Rupaliparda.com
বুমেৰাং ভিডিঅ'ৰে "মই আহি গ'লো" বুলিলে গোবিন্দাইঃ 1

বুমেৰাং ভিডিঅ’ৰে “মই আহি গ’লো” বুলিলে গোবিন্দাইঃ

মহাৰাষ্ট্ৰত হোৱা ক’ৰোণাৰ দ্বিতীয়টো ঢৌৰ সন্ত্ৰাসে সাঙুৰি লৈছিল জনপ্ৰিয় অভিনেতা গোবিন্দাক। কিছু সময়ৰ পৰা কোৱাৰেন্টাইনত থকা এই অভিনেতা গৰাকীয়ে শেহতীয়াকৈ কৰা ক’ৰোণা পৰীক্ষাত ৰিপোৰ্ট নিগেটিভ অহাত তেওঁ উৎসাহিত হৈ পৰিছে। ইনষ্টাগ্ৰাম যোগে অভিনেতা গৰাকীয়ে এটি বুমেৰাং ভিডিঅ’ শ্বেয়াৰ কৰে আৰু কেপচনত লিখে যে, “মই আকৌ উভতি আহিলো”। তেওঁৰ এই ভিডিঅ’টো ইতিমধ্যে অনুৰাগী সকলৰ মাজত ভাইৰেল হৈ পৰিছে। উল্লেখ্য যে, বলীউড অভিনেতা গোবিন্দা ৯০ দশকৰ এগৰাকী খুবেই জনপ্ৰিয় অভিনেতা আছিল; তেওঁৰ প্ৰায় ছবিয়ে মুক্তিৰ পিছতেই জনপ্ৰিয়তাক চুমিছিল; কিন্তু চন ২০০০ পিছত অভিনেতা গৰাকী যেন প্ৰায় হেৰাই গৈছে। তেওঁ সহ অভিনেতা ৰূপে বিভিন্ন প্ৰকল্পৰ সৈতে জড়িত যদিও তেওঁ মূখ্য চৰিত্ৰত অভিনীত বৰ্তমান এখনো ছবি দেখিবলৈ পোৱা নাযায়। এইক্ষেত্ৰত, গোবিন্দাৰ ক’ত খুঁট ৰৈ গৈছিল সেয়া হয়তো এতিয়াও জানিবলৈ উৎস্যুক সকলো। এই প্ৰশ্নটোৰ উত্তৰ কিছু দিন পূৰ্বে নিজেই দিছিল অভিনেতা গোবিন্দাই; অভিনয় কেৰিয়াৰ শেষ হোৱা আঁৰত তেওঁ নেপোটিজিমক একাষাৰে আঙুলিয়াই দিয়া নাই যদিও প্ৰসংগক্ৰমে তেওঁৰ নেপোটিজিমৰ ফলতেই এনে হৈছিল বুলি বাখ্যা কৰে। বলীউড পৰিয়ালটো বহু ডাঙৰ গ্ৰুপৰ দ্বাৰা গঠিত আৰু এই গ্ৰুপসমূহত যদি কোনো লোক ফিট হ’ব নোৱাৰে তেতিয়া এয়া তেওঁলোকৰ বাবেই সংকটময় হ’ব পাৰে বুলি কয় গোবিন্দাই।

বুমেৰাং ভিডিঅ'ৰে "মই আহি গ'লো" বুলিলে গোবিন্দাইঃ 2


তেওঁ কয় যে, “বলীউড এখন ডাঙৰ পৰিয়াল; ইয়াত প্ৰত্যেকৰে সৈতে যদি সম্বন্ধ ভাল কৰি ৰখা হয় তেতিয়াহ’লে ই কাম কৰি যাব। আপুনিও যদি সেই পৰিয়ালৰ অংশীদাৰ হয় তেতিয়াহ’লে আপুনি ভালেই কাম পাব।” জনসাধাৰণক নিজৰ কথাৰে হহুঁৱাৰ পৰা আৰম্ভ কৰি অভিনয়ৰে আমোদ প্ৰদান কৰা গোবিন্দাৰ অনুৰাগী কিন্তু এতিয়াও কম হোৱা নাই। উল্লেখ্য যে, পৰিচালক ডেবিদ ধৱনৰ সৈতে গোবিন্দাৰ শীতল যুদ্ধ সকলোৱে জানে; যিগৰাকী পৰিচালকে নিজৰ জীৱনৰ প্ৰতিখন হিট গোবিন্দাৰ সৈতে দিছে বৰ্তমান তেওঁলোক একেলগে কাম কৰাৰ পৰা বহু দূৰত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.