Rupaliparda.com
আলিস্মিতা গোস্বামীৰ ব্যক্তিগত ইউটিউব চেনেলৰ জনপ্ৰিয়তাঃ 1

আলিস্মিতা গোস্বামীৰ ব্যক্তিগত ইউটিউব চেনেলৰ জনপ্ৰিয়তাঃ

চিলেব্ৰেটী আৰু ইউটিউব; আচলতে এই দুইটা বস্তুৰে ইটোৰ আনটোৰ লগত নজনাকৈয়ে এক গভীৰ সম্পৰ্ক আছে। বলীউডৰ প্ৰায় সমূহ তাৰকাৰ ব্যক্তিগত ইউটিউব চেনেল থকা আমি সকলোৱে দেখিছো। তেওঁলোকৰ এই চেনেল সমূহত বিভিন্ন কমেডী ভিডিঅ’ নাইবা দৰ্শকক ফিটনেছ টিপ কিছুমান দি ভিডিঅ’ আপলোড কৰা দেখিবলৈ পোৱা যায়। শিল্পা ছেট্টী, আলিয়া ভাট, বৰুণ ধৱন,দিশা পাটানীৰ সমান্তৰালকৈ অসমীয়া অভিনেতা-অভিনেত্ৰীৰ মাজতো এনে এক ঢৌৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। কিছুমান ভিডিঅ’ বহুল দৰ্শকৰ মাজত শ্বেয়াৰ কৰিবলৈ এওঁলোকে ইউটিউবৰ সহায় লোৱা দেখা যায়; এনেক্ষেত্ৰত শেহতীয়াকৈ ব্যক্তিগত ইউটিউব চেনেল এটাৰে নিজৰ বহুল অনুৰাগীৰ কাষ চাপিছিল অভিনেত্ৰী আলিস্মিতা গোস্বামীয়ে। ইতিমধ্যে তেওঁ নিজৰ কেইবাটাও ভিডিঅ’ আপলোড কৰি জনসাধাৰণৰ সমাদৰ বুটিবলৈ সক্ষম হৈছে। প্ৰায় ১৫-৩০ চেকেণ্ডৰ ভিডিঅ’ত নিজ নৃত্য অথবা অভিনয়ৰ প্ৰতিভা প্ৰদৰ্শন কৰা আলিস্মিতা গোস্বামীয়ে নিজাববীয়াকৈ খুলি লোৱা ইউটিউব চেনেলটোক লৈ উৎসাহিতও হৈছে তেওঁৰ অনুৰাগী। তেওঁৰ কণ্টেণ্ট সমূহক পচন্দ কৰি প্ৰতিটো ভিডিঅ’ ত অনুৰাগীৰ শাৰী দীঘলীয়া হৈছে বৰ্তমান আলিস্মিতাৰ।

আলিস্মিতা গোস্বামীৰ ব্যক্তিগত ইউটিউব চেনেলৰ জনপ্ৰিয়তাঃ 2


অসম তথা মুম্বাইৰ মনোৰঞ্জন ক্ষেত্ৰখনতো সমাদৰ লাভ কৰা আলিস্মিতা মনোৰঞ্জন ক্ষেত্ৰখনৰে এক জনপ্ৰিয় নাম। তেওঁৰ চচিয়েল মিডিয়াত অনুৰাগীৰ সংখ্যা দেখিলে হয়টো আপোনালোকো আচৰিত হৈ পৰিব। অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ সমান্তৰালকৈ ধাৰাবাহিক লগতে মিউজিক ভিডিঅ’ৰে দৰ্শকৰ হৃদয় জিনা এইগৰাকী অভিনেত্ৰী ভ্ৰাম্যমাণ ক্ষেত্ৰখনতো দপদপাই থাকে। অনাগত দিনত, আলিস্মিতাৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ উপভোগ কৰিবলৈ সক্ষম হ’ব দৰ্শক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform