Rupaliparda.com
Malaya Goswami

|| ৰাফ cut : মলয়া গোস্বামী ||– উৎপল মেনা

তেতিয়া ‘ৰং’ — ফ্ল’ৰত । মুনিন বৰুৱাৰ ‘ৰং’। ভাইমনদাৰ ( মুনিন বৰুৱাৰ ) ফোন — কাইলৈ আহিবা। দিলীপ হাজৰিকা , মলয়া গোস্বামী থাকিব । গৈছিলো । সেইদিনায়ে , মাত্ৰ সেইদিনায়ে কথা পাতিছিলো মলয়া গোস্বামীৰ সৈতে । কেইমিনিটমান কথা পাতি অনুভৱ কৰিছিলো ‘চৰিত্ৰ’ হৈ কেমেৰাৰ সন্মুখলৈ আহে অভিনেত্ৰী গৰাকী । পৰিচিলকে বুজোৱা চৰিত্ৰটোলৈ নিজকে ৰূপান্তৰ কৰে । আৰু কেমেৰাৰ সন্মুখত আছৰণ কৰে । আৰু সম্ভৱতঃ এয়াই মলয়া গোস্বামীৰ সফলতাৰ ৰহস্য । পৰ্যালোচনা কৰিলে স্পষ্ট হয় ‘ৰং’ চিনেমা খনৰ বসুন্ধৰা চলিহা , ‘ অগ্নিস্নান’ৰ মেনকা ,’ ফিৰিঙতি’ ৰ ঋতু ৰ মাজত দূৰত্ব কম নহয় । চিনেমা তিনি খনত মলয়া গোস্বামীৰ উপস্থিতি — সূণ্য । অহংকাৰী – কথোৰ বসুন্ধৰা চলিহাৰ মনত আছে আন এক ৰং , ‘মমতা ৰং ‘। সংলাপ প্ৰক্ষেপন আৰু চেহেৰাৰ অভিনয়ৰে ৰচনা কৰা চৰিত্ৰটোত অভিনেত্ৰী গৰাকীৰ অভিনয় ক্ষমতা স্পষ্ট । আন এটা চৰিত্ৰ — মেনকা ( চিনেমা : অগ্নিস্নান । কাহিনী , চিত্ৰনাট্য , পৰিচালনা : ড° ভৱেন্দ্ৰ নাথ শইকীয়া । ৪০ খনৰো অধিক অনাতাঁৰ নাটকত কণ্ঠ দিয়া মলয়া গোস্বামীয়ে অভিনয় কৰা এই খনেই প্ৰথম চিনেমা । ) । পত্নী মেনকাৰ বৰ্তমানত স্বামী মহীকান্তই দ্বিতীয় পত্নী আনিছে । মেনকাই মদন চোৰৰ সৈতে শাৰীৰিক সম্পৰ্ক গঢ়ি স্বামীৰ দ্বিতীয় বিবাহৰ প্ৰতিবাদ কৰে । এক শক্তিশালি চৰিত্ৰ , নিৰ্মাণ সম্ভব হৈছে অভিনয় শক্তিৰ বাবে । আমি জনাত মেনকা চৰিত্ৰটোলৈ ৰূপান্তৰ হবলৈ মলয়া গোস্বামীয়ে প্ৰচুৰ পৰিশ্ৰম কৰিছিল । চিনেমা খনৰ চিত্ৰনাট্যৰ লগতে ‘ অন্তৰীপ ‘উপান্যাস ( উপন্যাস খনৰ এটা অংশৰ আধাৰত ৰচনা কৰিছিল চিনেমা খনৰ চিত্ৰনাট্য । ) খন অধ্যয়ণ কৰিছিল । নিজকে শাৰীৰিক – মানসিক ভাবে মেনকালৈ ৰূপান্তৰ কৰিছিল । তেনেদৰে ঋতুলৈ ৰূপান্তৰ হৈছিল অভিনয় ক্ষমতা – পৰিশ্ৰমেৰে । পৰিচালক জাহ্নু বৰুৱাই ৪-৫ঘণ্টা ‘ ফিৰিঙতি’ৰ কাহিনী কৈছিল । চৰিত্ৰ বুজাইছিল । — স্বামীৰ মৃত্যুৰ পাছত হতাশা – সামাজিক সমস্যাৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ঋতুৱে চহৰৰ পৰা বহু দুৰৰ স্কুল খনত শিক্ষকতা কৰিবলৈ গৈছিল । স্কুল খন পুনৰ সাজিছিল । শিক্ষাৰ পোহৰ বিলাবলৈ সংঘৰ্ষ কৰিছিল । চুই গৈছিল ঋতুৰ মাজত সোমাই পৰা মলয়া গোস্বামীয়ে । এই চৰিত্ৰটোত কৰা অভিনয়ৰ বাবে মলয়া গোস্বামীয়ে লাভ কৰিছিল শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত ৩৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা । — এই তিনি খন চিনেমাৰ লগতে মলয়া গোস্বামীয়ে অভিনয় কৰে আই কিলড হিম ছাৰ , আছেনে কোনোবা হিয়াত , পলে পলে উৰে মন , জীৱন বাটৰ লগৰী , শেষ উপহাৰ , ভাল পাব নাজানিলো , শ্ৰীমন্ত শংকৰদেৱ , কনিকাৰ ৰামধেনু , কেলেণ্ডাৰ , মা আদিত ।

সংযোজন : মলয়া ৰাজখোৱা । নাটকৰ অভিনেত্ৰী ।জন্ম ডিব্ৰুগড়ত । অভিনয়ৰ লগতে খেল আছিল প্ৰিয় । মহাবিদ্যালয়ত পঢ়ি থকা সময়ছোৱাত অসমৰ প্ৰথম মহিলা হকী দলত স্থান পাইছিল । ক্ৰমে সোণাৰি মহাবিদ্যালয় , জাগীৰোড মহবিদ্যালয়ত শিক্ষা দান কৰিছিল । ১৯৮১ চনত মলয়া ৰাজখোৱাৰ বিবাহ হয় প্ৰদীপ গোস্বামীৰ সৈতে । সন্তান : নিশিতা গোস্বামী, নিমিশা গোস্বামী ।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform