Rupaliparda.com
"মঞ্চশিখাৰ লক্ষ্য আৰু উদ্দেশ্যেই হ'ল, প্ৰকৃত নাট্যকৰ্মীৰ সৃষ্টিত অৰিহণা যোগোৱা" 1

“মঞ্চশিখাৰ লক্ষ্য আৰু উদ্দেশ্যেই হ’ল, প্ৰকৃত নাট্যকৰ্মীৰ সৃষ্টিত অৰিহণা যোগোৱা”

বৰ্তমান সময়ত মনোৰঞ্জন ক্ষেত্ৰখনৰ প্ৰতি অধিকাংশ নৱপ্ৰজন্ম আপ্লুত হৈছে।তেওঁলোকৰ সক্ৰিয়তা তথা এই ক্ষেত্ৰখনৰ বাবে কিবা এটা নতুন কৰাৰ প্ৰতি প্ৰতিদিনেই যি আগ্ৰহ তেওঁলোকে প্ৰদৰ্শন কৰে সেয়া সঁচাকৈ প্ৰশংসাৰ যোগ্য। আপোনালোকক ইতিমধ্যে ৰূপালীপৰ্দাৰ কেইবাটাও লেখা যোগে আমি জনাইছিলোঁ যে, নাটক ক্ষেত্ৰখনত নিজ পাৰদৰ্শিতাৰ প্ৰদৰ্শনেৰে বহু প্ৰতিভা বৰ্তমান টেলিভিছন অৰ্থাৎ কেমেৰাৰ সৈতে জড়িত। গতিকে, এনেক্ষেত্ৰত মনোৰঞ্জন জগতখনৰ অনাগত দিনৰ সফলতাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰত্যেকেই এই প্ৰতিভাসকলক সহায়-সহযোগিতা প্ৰদান কৰাটো জৰুৰী। শেহতীয়াকৈ, নাটকৰ প্ৰতি ইচ্ছুক নৱপ্ৰজন্মক যৎকিঞ্চিৎ সঁহাৰি জনাবলৈয়ে “নাট্য শিল্পৰ কৰ্মশালা” অনুষ্ঠিত কৰিছে নৱপ্ৰজন্মৰ মাজৰেই এটি বিশেষ দলে। প্ৰায় ১০ দিনীয়া কাৰ্যসূচীৰে সামাজিক মাধ্যম “গুগল মিট” ৰ জৰিয়তে এই কৰ্মশালা খন অনুষ্ঠিত কৰা হৈছে । ১ আগষ্টৰ পৰা অনাগত ১০ আগষ্ট তাৰিখ পৰ্যন্ত চলিব এই কৰ্মশালা। নাটক ক্ষেত্ৰখনৰ সৈতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ২০১৭ চনৰ ২০‌ আগষ্ট তাৰিখে আত্মপ্ৰকাশ ঘটা মঞ্চশিখাই বিগত বৰ্ষ কেইটাৰ দৰে এইবাৰো আয়োজন কৰিছে নাট্য শিল্পৰ এক কৰ্মশালা “নাট্য-প্ৰৱেশনা”। মঞ্চশিখাৰ লক্ষ্য আৰু উদ্দেশ্যেই হ’ল, প্ৰকৃত নাট্যকৰ্মীৰ সৃষ্টিত অৰিহণা যোগোৱা। উক্ত কৰ্মশালা খনৰ সন্দৰ্ভত কিছু কথা জানিবলৈ বিচৰাত কৰ্মশালা খন অনুষ্ঠিত কৰা এগৰাকী আয়োজক অভিজিত নাথৰ সৈতে পাতিছিলোঁ আমি কিছু কথা। তেওঁ নিজেও নাটক ক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। তেওঁ কয় যে, “আমি লক্ষ্য কৰিছোঁ যে, ছাত্ৰ-ছাত্ৰী বা সাধাৰণ লোক ব্যক্তিগত জীৱনত অধ্যয়নেই হওক বা অন্য কৰ্মব্যস্ততাৰ বাবেই হওক, নাটকৰ প্ৰতি সাংঘাতিক এক অনুৰাগ থকাৰ পিছতো নাটক কৰিবলৈ সুবিধা নাপায়। আমি তেনে লোকক গুৰুত্ব প্ৰদানেৰে তেওঁলোকক এখন মঞ্চ দিবৰ বাবে জন্মলগ্নৰে পৰা চেষ্টা কৰি আহিছো আৰু কৰি যাম।”

"মঞ্চশিখাৰ লক্ষ্য আৰু উদ্দেশ্যেই হ'ল, প্ৰকৃত নাট্যকৰ্মীৰ সৃষ্টিত অৰিহণা যোগোৱা" 2


আগলৈ তেওঁ কয় যে,” বৰ্তমান এই মহামাৰীৰ সময়ছোৱাত, ঘৰতে থাকি যাতে নাটকৰ জৰিয়তে মানসিক উত্তৰণ ঘটাব পাৰে, তাৰেই এটি সৰু প্ৰচেষ্টা নাট্য-প্ৰৱেশনা। কাৰণ , মঞ্চশিখাই বিশ্বাস কৰে যে নাটক, অভিনয় মানেই হ’ল নিজক বিশ্লেষণ কৰি চোৱাৰ লগতে সমাজখনক, চৌপাশৰ পৰিৱেশক বিশ্লষণ কৰি অনুভৱ কৰা আৰু তাক উপস্থাপন কৰা। যিয়ে জীৱনটোক নতুন দৃষ্টিৰে চাবলৈ শিকায়। তদুপৰি, নাট্যকৰ্মী সকলে যাতে অনলাইন মাধ্যমত হ’লেও এবাৰ লগ পাই ভাবৰ আদান- প্ৰদান কৰাৰ লগতে, নাটকৰ জৰিয়তে জীৱন নিৰ্বাহ কৰা লোক এজনে এই কৰ্মশালাৰ দ্বাৰা এক ক্ষুদ্ৰ সাহস পায়।এনেধৰণৰ উদ্দেশ্য আগত ৰাখিয়েই এইবাৰ পুলি আৰু কুঁহি নামেৰে দুটাকৈ শাখাত ১৬ বছৰৰ পৰা উৰ্দ্ধৰ সকলোলোকৰ বাবে মুক্ত মুঠ ৪০ খন আসনেৰে আয়োজন কৰা হৈছে নাট্য-প্ৰৱেশনা। এই ৪০খন আসনৰ ,৫ খন আসন আৰ্থিক ভাৱে অসুবিধা থকা প্ৰশিক্ষাৰ্থীৰ বাবে সংৰক্ষিত হৈ আছে। ১-১০‌ আগষ্টলৈ চলিবলগীয়া এই নাট্য শিল্পৰ কৰ্মশালাত অসমৰ নাট্যক্ষেত্ৰ তথা অভিনয়ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি অসীম কুমাৰ শৰ্মা, ৰোনাল্ড হুচেইন, জাহানাৰা বেগম, পলাশ প্ৰতীম মেচ, বিৰাজ চুতীয়া,বিজিত দাস, গৌতম ঠাকুৰীয়া, প্ৰদীপ বৰা, অভিজিত চুতীয়াই নাটক তথা অভিনয় শিল্পৰ বিভিন্ন মৌলিক বিষয়ৰ লগতে নাটকৰ বিভিন্ন কাৰিকৰী দিশ, নাট্যৰচনা আৰু পৰিৱেশনাৰ ওপৰত প্ৰশিক্ষণ আগবঢ়াব। আমি আশাবাদী, এই কৰ্মশালাৰ অন্তত প্ৰতিজন প্ৰশীক্ষাৰ্থীয়ে প্ৰকৃত নাট্যকৰ্মী হোৱাৰ মূলমন্ত্ৰক লগতলৈ আগবাঢ়ি যাব আৰু এজন সম্ভাৱনাপূৰ্ণ শিল্পী হিচাপে আত্মপ্ৰকাশ কৰাত সফল হব। শেষত মঞ্চশিখাৰ এই প্ৰচেষ্টাক ৰাইজৰ আগত জনাবলৈ সুবিধা কৰি দিয়াৰ বাবে rupaliparda.com তথা ইয়াৰ গুৰি ধৰোঁতা ৰীমা দত্তৰ ওচৰত আমি মঞ্চশিখাৰ সমূহ সদস্য কৃতজ্ঞ হৈ ৰ’ম ধন্যবাদ।”

"মঞ্চশিখাৰ লক্ষ্য আৰু উদ্দেশ্যেই হ'ল, প্ৰকৃত নাট্যকৰ্মীৰ সৃষ্টিত অৰিহণা যোগোৱা" 3
"মঞ্চশিখাৰ লক্ষ্য আৰু উদ্দেশ্যেই হ'ল, প্ৰকৃত নাট্যকৰ্মীৰ সৃষ্টিত অৰিহণা যোগোৱা" 4


এনে নৱপ্ৰজন্মৰ চেষ্টা সমূহক দেখিলেই অনুভৱ কৰিব পাৰি যে আমাৰ মনোৰঞ্জন ক্ষেত্ৰখনে আগন্তুক দিনত ইয়াতকৈ অধিক প্ৰতিভাক উপভোগ কৰিবলৈ সক্ষম হ’ব। এওঁলোকক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform