বৃত্তৰ বাহিৰত ‘ ! — হয় . শিতানটোৰ নাম ‘ বৃত্তৰ বাহিৰত ‘ আছিল । পবিত্ৰ কুমাৰ ডেকা সম্পাদিত ‘ ৰূপকাৰ ‘ত লিখিছিল ডঃলক্ষ্মীনন্দন বৰাই । এটা সংখ্যাত লিখিছিল ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰসঙ্গত । সেই সময়ত কাকত – আলোচনীত ‘ ভ্ৰাম্যমাণ থিয়েটাৰ ‘ক গুৰুত্ব নিদিছিল । তৃতীয় শ্ৰেনীৰ লেখকৰ কাম বুলি কোৱা হৈছিল । আনকি ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্যকাৰকো তৃতীয় শ্ৰেনীত স্থান দিছিল । — ইয়াৰ বিপৰীতে লিখিছিল কথাশিল্পী গৰাকীয়ে । সম্ভৱতঃ ১৯৮৬ – ৮৭ চন । সেই সময়ৰ জনপ্ৰিয় নাট্যকাৰ ভবেন বৰুৱাৰ প্ৰসঙ্গত একে নামৰ লেখক এগৰাকীয়ে লিখিছিল — কোন ভবেন বৰুৱা ? অসমত ভবেন বৰুৱা এজনেই আছে , যি জনে ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক নিলিখে ।– এই কথাৰ প্ৰতিবাদ কৰি ‘ বৃত্তৰ বাহিৰত ‘ লিখিছিল ডঃলক্ষ্মীনন্দন বৰাই । — সেই লেখাৰ সমৰ্থনত আমি চিঠি এখন এখন লিখিছিলো , ‘ ৰূপকাৰ ‘ৰ ঠিকনাত পঠিয়াইছিলো । ব্যক্তিগত চিঠি । এমাহ পিছত ‘ উত্তৰ ‘ পাইছিলো , ডঃলক্ষ্মীনন্দন বৰাৰ হাতৰ আখৰ পাইছিলো । ( সেই ‘ হাতৰ আখৰ ‘ সজতনে ৰাখিছো । ) — তেনেদৰেই কথাশিল্পী গৰাকীৰ সৈতে আমাৰ প্ৰথম সম্পৰ্ক ।
১৯৮৭-৮৮ চন,দ্বাদশ নাট্যবৰ্ষত কহিনুৰ থিয়েটাৰত মঞ্চস্থ হৈছিল ডঃলক্ষ্মীনন্দন বৰাৰ উপন্যাস ‘পাতাল ভৈৰৱী’ ৰ নাট্যৰূপ । নাট্যকাৰ অতুল বৰদলৈয়ে দিয়া নাট্যৰূপ। অভিনয় কৰিছিল ভৱেশ বৰুৱা, সুৰেন মহন্ত,বিনু কলিতা আদিয়ে। — নাটক খনৰ বিষয়ে লিখিছিলো পদ্ম বৰকটকীৰ সম্পাদনাত প্ৰকাশ পোৱা ‘ ইস্তাহাৰ ‘ত । ‘ পেপাৰ কাটিং ‘ প্ৰেৰণ কৰিছিলো , সেই একে ঠিকনাত — মাৰফৎ ‘ ৰূপকাৰ ‘ । আকৌ একেই ‘ হাতৰ আখৰ ‘ আশা কৰিছিলো ! পোৱা নাছিলো । ভাবিছিলো — পঢ়া নাই ! — কিয় পঢ়িব ! কিন্তু পঢ়িছিল । — কেনেকৈ জানিলো ? — যেতিয়া প্ৰথম বাৰ কথাশিল্পী গৰাকীক লগ পাইছিলো । তেতিয়া আমি ‘ মেঘদূত মিডিয়া ‘ ত। দিগন্ত ওজাৰ নেতৃত্বত । ঘৰুৱা সংবাদ প্ৰতিষ্ঠানটোৰে সাংবিদিকতা আগবঢ়াইছিলো । উপদেষ্টা ডঃলক্ষ্মীনন্দন বৰা । ‘ ই … ‘ বুলি দিগন্ত ওজাই চিনাকী পৰ্ব আৰম্ভ কৰিছিলহে ! ডঃলক্ষ্মীনন্দন বৰাই কৈছিল , মোৰ নামটো কোৱা মাত্ৰকে — ‘ জানো , পদ্ম বৰকটকীৰ কাকতত মোৰ নাটকৰ বিষয়ে লিখিছিল ।… ‘ — ডঃলক্ষ্মীনন্দন বৰাৰ নাটক ! — নাট্যৰূপহে ! কথা সেইটোৱে , মই ‘ লক্ষ্মীনন্দন বৰাৰ নাটক ‘ বুলি লিখিছিলো । মোৰ ব্যাখ্যাই কথাশিল্পীক সন্তুষ্ট কৰিছিল , মোৰ ধাৰণাত । ( নাটক খনৰ ৯৫% সংলাপেই উপন্যাস খনৰ । গতিকে ডঃলক্ষ্মীনন্দন বৰাৰ নাটক বুলি নিশ্চয় কব পাৰো ! … মই লিখিছিলো । )
লগ পোৱাৰ দুদিন পিছত (১৯৯৩-৯৪ ) ডঃলক্ষ্মীনন্দন বৰাৰ সৈতে কথা পাতিছিলো ৬০ – ৬৫ মিনিত । বিষয় : নাটক আৰু চিনেমা । ” নাটক – চিনেমা” হ’ল বিনোদন কলা । কলাৰ বাবে চৰ্চা কৰা কলা নহয় । দৰ্শকৰ বাবে কৰা কলাচৰ্চা । ভ্ৰম্যমাণ থিয়েটাৰৰ অস্থায়ী প্ৰেক্ষাগৃহত প্ৰতিদিনে শ শ দৰ্শকে নাটক উপভোগ কৰে । মন কৰিবা , এক বিশেষ শ্ৰেণীৰ দৰ্শক নাথাকে । ভিন্ন শ্ৰেণীৰ , ভিন্ন দৰ্শক থাকে । সকলোকে সন্তুষ্ট কৰে । মই এদিন ৰতন লহকৰক সুধিছিলো — কেনেকৈ সম্ভৱ ? হাঁহিৰে উত্তৰটো সামৰি থলে ।
মোৰ মনলৈ প্ৰায়ে আহে — উপন্যাস ‘ পাতাল ভৈৰৱী ‘ সকলো শ্ৰেণীৰ পাঠকে পঢ়িছে বুলে মই নাভাবো , নাটক খন কিন্তু সকলো শ্ৰেণীৰ দৰ্শকে চাইছে । চোৱাৰ কাৰণ বা নচোৱাৰ কাৰণ একমাত্ৰ ‘ মাধ্যম ‘ বুলি নাভাবো । মই ইমান খিনিয়ে বুজিছো — ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক লিখা , ৩ মাহৰো কম সময়ত ৪ খন নাটক সাজু কৰা কামটো সহজ নহয় ! ভ্ৰাম্যমাণ থিয়েটাৰৰ যি অনুশাসন , কামৰ যি গতি সেয়া সমাজৰ প্ৰতিটো স্তৰতে হব লাগে । অসম বহুদূৰ আগবাঢ়িব ! ‘ পদুম বৰুৱাই ‘ গঙা চিলনীৰ পাখি ‘ৰে অসমীয়া চিনেমাক নতুন গতি দিছিল । জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘ জয়মতী ‘ৰ শৈলীক আগবঢ়াই নিছিল । — ১৯৬৩ চনত প্ৰকাশ পাইছিল ডঃলক্ষ্মীনন্দন বৰাৰ উপন্যাস ‘ গঙা চিলনীৰ পাখি ‘ । ১৯৭৬ চনত চিত্ৰগৃহলৈ আহিছিল পদুম বৰুৱাৰ অসমীয়া চিনেমা’ গঙা চিলনীৰ পাখি ‘ । ” মোৰ উপন্যাসৰ চিনেমা । চিনেমা খন কিন্তু মোৰ হৈ থকা নাই । সম্পূৰ্ণৰূপে পদুম বৰুৱাৰ ‘ গঙা চিলনীৰ পাখি ‘ চিনেমা খন । কেৱল ঔপন্যাসিকৰ চিন্তাৰে চিনেমা খন ৰচনা হোৱা নাছিল । ‘ (অসমাপ্ত )
Add comment