Rupaliparda.com
হিমাংশু প্ৰসাদ দাস আৰু প্ৰণামী বৰাৰ তত্ত্বাৱধানত আৱসিক নাট কৰ্মশালাঃ 1

হিমাংশু প্ৰসাদ দাস আৰু প্ৰণামী বৰাৰ তত্ত্বাৱধানত আৱসিক নাট কৰ্মশালাঃ

মনোৰঞ্জন দিশটোক লৈ বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী সকল প্ৰায়ে আকৰ্ষিত হোৱা দেখিবলৈ পোৱা যায়। সেইবাবেই হয়টো একোটা গীত মুকলিৰ পিছত অথবা একোখন ছবি উপভোগ কৰাৰ পিছত তেওঁলোকৰ প্ৰতিটো বস্তু মন-গহ্বৰত এনেকৈ সোমাই পৰে যে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নোহোৱা স্বত্বেও তেওঁলোকে সেই গীতটি গাই দিব পাৰে নাইবা এখন ছবিৰ এটা চৰিত্ৰৰ অভিনয় কৰি দিব পাৰে। মনোৰঞ্জন প্ৰেমী এনে ছাত্ৰ-ছাত্ৰ সমূহক উদ্গনি যোগাবলৈ আচলতে অসমীয়া শিল্পী সকলেও চেষ্টা অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে। অসমীয়া নাটক নাইবা থিয়েটাৰৰ দিশটোত এক উল্লেখযোগ্য নাম হৈছে হিমাংশু প্ৰসাদ দাস; তেওঁৰ পৰিচালনাৰে নিৰ্মিত একাংশ নাটক, ছবিৰ প্ৰশংসা কৰিছে অসমীয়া দৰ্শকে। আনহাতে, এই ক্ষেত্ৰখনৰ সৈতে হিমাংশু প্ৰসাদ দাসৰ পত্নী তথা এগৰাকী অসমীয়া জনপ্ৰিয় অভিনেত্ৰী প্ৰণামী বৰাও অভিনয় দিশটোৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত। এনেপৰিপ্ৰেক্ষিততে, গুৱেৰ্ণিকাৰ উদ্যোগত তথা হিমাংশু প্ৰসাদ দাস আৰু প্ৰণামী বৰাৰ তত্ত্বাৱধানত চলিত বৰ্ষৰ ১৫ মাৰ্চ তাৰিখৰ পৰা এখন আৱসিক নাট কৰ্মশালাৰ আয়োজন কৰা হৈছে। তেওঁলোকৰ এই প্ৰচেষ্টাক লৈ ইতিমধ্যে বহুলোক আকৰ্ষিত হোৱা দেখিবলৈ পোৱা গৈছে। নাটক হৈছে এনে এক মাধ্যম যাক লৈ বৰ্তমানেও বহুলোক উৎসাহিত হোৱা দেখিবলৈ পোৱা যায়; সেইবাবেই হয়টো নাটক ক্ষেত্ৰখন এতিয়াও জনপ্ৰিয়।

হিমাংশু প্ৰসাদ দাস আৰু প্ৰণামী বৰাৰ তত্ত্বাৱধানত আৱসিক নাট কৰ্মশালাঃ 2


১৬ বছৰ বয়সৰ উৰ্দ্ধৰ প্ৰত্যেকেই এই নাট কৰ্মশালাত যোগদান কৰিব পাৰিব লগতে কৰ্মশালা যোগেৰেই যোগদান কাৰী সকলক থকা-খোৱাৰ ব্যৱস্থা কৰি দিয়া হ’ব। অংশগ্ৰহণকাৰী সকলে থকা খোৱাৰ পৰা আৰম্ভ কৰি শিক্ষা সঁজুলি সমূহ গ্ৰহণ কৰালৈ ইয়াত ভৰ্তি মাচুল দিব লাগিব ৫০০০ টকা। কৰ্মশালাৰ অন্তত ছাত্ৰ-ছাত্ৰী সকলৰ অভিনয়েৰে মঞ্চস্থ কৰা হ’ব এখন নাট; মুঠ ১৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই কৰ্মশালাত যোগদানৰ বাবে যোগাযোগৰ শেষ তাৰিখ হৈছে ১০ মাৰ্চ। এই কৰ্মশালা খনৰ লগতে আন একাংশ প্ৰতিভাসম্পন্ন ছাত্ৰ-ছাত্ৰী যে মনোৰঞ্জন ক্ষেত্ৰখনত খোজ পেলোৱাৰ সুযোগ গ্ৰহণ কৰিব সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। আনহাতে উল্লেখ্য যে, বৰ্তমানেও ছবিগৃহত সফলতাৰে “গৰু” চলি আছে। “গৰু” ৰ উপভোগৰ পিছত আচলতে হিমাংশু প্ৰসাদ দাসৰ ওপৰত যে জনসাধাৰণ দৃষ্টি নিবদ্ধ হৈ পৰিছে সেয়া একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব। তলত যোগাযোগ নম্বৰ সমূহ দিয়া হ’লঃ 93656-63734, 60025-93726

হিমাংশু প্ৰসাদ দাস আৰু প্ৰণামী বৰাৰ তত্ত্বাৱধানত আৱসিক নাট কৰ্মশালাঃ 3


সেইবাবেই ৰূপালীপৰ্দাৰ তৰফৰ পৰা হিমাংশু প্ৰসাদ দাস আৰু প্ৰণামী বৰাৰ এনে প্ৰচেষ্টা আৰু প্ৰয়াসক জনাইছো শুভকামনা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.