Rupaliparda.com
শান্তিসুলভ য়ামী গৌতমৰ যোগাসনঃ 1

শান্তিসুলভ য়ামী গৌতমৰ যোগাসনঃ

অভিনেত্ৰী য়ামী গৌতমে বিগত মাহত পৰিচালক আদিত্য ধৰৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। পৈতৃিক গাঁওত অভিনেত্ৰী গৰাকী বিবাহ পাশত আৱদ্ধ হোৱা কথাটোৱে আচলতে বহুল চৰ্চাৰে জনসমাজত জনপ্ৰিয়তা লাভ কৰিছিল। শেহতীয়াকৈ অৰ্থাৎ দেওবাৰে অভিনেত্ৰী গৰাকীয়ে তেওঁৰ ব্যক্তিগত ইনষ্টাগ্ৰাম একাউণ্টত এখন ফটো শ্বেয়াৰ কৰে য’ত তেওঁ যোগ কৰি থকা দেখিবলৈ পোৱা যায়। অভিনেত্ৰী গৰাকীৰ সুন্দৰতা আৰু ফিটনেছৰ অনুৰাগীৰ বাবে এই ফটোখন আমোদ দায়ক; য়ামী গৌতমে ফটোখনৰ জৰিয়তে দিয়া কেপচনত লিখে, “শান্তিৰ জৰিয়তে”। পদ্মাসন কৰি থকা অৱস্থাত অভিনেত্ৰী গৰাকীক দেখিবলৈ পোৱা যায়। ইয়াৰ লগতে, তেওঁ কিছুদিন পূৰ্বে আহিবলগীয়া ছবি “ভূত পুলিচ” ৰো অফিচিয়েল পোষ্টাৰখন মুকলি কৰে; য’ত জনসাধাৰণৰ যথেষ্ট ধনাত্মক প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা যায়। ৪ জুন তাৰিখে কোনো লোকক আনুষ্ঠানিক খবৰ নিদিয়াকৈয়ে বিবাহত বহিছিল অভিনেত্ৰী গৰাকী। “উৰি” ছবিখনৰ নিৰ্দেশক আদিত্য ধৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় অভিনেত্ৰী গৰাকী; বিবাহৰ পিছতেই এখন ফটো আপলোডৰ দ্বাৰা য়ামীয়ে কেপচনত এক সুন্দৰ শাৰীৰে নিজৰ প্ৰেম ব্যক্ত কৰে। তেওঁ কয় যে, “তোমাৰ পোহৰেৰে মই ভালপাবলৈ শিকিছো। পৰিয়ালৰ আশীষ শিঁৰত লৈ আজি আমি ব্যক্তিগতধৰণৰে বিবাহপাশত আৱদ্ধ হ’লো। আমাৰ বিবাহত কেৱল নিজৰ মানুহখিনিহে উপস্থিত আছিল। এতিয়া যিহেটো আমি প্ৰেম আৰু বন্ধুত্বৰ ৰাষ্টাত খোজ দিছো গতিকে এনেক্ষেত্ৰত আমাক আপোনাৰ আশীৰ্বাদৰ খুবেই প্ৰয়োজন। আপোনাৰ য়ামী আৰু আদিত্য।”

বিবাহৰ পূৰ্বে য়ামীয়ে “আ থাৰ্চডে” ৰ শ্বুটিং কৰিছিল। এনেক্ষেত্ৰত অভিনেত্ৰী গৰাকীয়ে যেতিয়া অইন কাকো নজনোৱাকে বিবাহপাশত আৱদ্ধ হ’ল তেনেক্ষেত্ৰত উক্ত শ্বুটিং চলি থকা ছবিখনৰ পৰিচালক খম্বাটায়ে কমেন্টত কয় যে “এয়াহে শ্ৰেষ্ঠ চাৰ্জিকেল ষ্ট্ৰাইক”। ইয়াৰ সমান্তৰালকৈ, আন বহু অভিনেতা-অভিনেত্ৰীয়ে তেওঁলোকৰ ফটোত কমেন্ট কৰি উক্ত বিবাহিতা যুঁটিটোক শুভকামনা জ্ঞাপন কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform