Rupaliparda.com
প্ৰসিদ্ধ কামৰূপীয়া লোকগীতৰ শিল্পী ৰামেশ্বৰ পাঠকঃ 1

প্ৰসিদ্ধ কামৰূপীয়া লোকগীতৰ শিল্পী ৰামেশ্বৰ পাঠকঃ

অসমীয়া সংগীত ক্ষেত্ৰখনত এনে বহু লোকৰ অৱদান আছে; যিসমূহ চিৰস্থায়ী। ইয়াক কাহানিও পাহৰিব পৰা নাযায়। তেওঁলোকে কেৱল মাত্ৰ অসমতেই নহয়; অসমৰ বাহিৰৰো বিভিন্ন ঠাইত নিজ কলা প্ৰদৰ্শন কৰি সুখ্যাতি লাভ কৰিছে। এনে এগৰাকী শিল্পীৰ নাম হৈছে ৰামেশ্বৰ পাঠক। ১৯৩৮ চনৰ ১ মাৰ্চত জন্মগ্ৰহণ কৰা এই গৰাকী শিল্পীয়ে পণ্ডিত দয়াল চন্দ্ৰ সূত্ৰধাৰৰ ওচৰত বৰগীতৰ শিক্ষা গ্ৰহণ কৰে আৰু পিছলৈ নিজ মহাবিদ্যালয়ত অনুষ্ঠিত বিভিন্ন সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি লাভ কৰে প্ৰথম স্থান লগতে জনপ্ৰিয়তা। তাৰ পিছৰ পৰাই তেওঁৰ নামে এক সংগীত শিল্পী ৰূপে খ্যাতি লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ গুৱাহাটীলৈ আহি আৰ্য্য কলেজত যোগদান কৰে এগৰাকী শিক্ষক ৰূপে আৰু তেনে সময়ত অল ইণ্ডিয়া ৰেডিঅ’ অডিশ্বন আৰম্ভ হয়; ৰামেশ্বৰে তেওঁৰ বন্ধু আফজল হুচেইনৰ কথা পেলাব নোৱাৰি অডিশ্বনৰ বাবে আগবাঢ়ে।

প্ৰসিদ্ধ কামৰূপীয়া লোকগীতৰ শিল্পী ৰামেশ্বৰ পাঠকঃ 2


অডিশ্বনত বিচাৰক ৰূপে কমল নাৰায়ণ চৌধুৰীয়ে ৰামেশ্বৰ পাঠকৰ গীত শুনি তেওঁক প্ৰশংসা কৰাৰ লগতে নিচেই কম সময়ৰ ভিতৰত অল ইণ্ডিয়াৰ ৰেডিঅ’ ৰ দ্বাৰা সমগ্ৰ জনসাধাৰণৰ বাবে এক চিনাকী নাম হৈ পৰে ৰামেশ্বৰ পাঠক। দিল্লী, মুম্বাই, বাংগালুৰু,উৰিষ্যা, হিমাচল, কলকাতা তথা উত্তৰ-পূৰ্বাঞ্চলত তেওঁ গীত পৰিৱেশন কৰি এগৰাকী প্ৰসিদ্ধ কামৰূপীয়া লোকগীতৰ শিল্পী ৰূপে চিনাকী লাভ কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform