Rupaliparda.com
সাহিত্যৰ সোৱাদেৰে "অশান্ত ইলেকট্ৰন" 1

সাহিত্যৰ সোৱাদেৰে “অশান্ত ইলেকট্ৰন”

অতীজৰে পৰা সাহিত্য আৰু চিনেমাৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। সাহিত্যই সদায় চিনেমাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। এনে এক সুগম সংগমৰ প্ৰমাণস্বৰূপে আহি আছে “অশান্ত ইলেকট্ৰন”। অসমীয়া কাণ্ডাৰী সৌৰভ কুমাৰ চলিহাৰ একে নামৰ গল্পকেই চিনেমা আকাৰত নিৰ্মিত কৰিছে পৰিচালক ননিয়ে। চিনেমাখনৰ জৰিয়তে দৰ্শকে নতুন সোৱাদ লাভ কৰাৰ লগতে উপভোগ কৰিব বছৰৰ সকলোকেইটা ঋতুৰ পৰিৱেশ। দৃশ্যগ্ৰহণৰ কাম চলি থকা উক্ত পূৰ্ণদৈৰ্ঘ্যৰ ছবিখনৰ প্ৰযোজনা ছৈয়দ তাছকী হুছেইনৰ। গুৱাহাটীৰ লগতে শ্বিলং, যোৰহাট আৰু ডিমাপুৰত শ্বুটিং চলি থকা চিনেমাখনত সংগীত পাপু গোঁহাইৰ লগতে সম্পাদনা কৰিছে স্নিগ্ধা পি ৰয়ে। “অশান্ত ইলেকট্ৰন” ত ভিজুৱেল এফেক্টৰ পৰিকল্পনা সমুদ্ৰ কাজল শইকীয়াৰ।


চিনেমাখনত অভিনয় কৰিছে নয়ন বৰা, প্ৰাঞ্জল বৰ্মন, মাইনু গগৈ, অনিল শৰ্মা, কিৰণ শংকৰ, নন্দিতা বৰুৱা, ডাঃ জয়ন্ত দাস আৰু ৰত্ন দাসে। ইয়াৰ উপৰিও চিনেমাখনত থকা শিশু চৰিত্ৰত অভিনয় কৰিছে কুঁহি,জয়শ্ৰী আৰু ৰিয়ানে। চিনেমাখনৰ মুক্তিৰ দিন বৰ্তমানলৈও ঠিক কৰা নাই যদিও চলিত বৰ্ষৰ শেষৰ ফালে চিনেমাখন ছবিগৃহত দেখা পাব দৰ্শকে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.