Rupaliparda.com
"বিশ্ব পৰিৱেশ দিৱস" বিশেষ; আচুৰ্য্য বৰপাত্ৰৰ "তোৰহে জিৰণি নাই" ৰ এটা বৰ্ষঃ 1

“বিশ্ব পৰিৱেশ দিৱস” বিশেষ; আচুৰ্য্য বৰপাত্ৰৰ “তোৰহে জিৰণি নাই” ৰ এটা বৰ্ষঃ

আজি ৫ জুন অৰ্থাৎ “বিশ্ব পৰিৱেশ দিৱস”; সূস্থ পৰিৱেশ এটাৰ বাবে দায়বদ্ধ হৈ প্ৰতিজন সচেতন নাগৰিকে পালন কৰে বিশ্ব পৰিৱেশ দিৱস। এই লেখাটোৰ মাজতেই মই আপোনালোকৰ মাজত ব্যক্ত কৰিবলৈ বিচাৰিছো মোৰ এক ব্যক্তিগত কথা; সেয়া ২০০২-০৩ বৰ্ষৰ ঘটনা। মই পঢ়ি থকা স্কুলত বিশ্ব পৰিৱেশ দিৱসত আমাক প্ৰত্যেকবাৰেই ঘৰৰ পৰা একোটা গছপুলি লৈ যাবলৈ নিৰ্দ্দেশ দিয়া হৈছিল আৰু সেই গছপুলি ডাল ৫ জুন তাৰিখে নিজাববীয়াকৈ ৰুই দিয়াৰ লগতে স্কুলত পঢ়ি থকা পৰ্যন্ত সেই গছপুলিডালৰ চোৱা-চিতাৰ দায়িত্ব প্ৰত্যেকৰে নিজৰ নিজৰ আছিল। সেই সময়ছোৱাৰ পৰা আৰম্ভ কৰি আজিপৰ্যন্ত এই দিনটোক লৈ মই উৎসাহিত হৈ থাকো। আপোনালোকৰ লগতো এনে কিবা ঘটনা ঘটিছিল নেকি? যদিহে হৈছিল তেতিয়াহ’লে লেখাটোৰ মাজতেই কমেন্টত আপুনি আমাক জনাওঁকচোন। আকৌ এবাৰ আহো, এটি গীতৰ মাজলৈ। এই দিৱসটোক উদ্দেশ্যি বিগত বৰ্ষত মুক্তি লাভ কৰিছিল এটি সুন্দৰ গীত “তোৰহে জিৰণি নাই”। জনপ্ৰিয় কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত এই গীতটিয়ে লাভ কৰিছিল বহুল সমাদৰ। আমি প্ৰত্যেকজন জনসাধাৰণে কোনো নহয় কোনো এটা মূহুূৰ্তত জিৰণি লওঁ; সেইবাবেই হয়টো ৬০ টা বছৰৰ পিছত একোজন ব্যক্তিক নিজ কৰ্মৰ পৰা অৱসৰ দিয়াই তেওঁক জিৰণি দিয়া হয়। কিন্তু, এই জিৰণি ল’বলৈ আহৰি পোৱা নাছিল প্ৰকৃতিৰ অন্যতম সৃষ্টি গছ-গছনিয়ে। অহৰহ তেওঁলোকৰ কৰ্মই কাৰোবাৰ মনলৈ প্ৰশান্তি অনাৰ উপৰিও ভাগৰুৱা জনক আৰাম দিছে এওঁলোকে। বিশ্ব পৰিৱেশ দিৱসক উদ্দেশ্যি মুক্তি লাভ কৰা কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰৰ গীত “তোৰহে জিৰণি নাই” গীতটিৰ ভিডিঅ’ মনোগ্ৰাহী হোৱাৰ উপৰিও ইয়াত পৰিৱেশ কৰ্মী যাদৱ পায়েঙকো দেখিবলৈ পোৱা গৈছিল।


যিগৰাকী ব্যক্তিক নতুন দিল্লীৰ জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়ে “ভাৰতৰ অৰণ্য মানৱ” উপাধি দিয়ে আৰু ২০১৫ চনত তেওঁক প্ৰদান কৰা হয় পদ্মশ্ৰী বঁটা। আনহাতে, গীতটিৰ ভিডিঅ’টোত আন এগৰাকী পৰিৱেশ কৰ্মী মনোজ গগৈকো দেখিবলৈ পোৱা গৈছিপ। সদ্যমুক্তিপ্ৰাপ্ত উক্ত আচুৰ্য্যৰ গীতটিত কথা পাপলু চেতিয়াৰ আৰু সংগীত অৰূপজ্যোতি বৰুৱাৰ। সংগীত পৰিচালকৰ দায়িত্বত আছিল অৰ্ণৱ বশিষ্ঠ লগতে ইয়াত শব্দ সংমিশ্ৰণ দিগন্ত বৰদলৈৰ। গীতটিৰ ভিডিঅ’ পৰিচালনা আৰু সম্পাদনা সুব্ৰত কাকতিৰ আৰু দৃশ্যগ্ৰহণ উত্তম কলিতাৰ। গীতটি মুক্তি লাভ কৰা পিছতেই দৰ্শকে ইয়াক সঁহাৰি জনোৱাৰ লগতে গীতটিক ভাইৰেলো কৰি তুলিছিল চচিয়েল মিডিয়াত। আনহাতে, গীতটিয়ে এটা বৰ্ষ অতিক্ৰম কৰিলেও বৰ্তমানলৈ গীতটিক লৈ চৰ্চা চলিছে সৰ্বত্ৰে। উল্লেখ্য যে, বিগত “ফাগুন” মাহটোকেই উদযাপন কৰাৰ প্ৰয়াস কৰিছিল আচুৰ্য্য বৰপাত্ৰই। #letscelebratefagun শীৰ্ষক হেছটেগৰ জৰিয়তে চচিয়েল মিডিয়াতো কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰই চলাইছিল প্ৰচাৰ। “দূৰণিবটীয়া চিঠি”, “ৰ’দে অঁকা বাটে” লগতে “আকৌ মৰম আহিবনে” ইত্যাদি গীতসমূহেৰে ফাগুনক উদযাপনৰ চেষ্টা কৰিছিল কন্ঠশিল্পী গৰাকীয়ে।

"বিশ্ব পৰিৱেশ দিৱস" বিশেষ; আচুৰ্য্য বৰপাত্ৰৰ "তোৰহে জিৰণি নাই" ৰ এটা বৰ্ষঃ 2


আজি বিশ্ব পৰিৱেশ দিৱসৰ বাবে আপোনালোকে কোনে কেনেদৰে কি পন্থা হাতত লৈছে; জনাওঁক আমাক। ইয়াৰ সমান্তৰালকৈ, আচুৰ্য্য বৰপাত্ৰৰ আহিবলগীয়া প্ৰকল্প সমূহক লৈ ৰূপালীপৰ্দাৰ জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform