বৰ্তমান মনোৰঞ্জন ক্ষেত্ৰখনত আৰম্ভ হৈছে বিয়াৰ বতৰ। ইখনৰ পিছত সিখন বিয়াক লৈ ব্যস্ত হৈছে চচিয়েল মিডিয়া লগতে সাধাৰণজন। য’ত বৰ্ষাৰাণী আৰু ভাস্কৰ বৰুৱাৰ বিবাহ সম্পন্ন কৰা হ’ল তাৰ পিছতেই এতিয়া যুগ্ম জীৱনৰ পাতনি মেলিবলৈ সাজু হৈছে ভৃগু কাশ্যপৰ লগতে নীল আকাশ। তেওঁলোকৰ বিবাহৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈ থকা ফটোসমূহৰ ইখনৰ পিছত সিখন ভাইৰেল হ’বলৈ ধৰিছে চচিয়েল মিডিয়াত। দ্বিতীয় ইনিংছৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে অসমীয়া জনপ্ৰিয় কন্ঠশিল্পী দুগৰাকী। নেনচী ফুকনে য’ত নীল আকাশৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে তাতেই আকৌ অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে হোমৰ সাক্ষী হৈ স্বামীৰূপে গ্ৰহণ কৰিব ভৃগু কাশ্যপক। ২৮ ফেব্ৰুৱাৰী তাৰিখে ৫ বছৰীয়া প্ৰেমৰ সৈতে নীল আকাশ বহিছে বিবাহত। পেচাত এগৰাকী অধিবক্তা নেনচী ফুকনৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে নীল আকাশ; নেনচীৰ ঘৰ মাৰ্ঘৰিটাত। এওঁলোকৰ ভাইৰেল হোৱা ফটো সমূহ চাওঁ চোন আহকঃ

Add comment