



ব্ৰজেন বৰুৱা ,নিপ বৰুৱাৰ পিছত অসমীয়া চিনেমাৰ ‘ স্থানীয় বজাৰ ‘ খনক গতি দিছিল শিৱ প্ৰসাদ ঠাকুৰে । ফাগুনী , বোৱাৰী , ঘৰ সংসাৰ , সোণ মইনা , এই দেশ মোৰ দেশ , অহিৰ ভৈৰৱ , অস্তৰাগ , মন মন্দিৰ , ময়ূৰী , শেৱালি , অশান্ত প্ৰহৰ শিৱ প্ৰসাদ ঠাকুৰৰ পৰিচালনাৰে নিৰ্মিত অসমীয়া চিনেমা ( চিনেমা প্ৰযোজনাৰে চিনেকৰ্ম আৰম্ভ কৰিছিল । চিনেমা খনৰ নাম : মমতা । চিনেমা খনত অভিনয়ো কৰিছিল । এই চিনেমা খনেৰে সংগীতৰ দিশত সহায় কৰি মুনিন বৰুৱাই ও চিনে যাত্ৰা কৰিছিল । পৰবৰ্তী সময়ত প্ৰতিটো খোজতে শিৱ প্ৰসাদ ঠাকুৰক সহায় কৰিছিল বা কাম কৰিছিল মুনিন বৰুৱাই । কথা প্ৰসংগত মুনিন বৰুৱাই কৈছিল — প্ৰথম পৰিচালনা ‘ ফাগুনী ‘ সফল হোৱা নাছিল । ‘ সেই সময়ত আমাক চিত্ৰগৃহ দিবলৈ কেইবাটাও হলৰ মালিক মান্তি হোৱা নাছিল । আৰু ‘ বোৱাৰী ‘ সফলতাৰ খবৰ প্ৰচাৰ হোৱাৰ পিছত সেই মালিক কেইগৰাকীয়ে প্ৰিণ্ট বিছাৰি আহি আমাক মান্তি কৰাব পৰা নাছিল । ‘ শিৱ প্ৰসাদ ঠাকুৰৰ দ্বিতীয় পৰিচালনা ‘ বোৱাৰী ‘ সফল হৈছিল । ছুপাৰ হিট হৈছিল । কথা প্ৰসংগত ( স্থান : ‘ আজি’ৰ কাৰ্যালয় । ২০০৩ । ) — ‘ ভাল ছবি নিৰ্মাণ কৰি থাকিবলৈ বজাৰো ভাল হব লাগিব । বজাৰ কেতিয়া ভাল হব ? যেতিয়া ছবিয়ে ভাল ব্যৱসায় কৰিব পাৰিব । ‘বোৱাৰি ৰ’ সময়ত যি খন বজাৰ গঢ়ি উঠিছিল , সেই বজাৰ খন আমি ধৰি ৰাখিব নোৱাৰিলো । মানে ‘ বোৱাৰী ‘ৰ দৰে চিনেমা দিব নোৱাৰিলো । মোৰ কথা কৈছো , মই দিব নোৱাৰিলো । মোৰ লোকচান হোৱা নাছিল ; কিন্তু ‘ ঘৰ সংসাৰ ‘ ( ১৯৮৩ ) , ‘সোণ মইনা ‘ ( ১৯৮৪ ), ‘ মন মন্দিৰ’ ( ১৯৮৫ ) ৰ ব্যৱসায় ‘ বোৱাৰি ‘ৰ দৰে নাছিল । এতিয়া মই হাতত লৈছো ‘ অস্তৰাগ ‘ । মই ভবা নাই চিনেমা খনে ভাল ব্যৱসায় কৰিব । ভাবিছো — এনে এখন চিনেমা মই কৰা উচিৎ । ‘ হোমেন বৰগোহাঞিৰ ‘অস্তৰাগ’ চিনেমা খনৰ শিপা । বিসয়বস্তু বাৰ্ধক্যই গ্ৰাস কৰা জীৱন আৰু পিতা -পুত্ৰৰ আৱেগিক সম্পৰ্ক । দৰ্শকৰ আসনৰ পৰা দেখিছো কেইটমান বাস্তৱৰ চৰিত্ৰ । তপন দাস ,পূৰবী শৰ্মা , কপিল বৰা , নিশিতা গোস্বামী , মুনিন বৰুৱা আদিয়ে অভিনয় কৰিছে । মোৰ ধাৰণাত ‘ অস্তৰাগ ‘ শিৱ প্ৰসাদ ঠাকুৰৰ শ্ৰেষ্ঠ পৰিচালনাা । কিন্তু বহুতে কব খোজে ‘ সোণ মইনা ‘হে শ্ৰেষ্ঠ পৰিচালনা । কাৰণ ? চিনেমা খনে লাভ কৰিছে বঁটা । শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ ৰাষ্ট্ৰীয় বঁটা — শিৱ প্ৰসাদ ঠাকুৰৰ প্ৰথম প্ৰযোজনা ‘ মমতা ‘ৰ বাবেও পাইছিল ।
( শিৱপ্ৰসাদ ঠাকুৰৰ
জন্ম : ২২ ছেপ্টেম্বৰ, ১৯৩৭ নাজিৰাত
মৃত্যু : ৫ জানুৱাৰী, ২০০৮ ,গুৱাহাটীত )
Add comment