Rupaliparda.com
"এতিয়া ব্যৱহাৰিক ক্ষেত্ৰত 'শিল্পী' ৰ অৰ্থ বহুতে বেলেগকৈ উপস্থাপন কৰে"-উন্মীলন বৰুৱা, প্ৰিয়াংকু হাজৰিকা 1

“এতিয়া ব্যৱহাৰিক ক্ষেত্ৰত ‘শিল্পী’ ৰ অৰ্থ বহুতে বেলেগকৈ উপস্থাপন কৰে”-উন্মীলন বৰুৱা, প্ৰিয়াংকু হাজৰিকা

সংগীতৰ ন-ন সংস্কৰণে বৰ্তমান আকৰ্ষণ কৰিছে জনসাধাৰণক। বৰগীতৰ পৰা আৰম্ভ কৰি আমাৰ থলুৱা প্ৰতিটো সংগীতৰ সংস্কৰণক লৈ অসমীয়া শ্ৰোতাৰ বিশেষ মৰম আমি দেখিবলৈ পাওঁ। সংগীতত কন্ঠদান কৰাৰ উপৰিও সংগীতটোৰ সৃষ্টি কৰাৰ আঁৰত বহুখিনি আন যাৱতীয় কথাও সন্নিৱিষ্ট হৈ থাকে। যেনে ধৰক ইয়াৰ কথা, ইয়াত দিয়া সংগীত, সুৰ তথা পৰিচালনা-প্ৰযোজনা
ইত্যাদি; শ্ৰোতাকো নতুনে আকৰ্ষণ কৰে। পৰিৱৰ্তন যিহেটো প্ৰকৃতিৰ নিয়ম গতিকে এনে নিয়মৰে বশৱৰ্তী আমিবোৰ। Ellana(Electronic Language Of Nature); জনসাধাৰণৰ বাবে বৰ্তমানৰ এক চিনাকী নাম। সংগীতৰ প্ৰতি আকৰ্ষিত দুই সতীৰ্থই লগ হৈ মুকলি কৰা Ellana ৰ পৰিচয়, শব্দৰ উল্কা, নদীৰ দৰে, অবিৰাম ইত্যাদি গীতসমূহে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে জনসাধাৰণকো। ৰূপালীপৰ্দাই ইতিমধ্যে বহুকেইজন নৱপ্ৰজন্মৰ যুৱকৰ তেওঁলোকৰ প্ৰতিভা তথা সংগীতৰ এনে যাত্ৰাৰ বিষয়ে পঢ়ুৱৈসকলক জনাই আহিছে। গতিকে, আজিও দেওবৰীয়া বিশেষত আমাৰ সৈতে আছে Ellana ৰ দুগৰাকী সদস্য পৰিচালক উন্মীলন বৰুৱা আৰু প্ৰিয়াংকু হাজৰিকা। চাওঁচোন আহক তেওঁলোকে কি ক’লেঃ

"এতিয়া ব্যৱহাৰিক ক্ষেত্ৰত 'শিল্পী' ৰ অৰ্থ বহুতে বেলেগকৈ উপস্থাপন কৰে"-উন্মীলন বৰুৱা, প্ৰিয়াংকু হাজৰিকা 2

প্ৰশ্নঃ সংগীত ক্ষেত্ৰখনত আপোনালোকৰ আৰম্ভণিৰ বিষয়ে জানিব বিচাৰিম।

উন্মীলন বৰুৱা: চমুকৈ, Ellana অৰ্থাৎ “Electronic Language of Nature” ৰ আৰম্ভণি হৈছিল ২০১৭ চনত , যেতিয়া এই ৰেকৰ্ড লেবেলৰ ঔৰষত আমাৰ প্ৰথমটো গান ‘প্ৰতিবিম্ব’ ই মুক্তি লাভ কৰিছিল। Ellana মোৰ আৰু বন্ধু প্ৰিয়াংকুৰ এক উমৈহতীয়া প্ৰচেষ্টা আছিল; প্ৰথমতে লিখি ভাল পোৱা ল’ৰা প্ৰিয়াংকু আৰু মোৰ অনুভৱৰ বাকচটোত গান নামৰ একো সামগ্ৰীৰ সৃষ্টি হোৱা নাছিল। কিন্তু পিছলৈ, এখন গীতাৰ আৰু এখন কী ব’ৰ্ডৰ সৌজন্যত অ’ত-ত’ত সিঁচৰিত শব্দবোৰে সাংগীতিক আকাৰ ল’বলৈ আৰম্ভ কৰিলে আৰু তেনেদৰেই লাহে লাহে Music Production ৰ কাম আৰম্ভ হ’ল। আৰু, এনেকৈয়ে দুয়ো এই সুন্দৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ পৰিলো।

"এতিয়া ব্যৱহাৰিক ক্ষেত্ৰত 'শিল্পী' ৰ অৰ্থ বহুতে বেলেগকৈ উপস্থাপন কৰে"-উন্মীলন বৰুৱা, প্ৰিয়াংকু হাজৰিকা 3

প্ৰশ্নঃ এটি গীতৰ সফলতা/বিফলতা বুলি ক’লে আপুনি কি বুজে?

প্ৰিয়াংকু হাজৰিকা: এইটো একেসময়তে এটা অতি সহজ আৰু এটা অতি জটিল প্ৰশ্ন। এটি গীতৰ সফলতাৰ দুটা দিশ আছে, শ্ৰোতাৰ গ্ৰহণযোগ্যতা আৰু গানটোৰ সৃষ্টিৰ মানদণ্ড; বহুত সময়ত এই দুইটা একেলগে উপলব্ধ হোৱা দেখা নাযায়। ইফালে, গানৰ মানদণ্ডৰ ওপৰত তথাকথিত ‘General Consensus’ বুলি একো নাই। বিভিন্নজন ব্যক্তিয়ে গানটোক বেলেগ বেলেগ দৃষ্টিৰে আলোকপাত কৰে। তথাপিও থোৰতে ক’বলৈ হ’লে এয়াই কম যে সফল গান এটা সংগীত সমালোচকৰ পৰা প্ৰশংসিত হোৱাৰ সমান্তৰালকৈ গীতটিক শ্ৰোতাইও আদৰি লয়।

"এতিয়া ব্যৱহাৰিক ক্ষেত্ৰত 'শিল্পী' ৰ অৰ্থ বহুতে বেলেগকৈ উপস্থাপন কৰে"-উন্মীলন বৰুৱা, প্ৰিয়াংকু হাজৰিকা 4

প্ৰশ্নঃ এগৰাকী “শিল্পী” ৰ সংজ্ঞা আপোনাৰ মতে কি?

উন্মীলন বৰুৱা: সৰুতে স্কুলত শিকিছিলোঁ ‘যিকোনো দৃশ্যমান বা অদৃশ্য ভাৱৰ এক কলা/শিল্পক সৃষ্টি কৰোঁতা বা চৰ্চা কৰোঁতা জনক শিল্পী বোলে। এতিয়া ব্যৱহাৰিক ক্ষেত্ৰত ‘শিল্পী’ ৰ অৰ্থ বহুতে বেলেগকৈ উপস্থাপন কৰে; নিজৰ ক্ষেত্ৰখনত সফল হিচাপে স্বীকৃত নোহোৱালৈকে কোনো এজনক শিল্পী বুলি ক’বলৈ কুণ্ঠাবোধ কৰা যেন লাগে (আকৌ সফল/সফলতাক লৈ ওপৰৰ প্ৰশ্নত উল্লেখ কৰা দৰে ‘Ambiguity’ খিনি আছেই)। নতুনকৈ খোজ পেলোৱা কমবয়সীয়া সংগীত চৰ্চা কৰা জনক “শিল্পী” বুলি কোৱা নহয়। বহুতে আকৌ “শিল্পী” ৰ সংজ্ঞাত ব্যক্তিজনৰ শিল্প প্ৰতিভাৰ লগতে তেখেতৰ ব্যক্তিত্বৰ বহুবোৰ দিশ, সমাজত তেওঁৰ গ্ৰহণযোগ্যতা, সমাজলৈ বিভিন্ন দিশত অৱদান ইত্যাদি যোগ কৰি দিয়ে।

একেবাৰে শেষৰটো শিল্পীৰ সংজ্ঞা হিচাপে অলপ গ্ৰহণযোগ্য যেন লাগিলেও সঠিককৈ ক’বলৈ টান যে সমাজে কাক শিল্পী হিচাপে স্বীকৃত কৰিব! আকৌ, সমাজৰ প্ৰসংগ আনিলে তাত কোনখন সমাজ অন্তৰ্ভূক্ত কৰা হ’ব সেয়াও এক প্ৰশ্ন হৈ পৰে! সমাজ মানে শিল্প সমাজ নে শ্ৰোতা সমাজ নে সংবাদ মাধ্যম নে সকলোবোৰ সাঙুৰি!!

"এতিয়া ব্যৱহাৰিক ক্ষেত্ৰত 'শিল্পী' ৰ অৰ্থ বহুতে বেলেগকৈ উপস্থাপন কৰে"-উন্মীলন বৰুৱা, প্ৰিয়াংকু হাজৰিকা 5

প্ৰশ্নঃ আপোনাৰ আহিবলগীয়া সময়ৰ প্ৰকল্পৰ বিষয়ে জানিব বিচাৰিম।

প্ৰিয়াংকু হাজৰিকাঃ আহিবলগীয়া প্ৰকল্প বুলি ক’বলৈ গ’লে ভাস্কৰ অপ্সৱেলৰ লগত “প্রিয় নাৰী” শীৰ্ষক এটি নতুন গীত আহি আছে অতি সোনকালে। অসমৰ কেইবাজনো উদীয়মান কণ্ঠশিল্পীৰ লগত আৰু কেইবাটাও প্ৰকল্প কৰি থকা হৈছে; অনাগত দিনত ভালকৈ জনোৱা হ’ব সকলোকে।

"এতিয়া ব্যৱহাৰিক ক্ষেত্ৰত 'শিল্পী' ৰ অৰ্থ বহুতে বেলেগকৈ উপস্থাপন কৰে"-উন্মীলন বৰুৱা, প্ৰিয়াংকু হাজৰিকা 6

ৰূপালীপৰ্দাঃ ধন্যবাদ উন্মীলন আৰু প্ৰিয়াংকু; আপোনালোকৰ তৰফৰ পৰা আহিবলগীয়া প্ৰতিটো প্ৰকল্পৰ সফলতা কামনা কৰিছোঁ।

উন্মীলন বৰুৱা, প্ৰিয়াংকু হাজৰিকাঃ ধন্যবাদ ৰূপালীপৰ্দা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform