Rupaliparda.com
মৰমেৰে মৰমৰ এটি গীত শ্ৰোতাৰ মাজলৈ; বিজয় শংকৰৰ কণ্ঠ, পাপলুৰ কথাত প্ৰবীণৰ সুৰেৰে "তাজমহল"- 1

মৰমেৰে মৰমৰ এটি গীত শ্ৰোতাৰ মাজলৈ; বিজয় শংকৰৰ কণ্ঠ, পাপলুৰ কথাত প্ৰবীণৰ সুৰেৰে “তাজমহল”-

ইটোৰ পিছত সিটো গীত ৰোমাণ্টিক গীতসমূহৰ মুক্তিৰ মাজতেই শেহতীয়াকৈ মুক্তি লাভ কৰিছে আন এটি প্ৰেমৰ গীত “তাজমহল”। বৰ্তমান গীত সমূহৰ অধিকাংশ গীতেই হৈছে নৱপ্ৰজন্মৰ সৃষ্টি; গীতসমূহত কথা দিয়াৰ পৰা আৰম্ভ কৰি গীতসমূহত সুন্দৰ সংগীতৰ সংযোজন কৰালৈ জড়িত হৈ থাকে এই নৱপ্ৰজন্মৰ একাংশ প্ৰতিভা। সুন্দৰ সৃষ্টি আৰু গ্ৰহণযোগ্য কৰ্মৰ দ্বাৰা এই মনোৰঞ্জন ক্ষেত্ৰখনত মনোনিৱেশ কৰিবলৈ অহৰহ প্ৰয়াস কৰা একাংশ নৱপ্ৰজন্মই এতিয়া প্ৰত্যেককে উৎসাহিত কৰি ৰখাত সক্ষম হৈছে। এগৰাকী গীতিকাৰ, সুৰকাৰ অথবা এজন কন্ঠশিল্পী ৰূপে নিজক প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকে কৰা প্ৰচেষ্টা সমূহ ইমানেই অধিক গ্ৰহণযোগ্য যে তেওঁলোকৰ সৃষ্টিয়েই ক্ষন্তেকতে জনপ্ৰিয়তা লাভ কৰাৰ উপৰিও ভাইৰেল হৈ পৰে চচিয়েল মিডিয়াত। পাৰ্থিৱ সুখক কিছু সময়ৰ বাবে উফৰাই দৰ্শক-শ্ৰোতাক প্ৰদান কৰা আমোদনেৰে আত্মসন্তোষ্টি লাভ কৰা নৱপ্ৰজন্মৰ বৃহৎ সংখ্যাই সাংস্কৃতিক ক্ষেত্ৰখনত আহিবলগীয়া সময়ত নতুনৰ যোগানৰ ধৰিব। নতুনৰ মূলতেই হৈছে নৱপ্ৰজন্ম। তেওঁলোকে সৃষ্টি কৰা নতুন ধাৰা অথবা যিকোনো বিষয়েই হওঁক সেই আটাইবোৰেই জনসাধাৰণে হৃদয়ংগম কৰিবলৈ সক্ষম হৈছে। অসমীয়া সংগীত ক্ষেত্ৰখন যথেষ্ট বিশাল; ইয়াত ইজনৰ পিছত সিজনকৈ প্ৰতিভাৰ সংযোজন হৈ গৈ থাকে।


প্ৰত্যেকটো দিনত একোটাকৈ শিশুৱে হয়টো এটা গান শুনি নিজ পিতৃ-মাতৃৰ ওচৰত গুনগুনাবলৈ আৰম্ভ কৰে; আনহাতে আকৌ, আন একোটা শিশুৰ সংগীতৰ প্ৰতি থকা ইচ্ছাক দেখি পিতৃ-মাতৃয়ে তেওঁক গীত গাবলৈ উৎসাহিত কৰে। এয়া নিৰৱিচ্চিন্ন প্ৰক্ৰিয়া; আদি কালৰ পৰা চলি আহি ই অনন্ত কাললৈ ঠিক এনেদৰেই চলি যাব। কিছুমান ক্ষেত্ৰত যদিও পৰিৱৰ্তন অথবা সাল-সলনিৰ মুখা-মুখি হোৱা দেখা যায় তৎস্বত্বেও আমাৰ এই সংগীত ক্ষেত্ৰখন পূৰ্বতকৈ অধিক জীপাল হ’ব বুলি একাষাৰে কৈ দিলেও হয়টো সেয়া অতিৰঞ্জিত নহ’ব। বৰগীত, লোকগীতৰ ধাৰাৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ ৰেপ আৰু EDM ৰ পয়োভৰৰ মাজত শ্ৰোতাই প্ৰতিদিনেই এই ক্ষেত্ৰখনত নতুনত্বৰ আৱিষ্কাৰ কৰিলে। সদ্যমুক্তিপ্ৰাপ্ত “তাজমহল” য়ে আজুৰিছে শ্ৰোতাৰ আকৰ্ষণ। এটি নতুন সুন্দৰ কণ্ঠৰ অনুৰাগী হৈছে এতিয়া সংগীত প্ৰেমী শ্ৰোতা। এই কণ্ঠ হৈছে বিজয় শংকৰৰ; এই গীতটি লিখিছে পাপলু চেতিয়াই, সুৰ কৰিছে প্ৰবীণ বৰাই। সংগীত ক্ষেত্ৰখনত পাপলু চেতিয়া আৰু প্ৰবীণ বৰাৰ শেহতীয়া যি অৱদান, সেয়া নিশ্চয় পুনৰ বাৰ আপোনালোকক সুঁৱৰাই দিয়াৰ প্ৰয়োজন নাই। প্ৰেম প্ৰেম লগা অনুভূতিৰে শ্ৰোতাৰ হৃদয়ত খলকনি লগোৱা এই গীতটিত সংগীত কৰিছে হিৰক বৰাই, শব্দ সংমিশ্ৰণ দিগন্ত বৰদলৈৰ। তবলা ৰাজা বৰুৱাৰ লগতে বাঁহী লক্ষীনন্দন লাহনৰ, গীতাৰ ৰূপম শৰ্মাৰ আৰু পোষ্টাৰ ডিজাইন কৰিছে প্ৰাচুৰ্য্য প্ৰতীম শইকীয়াই।

মৰমেৰে মৰমৰ এটি গীত শ্ৰোতাৰ মাজলৈ; বিজয় শংকৰৰ কণ্ঠ, পাপলুৰ কথাত প্ৰবীণৰ সুৰেৰে "তাজমহল"- 2


ইউটিউবত গীতটিত দেখিবলৈ বহুল সঁহাৰিৰ পিছতেই এতিয়া বিজয় শংকৰৰ কণ্ঠৰে মুক্তি পাবলগীয়া আন একাংশ গীতৰ বাবেও অপেক্ষাৰত। এওঁলোক আটাইকে ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ অলেখ অযুত শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform