Rupaliparda.com
"হয়নে ক" গীতটিৰ ভিডিঅ' প্ৰস্তুতিত ব্যস্ত আচুৰ্য্য বৰপাত্ৰঃ 1

“হয়নে ক” গীতটিৰ ভিডিঅ’ প্ৰস্তুতিত ব্যস্ত আচুৰ্য্য বৰপাত্ৰঃ

২০২১ ৰ আৰম্ভণিতেই আচুৰ্য্য বৰপাত্ৰৰ কন্ঠৰে মুক্তি লাভ কৰা তেওঁৰ নতুন গীত “হয়নে ক” ৰ কথা নিশ্চয় আপোনালোকৰ মনত আছে! বৰ্ষটোৰ আৰম্ভণিতেই মুক্তি লাভ কৰা উক্ত গীতটিৰ অডিঅ’টোতেই জনসাধাৰণৰ বহুল সঁহাৰি পৰিলক্ষিত হৈছিল। আকৌ এইখিনিতে, আচুৰ্য্য বৰপাত্ৰৰ অনুৰাগীৰ বাবে সুখবৰ; এই গীতটিৰে ভিডিঅ’ৰ বাবে এতিয়া শ্বুটিং আৰম্ভ কৰিছে কন্ঠশিল্পী গৰাকীয়ে। চচিয়েল মিডিয়া যোগে লাইভ আহি কন্ঠশিল্পী গৰাকীয়ে অনুৰাগীক দিছে এই খবৰ; গীতটিৰ ভিডিঅ’ত আচুৰ্য্য বৰপাত্ৰৰ সৈতে দেখিবলৈ পোৱা যাব অভিনেতা সিদ্ধাৰ্থ শৰ্মাকো। “বেহাৰবাৰী আউটপোষ্ট” ত আৰক্ষীৰ চৰিত্ৰ ৰূপায়িত সিদ্ধাৰ্থ শৰ্মাক আকৌ এবাৰ আৰক্ষী ৰূপতেই দেখিবলৈ পোৱা যাব “হয়নে ক” ৰ ভিডিঅ’ গীতটিত। গীতটিত কন্ঠদান কৰাৰ সমান্তৰালকৈ ইয়াত সুৰ দিছে আচুৰ্য্য বৰপাত্ৰই নিজেই; আনহাতে ইয়াত কথা সুনীত গগৈৰ লগতে সংগীত প্ৰযোজনা বিজয় শংকৰৰ আৰু শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে। বাঁহী ৰূপম শৰ্মা আৰু ঋতুৰাজ গগৈৰ।

"হয়নে ক" গীতটিৰ ভিডিঅ' প্ৰস্তুতিত ব্যস্ত আচুৰ্য্য বৰপাত্ৰঃ 2


বৰ্তমানলৈ অহা খবৰনুসৰি, “হয়নে ক” শীৰ্ষক এই গীতটিৰ ভিডিঅ’ পৰিচালনা কৰিছে শচীন বৰুৱাই লগতে ইয়াৰ দৃশ্যগ্ৰহণ কৰিছে বিতুল দাসে। “মিনি” ৰ পিছত আকৌ এবাৰ আচুৰ্য্য বৰপাত্ৰ লগতে শচীন বৰুৱাৰ যুঁটিক দেখিবলৈ পোৱা যাব স্ক্ৰীণত। কেৱল মাত্ৰ, “হয়নে ক’ বুলিয়ে নহয়; “ফাগুন” মাহটোত একোটা গীতৰ মুক্তিৰে শ্ৰোতা-দৰ্শকৰ কাষ চাপিছিল কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰ। “ফাগুন এজাক সুৰীয়া বতাহ” নামে এই এলবামটোত অন্তৰ্ভূক্ত আটাইকেইটা গীতেই চুবলৈ সক্ষম হৈছিল প্ৰতিজন শ্ৰোতা-দৰ্শকক। “হয়নে ক” শীৰ্ষক এই গীতটিৰ ভিডিঅ’ৰ মুক্তিৰ তাৰিখৰ বিষয়ে সৱিশেষ এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও আচুৰ্য্য বৰপাত্ৰৰ আপডেট সমূহৰ বাবেই জনসাধাৰণো এই গীতটিক লৈ বহুল ভাৱে অপেক্ষাৰত হৈ পৰিছে।

"হয়নে ক" গীতটিৰ ভিডিঅ' প্ৰস্তুতিত ব্যস্ত আচুৰ্য্য বৰপাত্ৰঃ 3


আচুৰ্য্য বৰপাত্ৰৰ প্ৰতিটো পৰিকল্পনাৰ বাবে ৰূপালীপৰ্দাৰ ফালৰ পৰা তেওঁলৈ যাঁচিছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform