Rupaliparda.com
গায়ত্ৰী বৰাৰ ন-ধাৰাবাহিক 'মায়াবিনী'- 1

গায়ত্ৰী বৰাৰ ন-ধাৰাবাহিক ‘মায়াবিনী’-

গহপুৰত জন্মগ্ৰহণ কৰা অভিনয় ক্ষেত্ৰখনৰ এটি জনপ্ৰিয় নাম হৈছে গায়ত্ৰী বৰা। গামোচা, প্ৰিয়ামণি, প্ৰিয়া, মিলন, কলিজা আদি ভিচিডিৰ লগতে বাস্তৱ”, “ভাৰাঘৰ”, “উমাল বুকুৰ হেজাৰ কাহিনী”, “জিলমিল ৰূপালী কিৰণ”, ” এজাক সপোন যেন বৰষুণ”, “দাপোণ”, “শাহু-বোৱাৰী”, “অচিন চিনাকী”, “সেন্দুৰ”, “দেৱী”, “বিধাতা” আদি ধাৰাবাহিক যোগে দৰ্শকৰ যথেষ্ট কাষ চপা গায়ত্ৰী বৰাৰ অভিনয়েৰে আহিবলৈ সাজু হৈছে আন এখন নতুন অসমীয়া ধাৰাবাহিক। অসমৰ স্বাভিমান ভ্ৰাম্যমাণ নাট্যদলৰ আশীৰ্বাদ, ভাগ্যদেৱী, ৰাজমুকুট ইত্যাদি থিয়েটাৰত অভিনীত গায়ত্ৰী বৰাৰ আগন্তুক ধাৰাবাহিকখনৰ বাবে অপেক্ষাৰত হৈ পৰিছে তেওঁৰ অনুৰাগী সকল। ৬ বছৰ বয়সতে সদৌ অসম সূৰ্য বৰা সোৱৰণী নাট প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ শিশুশিল্পীৰ বঁটা লাভ কৰা অভিনেত্ৰী গৰাকীয়ে ২০০৪ চনত ‘ফেন খোৱা’ শীৰ্ষক ছবিখনত কৰা অভিনয়ৰ দ্বাৰা ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰে।

https://www.instagram.com/p/CTlyfiCK929/?utm_source=ig_web_copy_link


উল্লেখ্য যে, গায়ত্ৰী বৰাৰ অভিনয়েৰে আহিবলগীয়া ধাৰাবাহিকখনৰ পৰিকল্পনা ৰাজেশ ভূঞাৰ আৰু পৰিচালনা পৱন মহন্তৰ। প্ৰমো’ মুক্তি লাভৰ পিছত এক কথাত স্পষ্টকৈ ক’ব পাৰি যে পূৰ্বতকৈ এই ধাৰাবাহিক খনত এক সুকীয়া চৰিত্ৰ ৰূপায়ণ কৰিব গায়ত্ৰী বৰাই। ৰেঙণি চেনেল যোগে সম্প্ৰচাৰ হ’বলগীয়া ধাৰাবাহিক খনৰ নাম ‘মায়াবিনী’

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform