Rupaliparda.com
"ফিট ও হেণ্ডচাম" ঋত্বিকৰ ৪৬ সংখ্যক জন্মদিনঃ 1

“ফিট ও হেণ্ডচাম” ঋত্বিকৰ ৪৬ সংখ্যক জন্মদিনঃ

“গ্ৰীক গঁড” খ্যাত ঋত্বিক ৰোশনে আজি তেওঁৰ ৪৬ সংখ্যক জন্মদিন উদযাপন কৰিছে। “কাহো না প্যাৰ হে” ছবিখনৰ দ্বাৰা বলীউডত নিজৰ কেৰিয়াৰ আৰম্ভ কৰা এই গৰাকী অভিনেতাই অভিনয়ৰ দ্বাৰাই এক অইন নতুন চিনাকী পাবলৈ সক্ষম হৈছে। ফিট ব’ডিৰ বাবেও ঋত্বিক আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত জনপ্ৰিয়। বিগত বৰ্ষত মুক্তিপ্ৰাপ্ত তেওঁৰ দুয়োখন ছবি ক্ৰমে “চুপাৰ ৩০” তথা “ওৱাৰ”-এ বহুল হাৰত জনপ্ৰিয় হৈছিল।

"ফিট ও হেণ্ডচাম" ঋত্বিকৰ ৪৬ সংখ্যক জন্মদিনঃ 2


অভিনেতা গৰাকী জন্মদিনত তেওঁ পূৰ্ব পত্নী সুজেন খানৰ সৈতে উদযাপন কৰিছে। ইয়াৰ উপৰিও, সুজেন খান তথা তেওঁলোকৰ সন্তানৰ সৈতেই ঋত্বিকে নৱবৰ্ষ উদযাপন কৰিছিল। এনে ক্ষেত্ৰতে, সুজেনে ঋত্বিকৰ জন্মদিন উপলক্ষে চচিয়েল মিডিয়াত পোষ্ট কৰে।

https://www.instagram.com/p/B7H1Y1OJ_cf/?utm_source=ig_web_copy_link


সুজেন-ঋত্বিকৰ বিবাহ বিচ্ছেদ হৈছে যদিও তেওঁলোকক প্ৰায়ে একলগে দেখিবলৈ পোৱা যায়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform