Rupaliparda.com
গীতালিৰ কন্ঠৰে আহি আছে "লিখি ল"; স্কুলীয়া ছোৱালীৰ ৰূপত এইবাৰ কন্ঠশিল্পী গৰাকী- 1

গীতালিৰ কন্ঠৰে আহি আছে “লিখি ল”; স্কুলীয়া ছোৱালীৰ ৰূপত এইবাৰ কন্ঠশিল্পী গৰাকী-

সংগ্ৰাম, সংঘৰ্ষ সদায় সকলোৰে জীৱনতেই থাকে, জীৱন যাত্ৰাৰ সৈতে ইয়াৰ এক একেবাৰেই এৰাব নোৱাৰা সম্পৰ্ক আছে। কিন্তু এই সংঘৰ্ষৰ মাজেৰেই আগবাঢ়ি এগৰাকী অসমীয়া কন্ঠশিল্পীয়ে লাভ কৰিছে বৰ্তমানৰ স্থান। অসমীয়া শ্ৰোতাক কেইবাটাও সুন্দৰ গীতৰ উপহাৰ দিয়া গীতালিৰ আগন্তুক প্ৰকল্পটোক লৈ এতিয়া অপেক্ষাৰত তেওঁৰ অনুৰাগী। এটি নতুন গীতৰ সৈতে আহিবলৈ সাজু হৈছে পুনৰ বাৰ কন্ঠশিল্পী গীতালি। “লিখি ল” শীৰ্ষক এটি গীতৰ সৈতে আহিবলৈ সাজু হৈছে কন্ঠশিল্পী গীতালি। চচিয়েল মিডিয়াত ব্যক্তিগত একাউন্টৰ পৰা ইতিমধ্যে কন্ঠশিল্পী গৰাকীয়ে গীতটিক লৈ বিভিন্ন খবৰ অনুৰাগীৰ মাজত প্ৰকাশ কৰিছে। উক্ত গীতটিত কন্ঠ গীতালিৰ লগতে ইয়াত সুৰ যুঁটীয়াভাৱে কৰিছে শোণিত গগৈ আৰু বিজয় শংকৰে । আনহাতে, গীতটিৰ কথা শোণিত গগৈৰ। ইয়াত শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে আৰু সংগীত বিজয় শংকৰৰ। ইতিমধ্যে মুক্তিপ্ৰাপ্ত এই গীতটিৰ ফাৰ্ষ্ট লুক পোষ্টাৰখনেই অৱশ্যে টানিছে অনুৰাগীক। এগৰাকী সৰু স্কুলীয়া ছোৱালীৰ ৰূপত দেখিবলৈ পোৱা গৈছে এইবাৰ কন্ঠশিল্পী গৰাকীক। সৰুৰ পৰাই সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত কন্ঠশিল্পী গৰাকীয়ে সত্ৰীয়া নৃত্যৰ লগতে ২০০০ চনত বিহু কুঁৱৰীৰো খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল। ২০০৬-০৭ চনত “নাহৰ কলি” শীৰ্ষক এটি গীতৰ দ্বাৰা সংগীত ক্ষেত্ৰখনত প্ৰফেচনেলি অন্তৰ্ভূক্ত হোৱা গীতালি বৰ্তমান এই ক্ষেত্ৰখনৰ চিনাকী নাম।

গীতালিৰ কন্ঠৰে আহি আছে "লিখি ল"; স্কুলীয়া ছোৱালীৰ ৰূপত এইবাৰ কন্ঠশিল্পী গৰাকী- 2


উল্লেখ্য যে, গীতালিৰ কন্ঠৰে বিহু গীত অথবা বিহুসুৰীয়া লগতে ৰোমান্টিকধৰ্মী, আধুনিক আদি যিকোনো সংস্কৰণৰেই নহওঁক কিয় প্ৰতিটোতেই তেওঁ অনুৰাগীৰ যথেষ্ট মৰম আৰু আদৰ লাভ কৰা পৰিলক্ষিত হয়। সদায় একোটা গীতেৰে শ্ৰোতা-দৰ্শকৰ ধ্যান আকৰ্ষণ কৰিব পৰা বিধৰ সক্ষমতা আছে এই জনপ্ৰিয় কন্ঠশিল্পী গৰাকীৰ মাজত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.