্ৰ ভৱনত থকা “ষ্টেট কলেজ অৱ মিউজিক” ত উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰিছিলো। ২০০ জনৰ ভিতৰত ৪৫ জনক তাত গ্ৰহণ কৰা হৈছিল আৰু যাৰ মাজত এগৰাকী মইয়ো আছিলো। তেতিয়াৰ পৰাই মোৰ এই যাত্ৰাটো আৰু অধিক সুন্দৰ ভাৱে আৰম্ভ হৈছিল, প্ৰথম মোৰ গুৰু আছিল গোবিন্দ শইকীয়া দেৱ, শৈলেন শইকীয়া ছাৰ আৰু মোৰ কথকৰ প্ৰধান গুৰু আছিল বিপুল দাস ছাৰ। কেৱল মাত্ৰ এওঁলোকেই নহয়, পদ্মশ্ৰী যতীন গোস্বামী, ঘনবৰা বৰবায়ন, জীৱনজিৎ দত্ত, ৰামকৃষ্ণ তালুকদাৰ আদি বিভিন্ন জন গুৰুৰ সান্নিধ্যত এই সত্ৰীয়া সংস্কৃতিৰ দিশটোত আগবাঢ়িবলৈ সক্ষম হৈছিলো। এটা কথা মনত পৰিলে এতিয়াও খুব ভাল লাগে যে যিখন মঞ্চত মই ৰাস কৰিছিলো সেইখন মঞ্চত মই নজনাকৈয়ে সত্ৰীয়া ভংগীমাৰে ৰাধা নাচিছিলো। যেতিয়া পিছলৈ বিজ্ঞানসন্মতভাৱে সত্ৰীয়া সংস্কৃতিৰ বিষয়ে জানিব পাৰিছিলো তেতিয়া মই গাঁৱলৈ গৈ বায়নসকলক বহুখিনি কথা জনাবলৈ পাৰিছিলো।”
নতুন প্ৰজন্মক লৈ তেওঁ কি উপদেশ দিব বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “নতুন প্ৰজন্মক প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছো; কাৰণ এই যান্ত্ৰিক তথা আধুনিক যুগত সেই আটাইবোৰলৈ আওঁকান কৰি নৱপ্ৰজন্মই যিটো সত্ৰীয়া সংস্কৃতিৰ প্ৰতি নিজ ধাউতি প্ৰকাশ কৰিছে সেয়া সঁচাকৈ লেখত ল’বলগীয়া। কিন্তু এইখিনিতে মই তেওঁলোকক এটাই কথা ক’ম যে, প্ৰতিটো কলাৰ তথা প্ৰতিটো সংস্কৃতিৰেই নিজস্বতা আছে। গুৰু দুজনাৰ ৫০০ বছৰৰ পূৰণি এই সৃষ্টিক আমি নতুনকৈ বুজাই দিব নালাগে; গতিকে ইয়াৰ শুদ্ধ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। সত্ৰীয়াটো এনে এক মাধ্যম নহয় যাক দুদিন শিকি মঞ্চত পৰিৱেশন কৰিব পৰা যায়; কিবা এটা বিষয়ত কাৰোবাৰ জ্ঞান নাথাকিলে তেওঁ যেতিয়া প্ৰশ্নৰ সন্মুখীন হয় তেতিয়া অৱশ্যে তেওঁৰ অসুবিধা হ’ব। সত্ৰীয়াৰ চৌষষ্ঠীটা মাটি আখৰা আছে; ইয়াক ৮ টা ভাগত ভাগ কৰা হৈছে। আকৌ এই ৮ টা ভাগৰ ভিতৰত ক্ষুদ্ৰ ক্ষুদ্ৰ মাটি আখৰা আছে; ইয়াৰ আটাইকেইটা শিকিব নোৱাৰিলেও আমি যদি ২টা মানকৈও শিকিব পাৰো তেতিয়াহ’লে নৃত্য কৰিব পৰা যায়। কিন্তু, এতিয়া কিছুমান আৰ্টিষ্টে মাজভাগৰ পৰা সত্ৰীয়া নৃত্যক শিকি তেওঁলোকে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিৱেশন কৰি আহিছে। এইবোৰ দেখিলে যেতিয়া আমি যিসকলে সত্ৰীয়া নৃত্যক সাধনা কৰি আহিছো, চৰ্চা কৰি আছো, এক মন এক প্ৰাণেৰে সত্ৰীয়া নৃত্যক শ্ৰদ্ধা কৰি আহিছো তেওঁলোক আটাইয়ে যেতিয়া সত্ৰীয়া নৃত্যৰ অপপ্ৰচাৰ হোৱা দেখো তেতিয়া আচলতে দেখিলে দুখ লাগে। এইক্ষেত্ৰত মিডিয়াৰো ভুল আছে, যিসকলে শিল্পীৰ সাক্ষাৎকাৰ লয় তেওঁলোকে আচলতে জনাটো উচিত যে সেই শিল্পী গৰাকীৰ মূল খুঁতিটো ক’ত! গতিকে, এইয়া মোৰ বিনম্ৰ অনুৰোধ অথবা আহ্বান যে সত্ৰীয়া সংস্কৃতিৰ যাতে অপপ্ৰচাৰ নহয়।”
আগন্তুক পৰিকল্পনাৰ বিষয়ে সোধাত তেওঁ কয় যে, “মোৰ তেজপুৰস্থিত নূপুৰ নৃত্যাংগনা; তাত ভালেসংখ্যক শিক্ষাৰ্থীয়ে নিজৰ শিক্ষা সাং কৰিছে। লগতে মই আছাম ভেলী স্কুলৰ নৃত্য বিভাগৰ শিক্ষয়িত্ৰী। এইখিনিতে মই জনাবলৈ পাই সুখী হৈছো যে, অসমৰ বিভিন্ন ঠাইত নৃত্য পৰিৱেশন কৰাৰ সমান্তৰালকৈ চাৰিখন বিদেশ মঞ্চত মই নৃত্যৰ গ্ৰুপ লৈ নৃত্য পৰিৱেশন কৰিবলৈ সক্ষম হৈছিলো। নেশ্বনেল ডান্স গ্ৰুপ অৱ ইণ্ডিয়াৰ তৰফৰ পৰা ইতিমধ্যে খবৰ পাইছো যে মই তেওঁলোকৰ পৰা নিমন্ত্ৰণ পাম; গতিকে তাত নিজৰ লগতে মোৰ গ্ৰুপ লৈ যাবলৈ চেষ্টা কৰিম। সত্ৰীয়া নৃত্যৰ লগতে বিহুৰ মই ৫০-৫০ গৰাকীৰ গ্ৰুপ তালৈ লৈ যাবলৈ চেষ্টা কৰিম। আনহাতে, মই যিহেটো তেজপুৰত থাকো গতিকে তাত ১০০ জন বৰগীত গোৱা, ১০০ খোলবাদক আৰু ১০০ জন সত্ৰীয়া নৃত্যৰ শিল্পীক লৈ মই আৰু মোৰ প্ৰয়াত স্বামী পংকজ বৰদলৈয়ে এটা অনুষ্ঠানৰ পৰিকল্পনা কৰিছিলো। চাওঁচোন আহিবলগীয়া সময়ত কেনেদৰে আগবাঢ়িব পাৰো।” শিল্পীৰ সংজ্ঞা জানিবলৈ বিচৰাত শিল্পী ৰুবী বৰদলৈয়ে তেওঁৰ মতামত ব্যক্ত কৰি কয় যে,”শিল্পীৰ সংজ্ঞা ক’বলৈ হ’লে মই মাত্ৰ তিনিটা শব্দই ক’ম সেয়া হ’ল শিল্পী, সুন্দৰ আৰু সাধনা। সাধনাই শিল্পী, আৰু সাধনা মানেই হৈছে সুন্দৰ। সাধনাৰ অবিহনে আমি নিজক শিল্পী ৰূপে স্বীকৃতি দিব নোৱাৰো। শিল্পী শব্দটো আচলতে মহান, নিজক “শিল্পী” বুলি ক’বলৈ গ’লে আমি সমাজক কিমান আগবঢ়াইছো সেয়া চাব লাগিব।”
Add comment