Rupaliparda.com
ৰিল ভিডিঅ'ৰে ৰাইজৰ কাষত অমৃতা গগৈঃ 1

ৰিল ভিডিঅ’ৰে ৰাইজৰ কাষত অমৃতা গগৈঃ

শেহতীয়াকৈ ৰিল’ ভিডিঅ’ প্ৰস্তুকৰণেৰে সক্ৰিয় হোৱা অভিনেত্ৰী অমৃতা গগৈয়ে চচিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছে। অভিনয়ৰ সমান্তৰালকৈ তেওঁৰ এই ভিডিঅ’বোৰৰ অনুৰাগী হৈ পৰিছে এতিয়া প্ৰতিজন। কিছুদিন পূৰ্বে এগৰাকী কন্যা সন্তানৰ মাতৃ হোৱা অমৃতা গগৈয়ে তেওঁৰ ব্যক্তিগত চেনেলটোৰ বাবে লাভ কৰিছিল “চিলভাৰ বুটাম”। ভিন্ন ধৰণৰ ভিডিঅ’ৰে তেওঁ নিতৌ অনুৰাগীৰ কাষ চপাৰ প্ৰয়াস কৰে। অসমীয়া ছবিক্ষেত্ৰৰ উল্লেখনীয় অভিনেত্ৰী অমৃতা গগৈক ২০১৯ বৰ্ষৰ ডিচেম্বৰ মাহত মুক্তিপ্ৰাপ্ত ছবি “প্ৰতিঘাত” ত দেখিবলৈ পোৱা গৈছিল। এই অচিন্ত শংকৰৰ পৰিচালনাৰে নিৰ্মিত ছবিখনে দৰ্শকক আকৰ্ষণ কৰিছিল যদিও ছবিখন মুক্তি পোৱা সময়ছোৱাতে ৰাজ্যত আৰম্ভ হোৱা “কা” বিৰোধী আন্দোলনে ছবিখনৰ বস্ক অফিচ কালেকচনত প্ৰভাৱ বিস্তাৰ কৰে। চলিত বৰ্ষতো অমৃতাৰ কেইবাখনো ছবি মুক্তি লাভ কৰা কথা আছিল। ক’ৰোণা কালৰ বাবে এই ছবিসমূহ এতিয়া কেতিয়াকৈ মুক্তি লাভ কৰিব সেয়া এতিয়াও অনিশ্চয়তাৰ কবলত। উল্লেখ্য যে, “ছয়গাঁৱৰ চম্পা” লগতে “অহেতুক” ত কৰা অভিনয়ৰ যোগেৰে দৰ্শকৰ হৃদয়ত স্থিতি মজবুত কৰা অমৃতা গগৈৰ বৰ্তমান অনুৰাগীৰ সংখ্যাও লেখত ল’বলগীয়া। প্ৰায়ে বিভিন্ন পোষ্টৰ দ্বাৰা দৰ্শকক আপ্লুত কৰে অভিনেত্ৰী গৰাকীয়ে। তেওঁৰ শেহতীয়া ৰিল ভিডিঅ’ সমূহ চাওঁ চোন আহকঃ

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.