Rupaliparda.com
ৰিয়া চক্ৰৱৰ্তীৰ দ্বিতীয়টো পোষ্ট "প্ৰেম" ক লৈঃ ধীৰে ধীৰে সক্ৰিয় হৈছে চচিয়েল মিডিয়াত- 1

ৰিয়া চক্ৰৱৰ্তীৰ দ্বিতীয়টো পোষ্ট “প্ৰেম” ক লৈঃ ধীৰে ধীৰে সক্ৰিয় হৈছে চচিয়েল মিডিয়াত-

চলিত মাহত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ তৰফৰ পৰা দেখিবলৈ পোৱা গ’ল তেওঁৰ দ্বিতীয়টো পোষ্ট। প্ৰথমটো পোষ্ট দেখিবলৈ পোৱা গৈছিল আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ দিনা আৰু শেহতীয়াকৈ তেওঁ নিজৰ এগৰাকী বান্ধৱীৰ সৈতে এখন ফটো পোষ্ট কৰি অভিনেত্ৰীগৰাকীয়ে “প্ৰেম” ৰ বিষয়ে কিছু কথা ব্যক্ত কৰে। ৰিয়া চক্ৰৱৰ্তীয়ে শেহতীয়াকৈ “সাণ্ড কি আঁখ” ৰ প্ৰযোজক নিধি পৰমাৰৰ সৈতে এখন ফটো পোষ্ট কৰে। বিগত বৰ্ষৰ মাজভাগৰে পৰা চচিয়েল মিডিয়াৰ পৰা আঁতৰি থকা অভিনেত্ৰী গৰাকীৰ পৰা নতুন নতুন কিছু পোষ্ট দিয়া দেখিবলৈ পাই আচলতে উৎসাহিতও হৈ পৰিছিল অভিনেত্ৰী গৰাকীৰ অনুৰাগীও। শেহতীয়াকৈ তেওঁ ফটোখন পোষ্ট কৰি কয় যে, “প্ৰেমত এক শক্তি আছে, প্ৰেমত এনে এক ফেব্ৰিক আছে; যি কেতিয়াও হেৰাই নাযায়। লগা হ’লে, তাক যিমানেই বিপদ আৰু দুখৰ পানীৰেই ধুই দিয়া নহওঁক কিয়!” অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত তেওঁৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীক বিভিন্ন কাৰণত দোষী সাব্যস্ত কৰি তেওঁৰ ওপৰত সুশান্তৰ পিতৃয়ে এজাহাৰো দাখিল কৰিছিল। সুশান্তৰ মৃত্যুৰ কাৰণ ৰূপে ৰিয়াৰ নাম সাঙুৰ খোৱা পিছত অভিনেত্ৰী গৰাকী চচিয়েল মিডিয়াৰ পৰা বিৰত আছিল কিন্তু শেহতীয়াকৈ অভিনেত্ৰী গৰাকীৰ পৰা দুটা পোষ্ট দেখিবলৈ পোৱা যায়। বিগত নাৰী দিৱসৰ দিনা তেওঁ নিজৰ মাতৃৰ সৈতে এখন ফটো আপলোড কৰি আটাইকে মহিলা দিৱসৰ শুভকামনা জ্ঞাপন কৰিছিল।

ৰিয়া চক্ৰৱৰ্তীৰ দ্বিতীয়টো পোষ্ট "প্ৰেম" ক লৈঃ ধীৰে ধীৰে সক্ৰিয় হৈছে চচিয়েল মিডিয়াত- 2


তেওঁ পোষ্টটোত লিখে, “আমাক মহিলা দিৱসৰ শুভকামনা; মা আৰু মই… একেলগে… একেলগে সদায়ৰ বাবে… মোৰ শক্তি, মোৰ বিশ্বাস, মোৰ ধৈৰ্য্য-মোৰ মা।” উল্লেখ্য যে, ৰিয়া চক্ৰৱৰ্তী ড্ৰাগছ কেছৰ বাবে সম্পূৰ্ণ এমাহ পৰ্যন্ত ন্যায়িক জিম্নাত থাকিবলগীয়া হৈছিল। তেওঁৰ বিগত সময়ছোৱাত অন্তিমটো চচিয়েল মিডিয়া পোষ্ট আছিল ২০২০ চনৰ ২৭ আগষ্ট তাৰিখে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.