Rupaliparda.com
আজিৰে পৰা অজয় দেৱগণে আৰম্ভ কৰিব "গংগুবাই কাঠিয়াবাড়ী" ৰ শ্বুটিংঃ 1

আজিৰে পৰা অজয় দেৱগণে আৰম্ভ কৰিব “গংগুবাই কাঠিয়াবাড়ী” ৰ শ্বুটিংঃ

সঞ্জয় লীলা ভঞ্চালিৰ আহিবলগীয়া ছবি “গংগুবাই কাঠিয়াবাড়ী” ৰ বাবে আজিৰে পৰা শ্বুটিং আৰম্ভ কৰিব অভিনেতা অজয় দেৱগণে। ছবিখনত অভিনেতা গৰাকীৰ চৰিত্ৰটোৰ বিষয়ে বৰ বিশেষ একো জানিব পৰা হোৱা নাই যদিও এয়া নিশ্চিত যে ছবিখনত অজয় দেৱগণে এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিছে। আনহাতে, অজয় দেৱগণক ২২ বছৰ পিছত সঞ্জয় লীলা ভঞ্চালিৰ সৈতে কাম কৰা দেখিবলৈ পোৱা যাব। ইয়াৰ পূৰ্বে, অভিনেতা গৰাকীক “হম দিল দে চুকে সনম” ত সঞ্জয় লীলা ভঞ্চালিৰ সৈতে কাম কৰা দেখিবলৈ পোৱা গৈছিল। শেহতীয়াকৈ, “গংগুবাই কাঠিয়াবাড়ী” ৰ টিজাৰ মুকলি কৰি দিয়া হৈছিল; য’ত আলিয়া ভাটে জনসাধাৰণৰ বহুল প্ৰতিক্ৰিয়া লাভ কৰিবলৈ সক্ষম হৈছিল। সমান্তৰালকৈ, এইবাৰ পোনপ্ৰথমবাৰৰ বাবে অজয় দেৱগণ আৰু আলিয়া ভাটৰ যুঁটি উপভোগ কৰিবলৈ পাব দৰ্শকে।

আজিৰে পৰা অজয় দেৱগণে আৰম্ভ কৰিব "গংগুবাই কাঠিয়াবাড়ী" ৰ শ্বুটিংঃ 2
আজিৰে পৰা অজয় দেৱগণে আৰম্ভ কৰিব "গংগুবাই কাঠিয়াবাড়ী" ৰ শ্বুটিংঃ 3


হুসেন জেদীৰ নোৱেল “মাফিয়া কুইন অৱ মুম্বাই” ৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা এই ছবিখনত “গংগুবাই কোঠেৱালী” ৰ আত্মজীৱনী দেখুওৱা হ’ব। কম বয়সতে বেশ্যাবৃত্তিত জোৰ কৰি ভৰাই দিয়া গংগুবাইয়ে পিছলৈ নিজেই এগৰাকী বেশ্যাবৃত্তিৰ দালাল হিচাপে মুম্বাইত প্ৰতিষ্ঠা লাভ কৰে। তেওঁৰ গ্ৰাহক হিচাপে থাকে ডাঙৰ ডাঙৰ দালাল আৰু ক্ৰিমিনেল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform