ক’ৰোণা ভাইৰাছৰ দ্বিতীয়টো ঢৌৱে অধিক সংক্ৰমণৰ হাৰ বঢ়াই দিয়াৰ ফলত এতিয়া ই একাংশ লোকক চিন্তিত কৰি তুলিছে। সাধাৰণ লোকৰ গাত হোৱা সংক্ৰমণৰ উপৰিও চিলেব্ৰেটী সমূহকো ই এৰি দিয়া নাই; মহাৰাষ্ট্ৰত বৃদ্ধি পোৱা সংক্ৰমণৰ সংখ্যাৰ বাবে শেহতীয়াকৈ ঠাইয়ে ঠাইয়ে “লক-ডাউন” ঘোষণা কৰা হৈছে। এইখিনিতে কুকিলকন্ঠী গায়িকা লতা মংগেশকাৰে নিজ চিন্তা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে; যদিও সংগীত ক্ষেত্ৰখনৰ পৰা বৰ্তমান কন্ঠশিল্পী গৰাকী আঁতৰি আছে তৎস্বত্বেও নিজ সুমধুৰ কন্ঠই শ্ৰোতা-দৰ্শকক তেওঁ আপ্লুত কৰি ৰাখিব পাৰে। শেহতীয়াকৈ ক’ৰোণাক লৈ নিজ চিন্তা প্ৰকাশ কৰি এখব ৱেব পৰ্টেল যোগে তেওঁ কয় যে, “এয়া বহুত বেয়া কথা আৰু ইয়াৰ বাবে আমি অপৰাধী, প্ৰত্যেক মানুহে পাৰ্টী সমূহত অংশগ্ৰহণ কৰিবলৈ লৈছে। মাস্ক পৰিধান কৰিবলৈ এৰিছে, যথেষ্ট সংখ্যক আলহীৰ সৈতে বিবাহৰ আয়োজন কৰিবলৈ লৈছে।” ইয়াৰ লগতে কন্ঠশিল্পী গৰাকীয়ে নিজ সুৰক্ষা কেনেদৰে লৈছে সেই কথাও ব্যক্ত কৰে। তেওঁ কয় যে, “মোৰ কোঠাত কেৱল মোৰ পৰিয়ালৰ সদস্য সকল অহাৰহে অনুমতি আছে। যিসকল মোৰ বাবে গুৰুত্বপূৰ্ণ মই তেওঁলোককহে লগ কৰিবলৈ লৈছো। সুৰক্ষা সকলো বস্তুতকৈ উৰ্দ্ধত।”


তেওঁ আগলৈ কয় যে, “মই দেশৰ জনসাধাৰণক আহ্বান জনাইছো যে মাস্ক পিন্ধক; ক’ৰবালৈ গ’লেই মাস্ক পৰিধান কৰক। আইছো’লেশ্বনতকৈ অইন উত্তম উপায় এই ভাইৰাছটোৰ সৈতে যুঁজিবলৈ নাই; আমি এই ভাইৰাছটোৰ সৈতে যুঁজিব লাগিব আৰু ইয়াক হৰুৱাব লাগিব।”
Add comment