Rupaliparda.com
বেলকনিত ভগৱান

” বেলকনিত ভগৱান ” লৈ 22nd Rainbow London Film Festival ত বিশেষ বঁটা || -উৎপল মেনা

বেলকনিত ভগৱান – God On The Balcony “ৰ মহোৎসৱ যাত্ৰা চলি আছে । প্ৰদশৰ্শন হৈছে , ভিন্ন শিতানত বঁটা পাইছে , ৰাজ্যৰ বাহিৰৰ , দেশৰ বাহিৰৰ আলোচক – সমালোচকে চিনেমা খনৰ চৰ্চা কৰিছে । শেহতীয়া খবৰ — ” ‘God on the Balcony’ has received the Special Award at the prestigious 22nd Rainbow London Film Festival , organised by Rainbow Film Society. The festival was held from 4th – 11th July 2021 physically at Rich Mix Centre, London. “

আৰু এটা খবৰ — চিনেমা খন অষ্টেলিয়াৰ মেলবৰ্নত প্ৰদৰ্শন হব , অহা ১২ – ২১ আগষ্টৰ কোনো এটা দিনত । ১২ আগষ্টৰ পৰা অনুষ্ঠিত হ’ব Indian Film Festival of MELBOURNE – 2021. আৰু এই চিনেমাৰ উৎসৱৰে এটা দিনত বিশ্বজিত বৰাৰ পৰিচালনাৰে নুৰুল চুলতানে নিৰ্মাণ কৰা চিনেমা খন প্ৰদৰ্শন কৰিব । চিনেমা খনত অভিনয় কৰিছে হৰিশ খান্না, প্ৰণামী বৰা , পৰিনন্ধি জিমা চুলতানা, ৰাজীৱ ক্ৰ, অৰুণ হাজৰিকা আদিয়ে । উল্লেখযােগ্য যে পূৰ্বে ১৯ সংখ্যক ঢাকা আন্তঃৰাষ্ট্ৰীয় মহােৎসৱ , ২৫ সংখ্যক কেৰালা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহােৎসৱ , ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহােৎসৱ আদিত চিনেমা খন প্ৰদৰ্শন হৈছিল ।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform