Rupaliparda.com
থলুৱা গীতেৰে ভাৰ্গৱ ওজাপালি আৰু নিখিল জ্যোতি শৰ্মাৰ আকৰ্ষণঃ হোলী গীতৰ মুক্তিত উৎসাহিত শ্ৰোতা- 1

থলুৱা গীতেৰে ভাৰ্গৱ ওজাপালি আৰু নিখিল জ্যোতি শৰ্মাৰ আকৰ্ষণঃ হোলী গীতৰ মুক্তিত উৎসাহিত শ্ৰোতা-

ফাগুন মাহত প্ৰত্যেকেই ভালপোৱা এটি বৰ মৰমৰ উৎসৱ হৈছে “হোলী” অথবা “ফাকুঁৱা”। এই হোলী উৎসৱটোকেই কেন্দ্ৰ কৰি নিৰ্মিত একোটা হোলী গীত এতিয়াও আমাৰ সমাজত প্ৰচলিত। হোলী অথবা “ফাকুৱা” বুলিলেই এতিয়াও আমাৰ নামনি অসমৰ বৰপেটা অঞ্চলত উলহ-মালহেৰে উদযাপিত উৎসৱটোকেই মনলৈ আহে। তাৰ সমান্তৰালকৈ সৰু-ডাঙৰ প্ৰত্যেকেই গুণগুণাই যোৱা একোটা হোলী গীত; শুনিলেই যেন দেহ-মনত এক প্ৰশান্তি বিৰাজমান হৈ পৰে। এইখিনিতে, উঠি অহা প্ৰজন্মৰ একাংশই যদিও এনে গীত সমূহক লৈ বৰ্তমানেও পৰিচিত নহয়; তেতিয়াহ’লে এতিয়া আৰু চিন্তাৰ কাৰণ নাই। নৱপ্ৰজন্মৰে উদীয়মান দুগৰাকী প্ৰতিভা ক্ৰমে ভাৰ্গৱ ওজাপালি আৰু নিখিল শৰ্মাৰ প্ৰচেষ্টাৰে শেহতীয়াকৈ মুক্তি লাভ কৰিছে এটি হোলী গীত। নৱপ্ৰজন্মৰ প্ৰচেষ্টা তথা প্ৰয়াসৰ বিষয়ে বাৰম্বাৰ কয় থকাৰ হয়টো আন একো প্ৰয়োজন নাই; তেওঁলোকৰ প্ৰতিটো সৃষ্টিয়ে আচলতে গ্ৰহণযোগ্য হিচাপে পৰিগণিত হৈ পৰিছে ৰাইজৰ ওচৰত। তৃতীয় শ্ৰেণীৰ পৰাই সংগীত জগতত খোজ পেলোৱা ভাৰ্গৱ ওজাপালিয়ে ২০১৩ চনৰ পৰা পেছাগত ভাৱে জড়িত হৈ পৰিছিল এই ক্ষেত্ৰখনত। আনহাতে, “তুমি সুবাস” গীতটিৰ পৰা শ্ৰোতা-দৰ্শকৰ ধ্যান আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা নিখিল শৰ্মাৰ বৰ্তমানৰ অনুৰাগীৰ সংখ্যাও হৈছে দীঘলীয়া। সদ্যমুক্তিপ্ৰাপ্ত “হোলী গীত” ত উক্ত দুয়োগৰাকী প্ৰতিভাৰ যুঁটি দেখিবলৈ পাই আচলতে উৎসাহিও হৈ পৰিছে শ্ৰোতা-দৰ্শক।


ইয়াৰ উপৰিও, ভাৰ্গৱ ওজাপালি আৰু নিখিল জ্যোতি শৰ্মাৰ প্ৰচেষ্টাৰে যদিহে আন আৰু কোনো গীত উপভোগ কৰিবলৈ বিচাৰিছে তেতিয়াহ’লে আপোনালোকে বিগত বৰ্ষৰ শেষৰ ফালে তেওঁলোকে মুকলি কৰি দিয়া “মেঘনা” শীৰ্ষক গীতটিক উপভোগ কৰিব পাৰে। আনহাতে, “হোলী গীত” টোত কথা প্ৰশান্ত দাসৰ লগতে ইয়াত কন্ঠদান কৰিছে নিখিল জ্যোতি শৰ্মা আৰু ভাৰ্গৱ ওজাপালিয়ে তথা গীতটিত সুৰ কৰিছে নিখিলে। সমান্তৰালকৈ, সংগীত প্ৰযোজনা ভাৰ্গৱ ওজাপালিৰ। এনিমেশ্বন টিনা চেতিয়াৰ আৰু ইলেকট্ৰিক গীতাৰ বজাইছে পাৰ্থজ্যোতি মুদৈয়ে। এই হোলী গীতটিৰ মুক্তি সন্দৰ্ভত ভাৰ্গৱ ওজাপালিয়ে কয় যে বৰ্তমান সময়ত থলুৱা গীতৰ প্ৰসাৰটো খুব বেছি হোৱাৰ লগতে এই গীতসমূহক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো শ্ৰোতা-দৰ্শকে আদৰি লয়। নৱপ্ৰজন্মৰ সৈতে হোলী গীত সমূহৰ চিনাকী কৰিবলৈও উক্ত দুই প্ৰতিভাই এই গীতটিক মুকলি কৰি দিয়াৰ কথা ব্যক্ত কৰিছে।

থলুৱা গীতেৰে ভাৰ্গৱ ওজাপালি আৰু নিখিল জ্যোতি শৰ্মাৰ আকৰ্ষণঃ হোলী গীতৰ মুক্তিত উৎসাহিত শ্ৰোতা- 2
থলুৱা গীতেৰে ভাৰ্গৱ ওজাপালি আৰু নিখিল জ্যোতি শৰ্মাৰ আকৰ্ষণঃ হোলী গীতৰ মুক্তিত উৎসাহিত শ্ৰোতা- 3


ভাৰ্গৱ ওজাপালি লগতে নিখিল জ্যোতি শৰ্মাৰ থলুৱা গীতসমূহক লৈ থকা ইচ্ছা বোৰে বৰ্তমান ৰাইজকো কৰিছে উৎসাহিত। তেওঁলোকৰ এই প্ৰচেষ্টাক সকলোৱে বৰ্তমান শুভকামনা জনোৱা দেখিবলৈ পোৱা গৈছে। এক স্বাধীন প্ৰযোজনা গোষ্ঠী Record Label য়ে শেহতীয়াকৈ নৱপ্ৰজন্মক সহায়-সহযোগিতা প্ৰদান কৰাৰ অৰ্থে তেওঁলোকে কোনো ধৰণৰ মাননী নোলোৱাকৈ তেওঁলোকক সহায় কৰাৰ বাবে আগবাঢ়িছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform