Rupaliparda.com
"কেলেণ্ডাৰ"ৰ পৰিচালকৰ "তাৰিখ" --উৎপল মেনা 1

“কেলেণ্ডাৰ”ৰ পৰিচালকৰ “তাৰিখ” –উৎপল মেনা

"কেলেণ্ডাৰ"ৰ পৰিচালকৰ "তাৰিখ" --উৎপল মেনা 2

আৰু এখন অসমীয়া চিনেমা– হিমজ্যোতি তালুকদাৰৰ। “কেলেণ্ডাৰ”ৰ পৰিচালক গৰাকীৰ দ্বিতীয় খন চিনেমা, নাম– তাৰিখ”।
সামাজিক মাধ্যমত এখন দেখা এখন স্থিৰচিত্ৰ। বহু কথা কৈ যোৱা, চকু চুই যোৱা। ফ্ৰেমত– এক আদহীয়া ব্যক্তি, প্ৰকৃতি। “প্ৰকৃতি”ৰ ভাষায়ে যেন ব্যক্তি গৰাকীৰ মনৰ কথা। ফটো খনৰ ব্যাক্তি গৰাকী “কেলেণ্ডাৰ”ৰ হিতেশ কাকতি (অৰুণ নাথ) নহয়তো! হিতেশ কাকতি নহয়, ব্যক্তি গৰাকীৰ নাম– দুৰ্লভ দত্ত। ফটো খনে কয়– দুৰ্লভ দত্তৰ জীৱন বাটৰ অভিজ্ঞতা ৭০ বছৰৰ কম নহয়!
পৰিচালক হিমজ্যোতি তালুকদাৰে লিখিছে– “কোলাহলৰ পৃথিৱীখনত মৌনতাৰ এক বিশেষ ভাষা আছে – য’ত সোমাই থাকে আমাৰ ভিতৰখনত তোলপাৰ লগাই থকা আশাবোৰ, ঠিক যেন নিস্তব্ধ কিছুমান মুহূৰ্তত থকা সম্ভাৱনাৰ এটা আভাস! নৈঃশব্দৰ মাজতো লুকাই থাকে কিছুমান অকথিত কাহিনী – হৃদয়ৰ কথা কোৱা কাহিনী, ভালপোৱা আৰু হেৰুওৱাৰ কাহিনী, অতীতৰ গহ্বৰত লীন হৈ ভৱিষ্যতৰ সপোন দেখাৰ কাহিনী, আৱেগৰ ভাষাৰে সকলোকে সংযোগ কৰা কাহিনী – দুৰ্লভ দত্তৰ কাহিনী! …মৌনতাৰ মাজেৰে আপাহবোৰক খেপিয়াই ফুৰা দুৰ্লভ দত্তৰ পৃথিৱীখনলৈ আপোনাক স্বাগতম।”
থাকক, কাহিনী প্ৰসংগ ইমানত থাকক, আৰু বেছি অনুভৱৰ বাট নিবিচাৰোঁ! ৬ ডিচেম্বৰ (২০২৪) -লৈ অপেক্ষা কৰোঁ! এই দিনটোতে চিত্ৰগৃহলৈ আহিব চিনেমা খন।
“চিনেমা”ত আমি “চিনেমাৰ ভাষা” (cinematic language) -ৰ আনন্দ লোৱা দৰ্শক। ফটো খনে দিয়া “অনুভৱ”– আমাক হতাশ নকৰিব! আৰু সংগীত! সংগীত তৰালি শৰ্মাৰ যেতিয়া আশা কৰিব পাৰি– ৰূপালী গল্পটোৰ অলংকাৰ হ’ব! (চিনেমা খনৰ প্ৰসংগত তৰালি শৰ্মা: কেতিয়াবা কিছুমান কামে দকৈ মন-মগজু চুই যায়। শেহতীয়াকৈ হিমজ্যোতি তালুকদাৰৰ নতুন চিনেমা ‘তাৰিখ’ৰ আৱহ সংগীত কৰি থাকোতে তেনে ভাৱ হৈছিল। প্ৰত্যেক মানুহেই যে কিমান বেদনা কঢ়িয়াই লৈ ফুৰে…নীৰৱে…৷ শ্ৰদ্ধাৰ অৰুণ নাথ দা মানে দুৰ্লভ দত্তই একো সংলাপ নোকোৱাকৈও কিমান শক্তিশালী অথচ কিমান অসহায়– “তাৰিখবোৰ কাৰোবাৰ কাৰণে যদি হাঁহি কাৰোবাৰ কাৰণে অন্তহীন প্ৰতীক্ষা!”)
অৰুন্ধতী শৰ্মা বৰুৱা আৰু ড° মুক্তিস্মান হাজৰিকাৰ প্ৰযোজনাৰে নিৰ্মিত এই “তাৰিখ”ত আৰুণ নাথৰ লগতে অভিনয় কৰিছে– বলোৰাম দাস, স্বাগতা ভৰালী, কুল কুলদীপ, ডা: জয়ন্ত দাস, সঞ্জীৱ শৰ্মা আদিয়ে।
–চিনেমা খনৰ চিত্ৰনাট্য হিমজ্যোতি তালুকদাৰ, অংকুৰ ডেকা আৰু অধিৰাজ কাশ্যপৰ। চিত্ৰগ্ৰহণ: অনিৰুদ্ধ বৰুৱা, শব্দ গ্ৰহণত দেৱজিৎ গায়ন, সম্পাদনা : উদীপ্ত কুমাৰ ভট্টচাৰ্য, সাজ-সজ্জাৰ দায়িত্বত আছে ৰাণী দত্ত বৰুৱা, ৰূপ সজ্জাত আকাশ গগৈৰ।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform