Rupaliparda.com
Atlas Creation ৰ নতুন গীত; অংগৰাগ পাপন মহন্তৰ গীতত প্ৰথমবাৰ অৰুণ নাথঃ 1

Atlas Creation ৰ নতুন গীত; অংগৰাগ পাপন মহন্তৰ গীতত প্ৰথমবাৰ অৰুণ নাথঃ

কিমাননো আৰু বেয়া খবৰবোৰকেই লৈ আমি আগবাঢ়িম! কিমাননো হতাশাৰ মাজেৰে দিন পাৰ কৰিম! এনেবোৰ বহু প্ৰশ্ন আমাৰ মনৰ মাজত দোলা দিয়ে; নহয়নে? কেতিয়াবা কিছুমান বস্তুৱে বহু হতাশাৰ মাজতো আমাক প্ৰশান্তি দিয়ে! অৱশ্যে, তেনেবোৰ বস্তুৰেই প্ৰয়োজন হৈছে আজি আমাক এই দিনেকেইটাত; কেওঁদিশে হোৱা সন্ত্ৰাসগ্ৰস্ততাৰ মাজত অহা একাংশ ভাল খবৰে অৱশ্যে ক’ৰবাত হ’লেও আমাক উৎসাহিত কৰি ৰাখিছে। এনে পৰিপ্ৰেক্ষিততে, সাধাৰণজনক হতাশাৰ মাজৰ পৰা বাহিৰ উলিয়াই আনিবলৈ অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰো একাংশ শিল্পী, কলা-কুশলীয়ে প্ৰচেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে। এনে শিল্পীৰ মাজৰ এগৰাকীৰ নাম হৈছে অংগৰাগ পাপন মহন্ত; তেওঁ শেহতীয়াকৈ তেওঁলোকৰ বেচৰকাৰী সংস্থা আৰ্থফুল ফাউণ্ডেচনৰ তৰফৰ পৰা গাওঁসমূহলৈ গৈ গাওঁবাসীক চেনিটাইজাৰ আৰু মাস্কৰ যোগান ধৰাৰ লগতে ক’ভিড মহামাৰীটোক লৈ কেনেদৰে সজাগ আৰু সচেতনতা অৱলম্বন কৰিব পৰা যায় সেই বিষয়ে অৱগত কৰে। লগতে, তেওঁলোকে ক’ভিড পজিটিভ সকলক প্ৰদান কৰিছে “ক’ভিড কিট”। বৰ্তমানলৈ এই ফাউণ্ডেচনৰ তৰফৰ পৰা প্ৰায় ৩২৪ খন গাওঁত ক’ভিড আক্ৰান্তসকলৰ সহায় হ’ব পৰা বস্তু সম্বলিত “ক’ভিড কিট” প্ৰদান কৰে। কিন্তু এনে সমাজৰ সহায়-সহযোগিতাৰ সমান্তৰালকৈ অংগৰাগে নিজ অনুৰাগীলৈ আগবঢ়াবলৈ সাজু হৈছে আন এক প্ৰকল্পও। Atlas Creation ৰ বেনাৰত নিৰ্মিত প্ৰকল্পটোৰ ইতিমধ্যে মুক্তি লাভ কৰিছে ফাৰ্ষ্ট লুক পোষ্টাৰ; প্ৰকল্পটোৰ নাম হৈছে “হাতে হাত ধৰি”।

Atlas Creation ৰ নতুন গীত; অংগৰাগ পাপন মহন্তৰ গীতত প্ৰথমবাৰ অৰুণ নাথঃ 2


সন্ত্ৰাসময় পৰিস্থিতিৰ মাজতেই অকণমান সাধাৰণ ৰাইজক সকাহ দিয়াৰ আশাৰে উক্ত প্ৰডাকচন হাউচটোৱে এই প্ৰচেষ্টা হাতত লৈছে। Atlas Creation ৰ তৰফৰ পৰা ইতিমধ্যে কেইবাটাও গ্ৰহণযোগ্য গীতে মুক্তি লাভ কৰিছে; “ভবাই নাছিলো” ৰ লগতে “কোন হ’ব” ইত্যাদি গীত সমূহে সংগীত ক্ষেত্ৰখনত বৰ্তমানেও খলকনি লগাবলৈ সক্ষম হৈছে। গতিকে, তেওঁলোক আকৌ এবাৰ আন এটা গীতৰ বাবে সাজু হোৱা খবৰটোৱেই উৎকন্ঠিত কৰিছে প্ৰত্যেককে। এইখিনিতে, আপোনালোকক দিওঁ আন এক খবৰো; অসমীয়া অভিনয় ক্ষেত্ৰখনৰ সফল তথা জনপ্ৰিয় অভিনেতা অৰুণ নাথক পোনপ্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা যাব এটা মিউজিক ভিডিঅ’ত। আনহাতে, গীতটিৰ প্ৰযোজনা হৃষিকেশ পাটগিৰীৰ; গীতটিৰ বিষয়বস্তু তথা সুৰ আৰু সংগীতৰ দায়িত্বত আছে সপোন শইকীয়া। গীতটিত কথা মুকুন্দ শইকীয়াৰ লগতে ইয়াত শব্দ-সংমিশ্ৰণ কৰিছে পংকজ বৰাই; গীতটিৰ ভিডিঅ’ত অৰুণ নাথৰ সৈতে অভিনয় কৰিছে আদ্ৰে হাতীবৰুৱাৰ আৰু জেবাই (কুকুৰ)। গীতটিৰ ভিডিঅ’ৰ কাহিনী তথা পৰিচালনা আৰু সম্পাদনা বেদান্তৰ। দৃশ্যগ্ৰহণ কৰিছে চন্দ্ৰ কুমাৰ দাসে; আনহাতে, ডি আই কালাৰ কৰিছে ধনজিৎ দাসে। ৰূপসজ্জা দীপশিখা কলিতাৰ লগতে সাজসজ্জা অজাবিথি মহন্তৰ; কলা নিৰ্দেশনা বেদান্ত বড়োৰ।

Atlas Creation ৰ নতুন গীত; অংগৰাগ পাপন মহন্তৰ গীতত প্ৰথমবাৰ অৰুণ নাথঃ 3


উক্ত গীতটিক ৰাইজৰ মাজলৈ উলিয়াই দিয়া হ’ব আগন্তুক ১২ জুন তাৰিখে। প্ৰকল্পটোৰ সৈতে প্ৰত্যেকজন শিল্পী, কলা-কুশলীকে জনাইছো ৰূপালীপৰ্দাৰ তৰফৰ পৰা শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform