Rupaliparda.com
Super Dancer Chapter 4' ফাইনেলিষ্ট অসম কন্যা ফ্লৰিণা গগৈৰ বাবে ভোটৰ আহ্বান দীক্ষু শৰ্মাৰঃ 1

Super Dancer Chapter 4′ ফাইনেলিষ্ট অসম কন্যা ফ্লৰিণা গগৈৰ বাবে ভোটৰ আহ্বান দীক্ষু শৰ্মাৰঃ

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসম সন্তানে বাৰম্বাৰ আমাক গৌৰৱান্বিত কৰি আহিছে। এইবাৰ ‘Super Dancer Chapter 4’ অসমৰেই আন এগৰাকী কন্যা ফ্লৰিণা গগৈয়ে নিজ সুন্দৰ নৃত্য প্ৰদৰ্শন কৰি ফাইনেল ৰাউণ্ডলৈ যাবলৈ সক্ষম হৈছে। এই ফাইনেল ৰাউণ্ডত কন্যা গৰাকীক বিজয়ীৰ মুকুট পিন্ধিবলৈ ৰাইজৰ ভোটৰ প্ৰয়োজন হ’ব, গতিকে শেহতীয়াকৈ সমগ্ৰ অসমবাসীয়ে ইজনে সিজনক ফ্লৰিণাক ভোট দিবলৈ আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে। এইক্ষেত্ৰত অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰো চিলেব্ৰেটীসকলে তেওঁক ভোট প্ৰদান কৰিবলৈ আহ্বান কৰে। উল্লেখ্য যে, অহা ৯ অক্টোবৰ তাৰিখে, চনী চেনেল যোগে সম্প্ৰচাৰিত এই শ্ব’টোৰ ফাইনেল ৰাউণ্ড অনুষ্ঠিত হ’ব। জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মাই ইনষ্টাগ্ৰাম যোগে কয় যে,

Super Dancer Chapter 4' ফাইনেলিষ্ট অসম কন্যা ফ্লৰিণা গগৈৰ বাবে ভোটৰ আহ্বান দীক্ষু শৰ্মাৰঃ 2

“অসম কন্যা ফ্লৰিণা গগৈ বৰ্তমান sony tv ত সম্প্ৰচাৰিত reality show super dancer chapter 4 সুন্দৰ নৃত্য প্ৰৰ্দশন কৰি সকলোৰে মন জয় কৰাৰ লগতে অসমৰ নাম ৰাষ্ট্ৰীয় পেক্ষাপটত উজ্বলাই তুলিছে। ইতিমধ্যে ফ্লৰিণা গগৈ top 5 ত প্ৰৱেশ কৰিছে। এতিয়া তাইক অসমবাসী ৰাইজৰ বহুত বহুত মৰম আৰ্শীবাদৰ লগতে ভোটৰ প্ৰয়োজন। আপোনালোকে ফ্লৰিনাক ভোট দিবৰ বাবে Download/update কৰক SonyLiv app আৰু super dancer chapter 4 ৰ ভোটৰ শাখাত গৈ ফ্লৰিণা ৰ ফটো খনত ক্লিক কৰিব। SonyLiv app ৰ পৰা আপুনি ফ্লৰিণা ক 200 টা ভোট দিব পাৰিব।ফ্লৰিণাক আপোনালোকে www.firstcry.com ৰ পৰাও 200 টা ভোট কৰিব পাৰিব। 9th oct ত যিহেতু final আছে সেইয়েহে সোমবাৰ আৰু মঙলবাৰে Voting Line খুলি দিয়া হৈছে। আপোনালোকৰ ভোটে ফ্লৰিণাক জয়যুক্ত হোৱাত সহায় কৰিব।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform