Rupaliparda.com
জয়চেং জয় দহোতীয়াৰ "জলছবি"; কি আছে এই ছবিখনত?- 1

জয়চেং জয় দহোতীয়াৰ “জলছবি”; কি আছে এই ছবিখনত?-

বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত বহু নতুন নতুন ছবিয়ে টোকৰ মাৰিছে অসমীয়া দৰ্শকৰ দুৱাৰত। ইখনৰ পিছত সিখনকৈ একোখন গ্ৰহণযোগ্য ছবিৰ খবৰ লাভ কৰি অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শকো হৈ পৰিছে উৎসাহিত। শেহতীয়াকৈ চচিয়েল মিডিয়াত এখন নতুন পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ ফাৰ্ষ্ট লুক পোষ্টাৰ ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছে; ছবিখনে যদিও নিজৰ প্ৰথমখন পোষ্টাৰ মুকলি কৰিছে তথাপিও ইয়াত জনসাধাৰণক বহুল ইচ্ছা পৰিলক্ষিত হৈছে। কিয়নো ছবিখনৰ পৰিচালনাৰ দায়িত্বত থকা জয়চেং জয় দহোতীয়াৰ কাম সমূহক ৰাইজে সঁহাৰি জনোৱাৰ লগতে পৰিচালক গৰাকীৰ কামসমূহ প্ৰশংসিত হোৱাও দেখিবলৈ পোৱা গৈছে। ২০০৮ চনত জ্যোতি চিত্ৰৱনত অধ্যয়ন কৰি থকা সময়তে নিৰ্মাণ কৰা চুটি ছবি “খিৰিকিৰ পাখী” ৰে এই ছবিক্ষেত্ৰখনত খোজ পেলোৱা জয়চেং জয় দহোতীয়াৰ প্ৰথম খন পূৰ্ণদৈৰ্ঘ্যৰ ছবি আছিল “হান্দুক”। এই ছবিখনে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবি সমাৰোহতো বঁটা লাভ কৰিবলৈ সক্ষম হৈছে; এইখিনিতে আপোনালোকক জনাই থওঁ যে জয়চেং জয় দহোতীয়াৰ আহিবলগীয়া ছবি “জলছবি” ৰ পোষ্ট প্ৰডাকচনৰ কাম সমূহ সম্পূৰ্ণ কৰা হৈছে জাৰ্মানীত। নাৰীৰ জীৱন গাঁথাক গুঠি লিখা এই ছবিখনৰ কাহিনী ভাগেৰে প্ৰস্তুত কৰা হৈছে “জলছবি”।

জয়চেং জয় দহোতীয়াৰ "জলছবি"; কি আছে এই ছবিখনত?- 2
জয়চেং জয় দহোতীয়াৰ "জলছবি"; কি আছে এই ছবিখনত?- 3


“তাপসি” নামে নায়িকা গৰাকীৰ কাহিনীৰ আঁৰ লৈ নিৰ্মাণ কৰা “জলছবি” ত এগৰাকী নাৰীৰ কাহিনীৰে পৰিচালকে আমাৰ সমাজৰ আন দহজনী নাৰীক সংযোগ কৰাৰ চেষ্টা কৰিছে। সমঅধিকাৰ লাভ কৰাৰ কথা নাৰীয়ে প্ৰতিটো দিনত কৈছে যদিও এই নাৰীসমূহকেই কেতিয়াবা তথাকথিত সমাজখনে কিছু টুলুঙা মন্তব্যৰে আগবাঢ়িবলৈ নিদিয়ে। নাৰী গৰাকীৰ নামৰ সৈতে জড়িত কৰি দিয়া হয় আন একাংশ নাম; এই ছবিখনতো এনে কিছু কাহিনীৰ সংযোজন কৰা হোৱাৰ লগতে তাপসি চৰিত্ৰটোক পিছলৈ পৰিচালক গৰাকীয়ে দৃঢ় কৰি তুলিছে। আন এগৰাকী নতুন তাপসিৰ সৃষ্টি কৰি সময়ৰ প্ৰবাহক গতিশীল কৰিবলৈ চেষ্টা কৰা হৈছে ছবিখনত। জাৰ্মানীৰ মগাদৰ ফ্লিম আৰু ফান দে মেন্টেল ষ্টুডিঅ’চৰ সহযোগত “মায়ামৰা” প্ৰডাকচন বেনাৰত নিৰ্মিত ছবিখনৰ প্ৰযোজনা কৰিছে জয়চেং আৰু ভূপালী মৰাণে। লগতে ইয়াত সহযোগী প্ৰডাকচন হৈছে আৰমান প্ৰডাকচনচ। ছবিখনত থকা গুৰুত্বপূৰ্ণ চৰিত্ৰসমূহ ৰূপায়ন কৰিছে দৰথী ভৰদ্বাজ, নুমল চন্দ্ৰ গগৈ, দূৰ্লভা মৰাণ আৰু দুলুকান্ত মৰাণ, বিশাল অনুৰাগ, অখিল গগৈ, কৰৱী দুৱৰা, বিপনজিৎ গগৈ, জিতু মৰাণ, গীতাশ্ৰী দহোতীয়াকে ধৰি আন ন-পূৰণি শিল্পীয়ে। ইতিমধ্যে অভিনেত্ৰী দৰথী ভৰদ্বাজক বাণিজ্যিকভাৱে সফল ছবি “বৰনদী ভটিয়ায়” ত দেখিবলৈ পোৱা গৈছিল; তেওঁৰ অভিনয়ৰ মজবুত দিশটোক পচন্দ কৰিছে অনুৰাগীয়ে। ছবিখনৰ সহঃ প্ৰযোজনা আৰমান আহমেদ এন্দ্ৰেয়াচ লুকাচ, শ্ৰী কুমাৰ দহোতীয়া আৰু মানস প্ৰতীম দত্তৰ; কাৰ্যবাহী প্ৰযোজকৰ দায়িত্বত আছে খ্ৰীচষ্টফ থকে। ছবিখনত সন্নিৱিষ্ট গীতসমূহৰ সংগীত পৰিচালনা কৰিছে সৌৰভ মহন্তই লগতে গীতসমূহত দিয়া কথাৰ দায়িত্বত আছে যাদৱ মহন্ত, কুকিল আৰু মৃণাল বৰগোঁহাই।

জয়চেং জয় দহোতীয়াৰ "জলছবি"; কি আছে এই ছবিখনত?- 4
জয়চেং জয় দহোতীয়াৰ "জলছবি"; কি আছে এই ছবিখনত?- 5


চিদা বৰা আৰু জয়চেং জয় দহোতীয়াৰ দৃশ্যগ্ৰহণেৰে ছবিখনৰ শব্দনক্সা অলিভাৰ আক্টেজ আৰু দেৱজিৎ গায়নৰ। কলা নিৰ্দেশনা পূণ্যজিৎ মৰাণ আৰু প্ৰকাশদীপ দহোতীয়াৰ। “জলছবি” ছবিখনৰ উপৰিও এই পৰিচালক গৰাকীৰ পৰিচালনাৰে আন এখন ছবি “বাঘজান” কো দেখিবলৈ পাব অসমীয়া দৰ্শকে। তেওঁলোকৰ এই পৰিকল্পনা সমূহক ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform