অসমীয়া সংগীত ক্ষেত্ৰখন যথেষ্ট বিশাল; ইয়াত ইজনৰ পিছত সিজনকৈ প্ৰতিভাৰ সংযোজন হৈ গৈ থাকে। প্ৰত্যেকটো দিনত একোটাকৈ শিশুৱে হয়টো এটা গান শুনি নিজ পিতৃ-মাতৃৰ ওচৰত গুনগুনাবলৈ আৰম্ভ কৰে; আনহাতে আকৌ, আন একোটা শিশুৰ সংগীতৰ প্ৰতি থকা ইচ্ছাক দেখি পিতৃ-মাতৃয়ে তেওঁক গীত গাবলৈ উৎসাহিত কৰে। এয়া নিৰৱিচ্চিন্ন প্ৰক্ৰিয়া; আদি কালৰ পৰা চলি আহি ই অনন্ত কাললৈ ঠিক এনেদৰেই চলি যাব। কিছুমান ক্ষেত্ৰত যদিও পৰিৱৰ্তন অথবা সাল-সলনিৰ মুখা-মুখি হোৱা দেখা যায় তৎস্বত্বেও আমাৰ এই সংগীত ক্ষেত্ৰখন পূৰ্বতকৈ অধিক জীপাল হ’ব বুলি একাষাৰে কৈ দিলেও হয়টো সেয়া অতিৰঞ্জিত নহ’ব।জীৱনৰ পাৰ্থিৱ বস্তুসমূহৰ আঁতৰি অথবা ব্যৱসায়িক যিটো মানসিকতা সেই আটাইবোৰৰ উৰ্দ্ধতো শেহতীয়াকৈ গীতৰ নিৰ্মাণ হৈছে। যিবোৰ গীতৰ যদিও ভিউৱাৰচৰ সংখ্যা কম তথাপিও গীতসমূহৰ অন্তৰ্নিহিত ভাৱধাৰা সমূহ উল্লেখনীয় তথা লেখল’বলগীয়া। এই সংগীত ক্ষেত্ৰখনত অন্তৰ্ভূক্ত বহু ন-ন প্ৰতিভাৰ বিষয়ে আপোনালোকে ৰূপালীপৰ্দাৰ জৰিয়তে পঢ়িবলৈ পাইছে; এই প্ৰতিভা সমূহৰ আগন্তুক পৰিকল্পনা তথা প্ৰকল্প সমূহ নিৰ্মাণক লৈ তেওঁলোকৰ মানসিকতা আদিয়ে শ্ৰোতা দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আমি শেহতীয়াকৈ কথা পতা বন্তি দলে তাৰ মাজৰেই এগৰাকী। নৱাগতা বন্তি দলেৰ কণ্ঠৰে মুক্তিপ্ৰাপ্ত “তোমাৰেই লগত” শীৰ্ষক গীতটিয়ে লাভ কৰিছে জনপ্ৰিয়তা। তেওঁৰ আৰম্ভণিৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে,
“সৰুৰেই পৰাই সংগীতৰ প্ৰতি মোৰ ৰাপ আছিল।আইতাই গান গাবলৈ উৎসাহ দিছিল, শৈশৱৰ পৰাই সংগীত চৰ্চা কৰি আহিছোঁ। হিন্দুস্তানী শাস্ত্ৰীয় সংগীতত বিশাৰদ ডিগ্ৰীয়ো গ্ৰহণ কৰিছোঁ। বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰাৰ সুযোগ লাভ কৰিছোঁ।কিন্তু, পৰৱৰ্তী সময়ত অধ্যয়ন বা বৃত্তিগত কাৰণত সংগীতক বেছি সময় দিব পৰা নাছিলোঁ। এই সংগীতৰ যাত্ৰাত মোৰ স্বামী বিজু পেগুৱে দিয়া অনুপ্ৰেৰণাৰ কথা উল্লেখ কৰিবই লাগিব। সংগীতৰ ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ তেওঁ মোক প্ৰতিটো ক্ষেত্ৰতে সহায়-সহযোগিতা আৰু প্ৰেৰণা দি আহিছে।” তেওঁৰ পৰা এগৰাকী ‘শিল্পী’ ৰ সংজ্ঞা জানিবলৈ বিচৰাত বন্তিয়ে কয় যে, “জ্যোতিপ্ৰসাদে কৈছিল- “ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ।” ঠিক তেনেদৰেই, শিল্পীৰ সংজ্ঞা অতি বিস্তৃত। এগৰাকী শিল্পী হ’বলৈ হ’লে তেওঁ শিল্পক শ্ৰদ্ধা কৰিব লাগিব। প্ৰতিকূলতাৰ মাজতো সৃষ্টিৰ প্ৰতি তেওঁৰ তাড়না থাকিব লাগিব। এই সৃষ্টি হ’ব লাগিব মানুহৰ বাবে, সমাজৰ বাবে। মানুহ আৰু সমাজ অবিহনে কোনেও শিল্পী হ’ব নোৱাৰে। শিল্পীক স্বীকৃতি দিয়ে ৰাইজে। সেয়ে সৃষ্টিকৰ্মৰ জৰিয়তে তেওঁ ৰাইজৰ হৃদয় জয় কৰিব পাৰিব লাগিব। সমাজবিমুখ, মানৱতাবিৰোধী কৰ্মত শিল্প নাথাকে বুলি মই ভাবোঁ।” এগৰাকী নৱপ্ৰজন্মৰ শিল্পী হিচাবে দায়বদ্ধতাৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “নৱপ্ৰজন্মৰ শিল্পী হিচাবে আমাৰ যথেষ্ট দায়বদ্ধতা আছে। আমি এতিয়াও শিকাৰু। গতিকে যিমান দূৰ সম্ভৱ শুদ্ধ ৰূপত গীত এটা পৰিৱেশন কৰিবলৈ যত্ন কৰাটো প্ৰথম দায়িত্ব। নিজৰ সৃষ্টিকৰ্মৰে ৰাইজক বিশুদ্ধ মনোৰঞ্জন দিবলৈ প্ৰতিজন শিল্পীয়েই চেষ্টা কৰে। একেদৰে আমি পুৰণিখিনিক পাহৰিলে নহ’ব। আমাৰ আগৰ প্ৰজন্মৰ স্বনামধন্য শিল্পীসকলৰ গীত, থলুৱা গীত-মাতসমূহ চৰ্চা কৰি সেইসমূহ জীয়াই ৰখাৰ বাবে আজিৰ প্ৰজন্মৰ শিল্পীসকলে যৎপৰোনাস্তি চেষ্টা কৰিব লাগে বুলি ভাবোঁ।”
আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “ভৱিষ্যৎ পৰিকল্পনা বুলিলে কেইবাটাও আছে। গ্ৰেচিয়া এণ্টাৰটেইনমেণ্টৰ বেনাৰত এক ব্যতিক্ৰমী কাম ইতিমধ্যে আৰম্ভ হৈছে। এখন চুটি ছবি নিৰ্মাণৰ বাবে আমি প্ৰস্তুতি চলাইছোঁ। ছবিখনত অসমৰ কেইবাগৰাকীও আগশাৰীৰ অভিনেতা-অভিনেত্ৰী আৰু সংগীত শিল্পী জড়িত থাকিব। সংগীত পৰিচালনাৰ দায়িত্বত আছে ত্ৰিয়ন মহন্ত। চুটি ছবিখনৰ জৰিয়তে ৰাইজক ‘ছাইবাৰ চিকিউৰিটী’ সন্দৰ্ভত বাৰ্তা দিয়াৰ চেষ্টা কৰা হৈছে। এইক্ষেত্ৰত গ্ৰেচিয়া টেকন’লজীয়ে বিশেষ ভূমিকা পালন কৰিছে। মনোৰঞ্জনৰ লগতে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিব পৰা এনেধৰণৰ কেইবাটাও কাম কৰাৰ বাবে মনত হেঁপাহ পুহি ৰাখিছোঁ।
Add comment