Rupaliparda.com
নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা জেৰিফা ৱাহিদে এতিয়া লৈছে গ্ৰীষ্মৰ সোঁৱাদঃ 1

নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা জেৰিফা ৱাহিদে এতিয়া লৈছে গ্ৰীষ্মৰ সোঁৱাদঃ

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সমাপ্তিৰ পিছত যেন এতিয়া নিজ স্বাভাৱিক জীৱনলৈ ঘূৰি আহিছে অভিনেত্ৰী জেৰিফা ৱাহিদ। বিগত দিনৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা জেৰিফা ৱাহিদে এতিয়া গ্ৰীষ্মৰ সোঁৱাদ লোৱা দেখিবলৈ পোৱা গৈছে।অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈৰ বাবে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছিল অসমীয়া অভিনেত্ৰী জেৰিফা ৱাহিদে। ৰাইজৰ দলৰ পৰা পদত্যাগ পত্ৰ দাখিল কৰি অভিনেত্ৰী গৰাকীয়ে যোগদান কৰে অসম জাতীয় পৰিষদত। নিৰ্বাচনী প্ৰচাৰ চলোৱা ভালেকেইখন ফটো ইতিমধ্যে অভিনেত্ৰী গৰাকীয়ে চচিয়েল মিডিয়াত আপলোড কৰিছে; তেওঁৰ এই ফটো সমূহ ভাইৰেলো হৈছে অনুৰাগীৰ মাজত। সমাদৰৰ লগতে সমালোচনাৰো সন্মুখীন হৈছিল অভিনেত্ৰী গৰাকী; ১৯৯০ চনত মুক্তিপ্ৰাপ্ত ছবি “অভিমান” ৰ দ্বাৰা অভিনয় জীৱনৰ পাতনি মেলা এই অভিনেত্ৰী গৰাকী স্কুল গৈ থকাৰ পৰাই জড়িত হৈছিল অভিনয়ৰ সৈতে। সেইটো সময়তে তেওঁ কেইবাখনো ছবি ক্ৰমে, “অগ্নিগড়”, “অতিক্ৰম” আদিত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল। কেইবাখনো অসমীয়া ছবি, ধাৰাবাহিক আৰু মিউজিক এলবামত অভিনীত জেৰিফাই দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল “তুমি মোৰ মাথো মোৰ” ছবিখনৰ পৰা। জুবিন গাৰ্গৰ সৈতে উক্ত ছবিখনত জেৰিফাই মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল।


যদুমণি দত্তৰ দ্বাৰা পৰিচালিত “অগ্নিসাক্ষী” ছবিখনৰ বাবে জেৰিফা ৱাহিদে অসম চৰকাৰৰ ৰাজ্যিক চলচিত্ৰ বঁটাত মূখ্য ভূমিকাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ কৰাৰ লগতে “দুৱাৰ” ছবিখনৰ বাবে তেওঁ লাভ কৰিছিল “প্ৰথম পূব ফিল্মফেয়াৰ এৱাৰ্ড ২০১৪” ৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা। জেৰিফা ৱাহিদ হৈছে প্ৰথম গৰাকী অসমীয়া অভিনেত্ৰী যিয়ে নিজাববীয়াকৈ প্ৰডাকচন হাউচ; নাম “জেৰিফা ৱাহিদ প্ৰডাকচনচ” খুলিছিল। জেৰিফা ৱাহিদে বিভিন্ন ছবি তথা ভিচিডি আদিত অভিনয় কৰাৰ উপৰিও থিয়েটাৰ সমূহতো সক্ৰিয় ৰূপে অভিনয় কৰিছিল। সমাজৰ বিভিন্ন কাৰ্য-কলাপতো বৰ্তমান অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায় এই গৰাকী অভিনেত্ৰী জেৰিফা ৱাহিদক।

Add comment

Leave a Reply