Rupaliparda.com
৩৬ ঘণ্টাত অনুপম খেৰৰ কিয় কমিল ৮০ হাজাৰ অনুৰাগী?- 1

৩৬ ঘণ্টাত অনুপম খেৰৰ কিয় কমিল ৮০ হাজাৰ অনুৰাগী?-

অনুপম খেৰে শেহতীয়াকৈ জনায় যে বিগত ৩৬ ঘণ্টাত তেওঁৰ টুইটাৰৰ পৰা ৮০ হাজাৰ টাকৈ অনুৰাগী কমি গৈছে। ইয়াৰ পিছতে তেওঁ টুইটাৰৰ ওচৰত এই বিষয়টোৰ ওপৰত ধ্যান দিবলৈ কয়। অনুপম খেৰ এনে এগৰাকী অভিনেতা যিয়ে সামাজিক মাধ্যম সমূহত বহুল হাৰত সক্ৰিয় হৈ থাকে। তেওঁ প্ৰায়ে নিজ প্ৰশংসক অথবা নিজ অনুৰাগীৰ সৈতে কথা পাতে লগতে নিজৰ ফটোসমূহ শ্বেয়াৰ কৰে; আনহাতে, অনুপম খেৰে সমাজৰ ভিন্নটা গুৰুত্বপূৰ্ণ বিষয়টো নিজ মতামত ব্যক্ত কৰা দেখিবলৈ পোৱা যায়। অনুপম খেৰে নিজৰ অনুৰাগী কমি যোৱা বাবে শেহতীয়াকৈ এক টুইটৰ দ্বাৰা তেওঁ কয় যে, “মৰমৰ টুইটাৰ আৰু টুইটাৰ ইণ্ডিয়া; বিগত ৩৬ ঘণ্টাত ৮০ হাজাৰ অনুৰাগী মোৰ কমি গৈছে। এয়া আপোনালোকৰ এপৰ কোনো বিজুতি নে অইন কিবা?” ইয়াৰ পূৰ্বে, অমিতাভ বচ্চনেও নিজ অনুৰাগী টুইটাৰৰ দ্বাৰা হেৰুৱাইছিল আৰু তাৰ পিছত তেওঁ টুইটাৰ বৰ্জন কৰাৰ কথাও ব্যক্ত কৰিছিল। শেহতীয়াকৈ, অনুপম খেৰে বলীউড ছবি জগতত সম্পূৰ্ণ কৰিলে মুঠ ৩৭ টা বৰ্ষ। তেওঁৰ প্ৰথমখন ছবি “সাৰাংশ” য়ে মুক্তি লাভ কৰিছিল ৩৭ বছৰ পূৰ্বে বিগত মে’ ৰ ২৫ তাৰিখে। ৩৭ বছৰ সম্পূৰ্ণ কৰাৰ বাবে আৱেগিক হৈ পৰিছে অভিনেতা অনুপম খেৰ আৰু চচিয়েল মিডিয়া যোগে শ্বেয়াৰ কৰিলে ভিডিঅ’।


মহেশ ভাটৰ নিৰ্দেশনাত নিৰ্মিত এই “সাৰাংশ” ছবিখনত ২৮ বছৰ বয়সতেই অনুপম খেৰে এগৰাকী বৃদ্ধ ব্যক্তিৰ চৰিত্ৰ ৰূপায়ন কৰিছিল।ছবিখনত মহেশ ভাটে অনুপম খেৰৰ সলনি ল’বলৈ বিচাৰিছিল সঞ্জীৱ কুমাৰক; এই কথাটো গম পোৱাত অনুপম খেৰে মহেশ ভাটক বিভিন্ন কথা শুনায় আৰু পিছলৈ নিজৰ ভুল বুজিব পাৰি ছবিখনত অনুপম খেৰকেই মহেশ ভাটে গ্ৰহণ কৰে। “কা”, “এন আৰ চি” আদি ভিন্ন কথাত প্ৰায়ে মূৰ দাঙি থিয় দিয়া অনুপম খেৰৰ অনুৰাগীৰ সংখ্যাৰ সমান্তৰালকৈ তেওঁক বেয়াকৈ মন্তব্য কৰা ব্যক্তিও নথকা নহয়। অৱশ্যে, এই সকল ব্যক্তিক সময়ে-সময়ে অনুপম খেৰে প্ৰতিউত্তৰ দিয়াও দেখা যায়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform