Rupaliparda.com

“নেপটিজিম” ৰ আগ্ৰাসনত কিং শ্বাহৰুখ খানঃ

” The Lion King” ৰ হিন্দী সংস্কৰণক লৈ এতিয়া বিতৰ্ক চলিছে বলীউড অথবা সাধাৰণ জনৰ মহলত। চুপাৰষ্টাৰৰ সন্তানে বলীউড জগতত পূৰ্বৰে পৰা প্ৰাধান্য লাভ কৰা দেখা যায়। কেতিয়াবা তাৰেই ভিতৰত কোনোবাজন সফল হয়; আন কোনোবাজন অসফল। কিন্তু এইবাৰ “নেপটিজিম” আগ্ৰাসনত সোমাই পৰিছে বলীউডৰ কিং শ্বাহৰুখ খান। “The Lion King” দুটা মূখ্য চৰিত্ৰ; মুফাছা” আৰু “চিম্বা” ৰ চৰিত্ৰত কণ্ঠদান কৰে কিং খান আৰু তেওঁৰ জ্যেষ্ঠ পুত্ৰ আৰয়ান খানে। পিতা-পুত্ৰৰ এই ছবিখনত “ৰিয়েল” পিতা-পুত্ৰই কণ্ঠদান কৰাক লৈ টুইট যোগে নিজ উৎসাহ প্ৰকাশ কৰে কিং খানে। তাৰ পিছতেই “কিং খান” ক উদ্দেশ্যি কৰা টুইটত বহুতেই “কিং অৱ নেপটিজিম” ৰ উদাহৰণ দিবলৈ আৰম্ভ কৰে।

"নেপটিজিম" ৰ আগ্ৰাসনত কিং শ্বাহৰুখ খানঃ 1
"নেপটিজিম" ৰ আগ্ৰাসনত কিং শ্বাহৰুখ খানঃ 3


ডিজনি ইণ্ডিয়াই পূৰ্বতে ইংৰাজী ভাষাত নিৰ্মিত কৰা “The Lion King” ইতিমধ্যে বহুতৰে মন-মগজুত সোমাই পৰিছে । তথাপিও উক্ত চিনেমাখনক হিন্দী সংস্কৰণত নিৰ্মিত কৰি আগতকৈ অধিক দৰ্শকক আজুৰি অনাৰ প্ৰয়াস কৰিছে এতিয়া ডিজনি ইণ্ডিয়াই। উল্লেখ্য যে, চিনেমাখন আন দুটা ভাষা ক্ৰমে তামিল আৰু তেলেগুটো মুক্তি দিয়া হ’ব। চলিত বৰ্ষৰ ১৯ জুলাই তাৰিখে মুক্তি পাবলগীয়া চিনেমাখনৰ পৰিচালনা কৰিছে “আইৰণ-মেন” লগতে “দা জংগল বুক” ৰ পৰিচালক জন্ ফেবৰিউয়ে। “The Lion King” ত “ৰিয়েল” পিতা-পুত্ৰৰ যুঁটিক শুনিবলৈ এতিয়া অপেক্ষাৰত দৰ্শক।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.