“চেঁচা কৰি যোৱা”, “তুমি অতীত”, “অনুভৱী হিয়া” আদিৰ লগতে সদ্যমুক্তিপ্ৰাপ্ত “বৈয়ে যায়” শীৰ্ষক গীত সমূহে ইতিমধ্যে সংগীত ক্ষেত্ৰখনত বহুল চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰতিজন শ্ৰোতাৰ প্লে-লিষ্টত শেহতীয়াকৈ এই প্ৰত্যেকটা গীতেই নিজৰ স্থান লৈছে। সংগীত ক্ষেত্ৰখনত নতুনকৈ সংযোজিত নৱপ্ৰজন্মৰ কলা-কুশলীৰ সকলৰ মাজতেই উল্লেখনীয় হৈ উঠিছে অমৰেন্দ্ৰ কলিতা। তেওঁৰ সৃষ্টি সমূহক আদৰিছে এতিয়া জনসাধাৰণে। এয়াই আচলতে আন এক উৎসাহৰ কাৰণ; য’ত নৱপ্ৰজন্মই কৰা চেষ্টাত মোহৰ লাগিছে জনপ্ৰিয়তাৰ। এটি গীতত বাৰু আমি কি বিচাৰো? সুন্দৰ শব্দ-গাঁথনিৰ সমান্তৰালকৈ সুন্দৰ উপস্থাপনে একোটা গীতক গ্ৰহণযোগ্য কৰি তোলে। নহয়নে? শেহতীয়াকৈ এনে একাংশ গীতে মুক্তি লাভ কৰিছে যিসমূহৰ কথাই প্ৰত্যেকজন শ্ৰোতা-দৰ্শককে আপ্লুত কৰি তুলিছে; কিছুমান এনে গীতৰ উদাহৰণ আমি আপোনালোকৰ মাজত দাঙি ধৰিব পাৰো। ঠিক তেনেকৈ, সহজ তথা গভীৰ শব্দ-গাঁথনিৰে শ্ৰোতাবৃন্দৰ কাষ চপা গীত “বৈয়ে যায়” ৰ আঁৰৰ অমৰেন্দ্ৰ কলিতাৰ সৈতে আমি ৰূপালীপৰ্দাৰ তৰফৰ পাতিছিলোঁ কিছু কথা-বতৰা। তেওঁৰ পৰিকল্পনা সমূহৰ বিষয়ে জানিবলৈ বিচৰাৰ লগতে তেওঁৰ আৰম্ভণিৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিলোঁ।
সংগীত ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “সৰুৰ পৰাই ঘৰত সংগীতৰ চৰ্চা কৰা দেখি আহিছো। মোৰ ককা আৰু দেউতাই বৰগীত গাইছিল। হয়তো সেই পৰিবেশটোৰ বাবে মইয়ো সংগীতৰ প্ৰতি আগ্ৰহী হৈছিলোঁ। মইয়ো প্ৰথমে বৰগীতৰ শিক্ষা গ্ৰহণ কৰিছিলোঁ; তাৰ সমান্তৰালকৈ খোল আৰু সত্ৰীয়া নৃত্যৰ শিক্ষাও আগবঢ়াই নিছিলোঁ। স্কুলীয়া জীৱনত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ আৰু বহুক্ষেত্ৰত সফলতাও লাভ কৰিছিলোঁ।সেই সফলতাখিনিয়ে সাহস প্ৰদান কৰিছিল মনত; এনেকুৱা সৰু সৰু সফলতাই সংগীতৰ জগতখনত নিজকে জড়িত কৰি ৰাখিবলৈ উৎসাহ যোগাইছিল। ইয়াৰ পিছতেই, ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰাৰ সিদ্ধান্ত ললোঁ আৰু এই ক্ষেত্ৰত মোৰ মা-দেউতা দাদা সকলোৱে সম্পূৰ্ণ সহযোগ কৰিছিল। এতিয়াও মই শাস্ত্ৰীয় সংগীতৰ এজন ছাত্ৰ; এই চেগতে মই মোৰ কণ্ঠ তথা সংগীতৰ শিক্ষাগুৰু থানেশ্বৰ তালুকদাৰ ছাৰ আৰু পৰাণ ৰঞ্জন বৰুৱা ছাৰৰ নাম উল্লেখ কৰিব বিছাৰিছোঁ। তেওঁলোকৰ আশীৰ্বাদ অবিহনে হয়টো মোৰ এইখিনি সফলতা অসম্ভৱ আছিল। বৰ্তমান শাস্ত্ৰীয় সংগীতৰ লগতে অসমীয়া আধুনিক গীতৰ সাধনা অব্যাহত ৰাখিছো আৰু নিজৰ সাধনা খিনিক অসমবাসী ৰাইজৰ মাজত বিলাই দিবলৈ পাই মই যথেষ্ট সুখী।” এগৰাকী “শিল্পী” ৰ প্ৰকৃত সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয় যে, “দীঘলীয়া নকৰি মই ক’ব খুজিম যে যিগৰাকীয়ে শিল্পৰ মাজেৰে মানুহৰ মাজত সুখ- শান্তি বিয়পাব পাৰে তাকে শিল্পী বুলি ভাবোঁ।”
আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “ল’ৰালি কালত ৰেডিঅ’ত গান শুনা সময়ৰ পৰাই সংগীতৰ বিভিন্ন ধাৰা বোৰক চিনাক্ত কৰা আৰু তাৰ চৰ্চা কৰাৰ প্ৰতি আগ্ৰহী আছিলোঁ। অসমীয়া সংগীত জগততো সংগীতৰ বেলেগ বেলেগ ধাৰাবোৰৰ সংমিশ্ৰণ কৰি নতুন সোঁৱাদ দি যাবলৈ চেষ্টা কৰি যাম। সংগীত যিহেতু মই ভাল পাওঁ গতিকে ভবিষ্যতলেও সংগীতৰ জগতখনৰ লগত এনেদৰেই সম্পৰ্ক ৰাখি যাম, লগতে নিজা সৃষ্টিবোৰক আগুৱাই নিবলৈ চেষ্টা কৰি যাম। আশা কৰো ইতিমধ্যে মুকলি কৰি দিয়া গীত কেইটিৰ দৰে ভবিষ্যতে আহিবলগীয়া গীত সমূহকো অসমবাসী ৰাইজে একেদৰেই আদৰি ল’ব।”
Add comment