Rupaliparda.com
বিকি কলিতা আৰু সুৰভী দাসৰ নতুন যুঁটিৰে "তোমাক নাপালে" ৰ ভিডিঅ' মুক্তিঃ 1

বিকি কলিতা আৰু সুৰভী দাসৰ নতুন যুঁটিৰে “তোমাক নাপালে” ৰ ভিডিঅ’ মুক্তিঃ

“তোমাক নাপালে” শীৰ্ষক গীতটিৰ লিৰিকেল ভিডিঅ’ৰ বহুল জনপ্ৰিয়তাৰ পিছত শেহতীয়াকৈ মুক্তি লাভ কৰিছে গীতটিৰ ভিডিঅ’ সংস্কৰণটোৱেও। অডিঅ’টোৱে যেনেদৰে সংগীতপ্ৰেমী শ্ৰোতাৰ সঁহাৰি লাভ কৰিছে ঠিক তেনে অনুৰূপ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ভিডিঅ’টোৱেও। এটা গীতেৰে এটা কাহিনীক উপস্থাপন কৰা আমি প্ৰায় দেখো। আজি-কালি প্ৰায় প্ৰতিটো গীতৰ সৈতে খাপ খোৱাকৈ একোটা কাহিনী থাকে যিয়ে জনসাধাৰণক আৰু অধিক সংযোগ কৰে; “আছো থাকিম তোমাৰ স’তে আন একো মোক সুখ নালাগে” আদি গীতটিত অন্তৰ্ভূক্ত কেইটামান বিশেষ শাৰীয়ে গীতটিক অধিক হাৰত উপভোগ্য কৰি তুলিছে। এই গীতটিত কন্ঠদান কৰিছে ক্ৰমে বিকি কলিতা আৰু বৰষা বৰাই; আনহাতে, ইয়াত কথা প্ৰশান্ত দাসৰ লগতে সংগীত পৰিচালনা বিকি কলিতাৰ। গীতটিত সংগীত বাবন বৰ্ণিলৰ। আমি কেতিয়াবা সাধাৰণ হয় জীয়াবলৈ ভাল পাওঁ, যান্ত্ৰিকতাৰ পৰা ওলাই আহি সৰু সৰু বস্তুতেই আমি সুখানুভূতি অনুভৱ কৰিবলৈ বিচাৰো। সকলো সা-সুবিধাৰে পৰিপূৰ্ণ এটা পৰিয়ালৰ তুলনাত দুবেলা-দুমুঠি খাবলৈ নিতৌ ৰাতিপুৱাৰ পৰাই কষ্ট কৰি যোৱা পৰিয়ালটোৰ সদস্যকেইজনৰ নিজৰ মানুহখিনিৰ বাবে সেই একেই অনুভৱ হয়। সময় নাথাকিলেও তেওঁলোকে প্ৰতিটো সময়ত আপোনজনৰ কথা ভাবিয়েই সকলো কষ্টক আওঁকান কৰিবলৈ বিচাৰে? মই কোৱা কথাখিনিৰ সৈতে আপোনালোকে যদিহে সংযোগ কৰিব পাৰিছে তেতিয়াহ’লে যিসকলে সদ্যমুক্তিপ্ৰাপ্ত উক্ত গীতটি উপভোগ কৰা নাই, সোনকালে কৰক।


গীতটিৰ ভিডিঅ’টোত আন এক নতুন যুঁটিক দেখিবলৈ পোৱা গৈছে; বিকি কলিতা আৰু সুৰভী দাসৰ এই যুঁটিটোক শেহতীয়াকৈ পচন্দও কৰিছে অনুৰাগীয়ে।ইয়াৰ ভিডিঅ’ পৰিচালনা, দৃশ্যগ্ৰহণ আৰু সম্পাদনা অপুৰাজ গগৈৰ। সহঃ দৃশ্যগ্ৰহণকাৰী লাচিত নাথ আৰু বিশ্বনয়ন বৰুৱা। ৰূপসজ্জা প্ৰিয়াশ্ৰীৰ। বৰ্তমান প্ৰায়বোৰ প্ৰকল্পৰ সৈতে জড়িত সুৰভী দাস পৰিচালক সকলৰ বাবে প্ৰথমটো নিৰ্বাচন বুলিলেও হয়টো অতিৰঞ্জিত নহ’ব। লগতে, অভিনেত্ৰী গৰাকীৰ অনুৰাগীৰ শাৰীটোও আচলতে দীঘলীয়া; তৃতীয় শ্ৰেণীৰ পৰাই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত বৰষা বৰাই কেৱল মাত্ৰ গীতত কন্ঠদান কৰাই নহয়; তেওঁ নিজে লিখা কিছু গীতেও জনসাধাৰণৰ আকৰ্ষণ টানিবলৈ সক্ষম হৈছে। আনহাতে, নৱপ্ৰজন্মৰ কন্ঠশিল্পী ৰূপে বিকি কলিতাই অসমীয়া সংগীত ক্ষেত্ৰখনত এটা নিৰ্দ্দিষ্ট ঠাই গ্ৰহণ কৰাৰ ক্ষেত্ৰত কৰা নিৰৱিচ্চিন্ন সাধনাই বৰ্তমান তেওঁৰো অনুৰাগীৰ সংখ্যা দীঘলীয়া কৰি তুলিছে।

বিকি কলিতা আৰু সুৰভী দাসৰ নতুন যুঁটিৰে "তোমাক নাপালে" ৰ ভিডিঅ' মুক্তিঃ 2
বিকি কলিতা আৰু সুৰভী দাসৰ নতুন যুঁটিৰে "তোমাক নাপালে" ৰ ভিডিঅ' মুক্তিঃ 3

বিকি কলিতা আৰু সুৰভী দাসৰ নতুন যুঁটিৰ লগতে তেওঁলোকৰ এই গীতটিক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform