Rupaliparda.com
ছাৰ্টলেছ শ্বাহৰুখ খান, খলকনি চচিয়েল মিডিয়াতঃ 1

ছাৰ্টলেছ শ্বাহৰুখ খান, খলকনি চচিয়েল মিডিয়াতঃ

শ্বাহৰুখ খান বলীউডৰ কিং খান হোৱাৰ সমান্তৰালকৈ এনে এগৰাকী অভিনেতা যিগৰাকীৰ প্ৰতিটো লুকত সমাদৰ জনাই আহিছে অনুৰাগীসকলে। তেওঁ চচিয়েল মিডিয়াত আপলোড কৰা প্ৰতিখন ফটো ভাইৰেল হৈ পৰে। শেহতীয়াকৈ শ্বাহৰুখ খানে চৰ্চা লাভ কৰিছে নিজৰ “পঠান” ছবিখনৰ বাবে, বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে এই ছবিখনে। কিন্তু, ইয়াৰ মাজতে এইবাৰ শ্বাহৰুখ খানৰ ছাৰ্টলেছ ফটোৱে খলকনিৰ সৃষ্টি কৰিছে চচিয়েল মিডিয়াত। ব’ল্ড ব’ডিৰ সৈতে শ্বাহৰুখ খানৰ এই লুকটোক সঁহাৰি জনাইছে প্ৰত্যেকে। বিগত দিনত অভিনেতা দিলীপ কুমাৰৰ মৃত্যুত তেওঁৰ বাসগৃহত উপস্থিত হোৱা শ্বাহৰুখ খান ট্ৰোলৰ সন্মুখীন হৈছিল। চচিয়েল মিডিয়াত ভাইৰেল হোৱা এখন ফটোত শ্বাহৰুখ খানক চানগ্লাছ যোৰ পিন্ধি দিলীপ কুমাৰৰ পত্নী চাইৰা বানুক সান্তনা দি থকা দেখিবলৈ পোৱা যায়। এই কথাটোত অভিনেতা গৰাকী বহুল সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়। অৱশ্যে এই ক্ষেত্ৰত কিং খানৰ অনুৰাগী সকলেও পিছ হুহুঁকি যোৱা নাছিল। তেওঁলোকে কিং খানক এই সমালোচনা সমূহৰ পৰা ৰক্ষা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। ইয়াতেই আচলতে বুজিব পৰা যায় যে অনুৰাগীৰ কিং খানলৈ মৰম কিমান!


শ্বাহৰুখ খান বৰ্তমান ব্যস্ত তেওঁৰ আহিবলগীয়া ছবি “পঠান” ক লৈ। য়শৰাজৰ বেনাৰত নিৰ্মিত এই ছবিখনত শ্বাহৰুখ খানৰ সৈতে অভিনয় কৰিছে দীপিকা পাডুকন আৰু জন আব্ৰাহামে। কিছুদিন পূৰ্বে ছবিখনৰ একচন দৃশ্যৰ মাজৰেই এটি দৃশ্য ভাইৰেল হৈছিল চচিয়েল মিডিয়াত। ছবিখনৰ এই ভাইৰেল দৃশ্যটোত শ্বাহৰুখ খানে এখন গাড়ীৰ ওপৰত উঠি নিজ একচন প্ৰদৰ্শন কৰি আছিল। বিগত এক দীঘলীয়া সময়ৰ অন্তত যেতিয়া শ্বাহৰুখ খানক দৰ্শকে এনেধৰণে দেখিবলৈ পালে তেতিয়া আচলতে দৰ্শকো উৎসাহিত হৈ পৰিছে । খবৰনুসৰি, আহিবলগীয়া “পঠান” ছবিখনত জন আব্ৰাহামে ৰূপায়ন কৰিব খলনায়কৰ চৰিত্ৰ। “ধুম” ছবিখনত খলনায়কৰ চৰিত্ৰ ৰূপায়ণেৰে দৰ্শকৰ সমাদৰ বুটলিবলৈ সক্ষম হোৱা জন আব্ৰাহামক এইবাৰো দেখিবলৈ পোৱা যাব এক নতুন ৰূপত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.