Rupaliparda.com
লৰ্ড দাসৰ নতুন চিনেমা--উৎপল মেনা 1

লৰ্ড দাসৰ নতুন চিনেমা–উৎপল মেনা

৪ এপ্ৰিল। কালি উপস্থিত আছিলোঁ এখন অসমীয়া চিনেমাৰ শুভ মহুৰৎ অনুষ্ঠানত। পৰিচালক লৰ্ড দাসে আমন্ত্ৰণ কৰিছিল কেমেৰাৰ ছুইচ অন কৰিবলৈ। চিনেমা খনৰ পৰিচিলক গৰাকীয়ে আঁতধৰা অনুষ্ঠানটিত নাৰিকল ভাঙি মংগল কামনা কৰে সংগীত শিল্পী-চিনেমা পৰিচালক অৱনী ৰঞ্জন পাঠকে। কেমেৰাত মাল্যদান কৰে ড° নিখিলেশ বৰুৱাই।

লৰ্ড দাসৰ নতুন চিনেমা--উৎপল মেনা 2
–শুভ মহুৰতত লগ পালোঁ সংগীত পৰিচালক, বাঁহী বাদক দীপক শৰ্মাক। চিনেমা খনৰ আৱহ সংগীত ৰচনা-সংযোগ কৰিব। চিনেমা খনত দুটা গীত ব্যৱহাৰ কৰিব। এটা গীতৰ সুৰ দীপক শৰ্মাৰ, কথা: প্ৰনৱ কুমাৰ বৰ্মনৰ। সুৰ-কথা মন চুই যোৱা, মনত ৰৈ যোৱা। চিনেমা খনৰ আনটো গীত মুম্বাইৰ ৰটনাৰ। দীপক শৰ্মা-ৰটনা এই চিনেমা খনৰ সংগীত পৰিচালক।
চিনেমা খনৰ লেখক-পৰিচালক লৰ্ড দাসে জনালে, কাহিনী কেন্দ্ৰ বিন্দু-গতি এই প্ৰজন্ম। কাহিনীৰ ইংগিত আছে চিনেমা খনৰ নামত– “লাভ ডট কম”। চিনেমা খনত “হিংলিছ চিনেমা ষ্টাইল”ত হিন্দী আৰু অসমীয়া সংলাপ ব্যৱহাৰ কৰিব। অভিনয় কৰিব দিল্লীৰ ৰাহুল কামাণ্ডু, বিগবছ খ্যাত লাকী কেম্বোজ, মুম্বাইৰ তাহিৰ কামাল খান, ব্রজেশ দাস, কল্যাণজী, অসমৰ হিমজ্যোতি মেধি, ভার্গৱ কটকী, ডঃ নিখিলেশ বৰুৱা, অমিত চৌধুৰী, জিমলী তালুকদাৰ, সংগীতা কৈৰী আদিয়ে। দিল্লী, মুম্বাই আৰু অসমত দৃশ্যগ্রহণ হ’ব লগীয়া চিনেমা খনৰ চিত্ৰগ্ৰহণ কৰিব মুম্বাইৰ সৰবৰ – চয়ীদ আৰু অভি দাসে।

লৰ্ড দাসৰ নতুন চিনেমা--উৎপল মেনা 3

আহিছোঁ লৰ্ড দাস প্ৰসংগলৈ।
ভালেমান সংগীত ভিডিঅ’ পৰিচালনা কৰা লৰ্ড দাসক জানিছিলোঁ “কুঁহি”ৰ পৰা।
কুঁহি চিনেমা খনৰ নায়িকা। কেন্দ্ৰীয় চৰিত্ৰ। সৰল মনৰ কুঁহিয়ে নিজ, নিকা বাটে খোজ কাঢ়ি ভাল পায়। পৰিচালক-লেখকে কুঁহি কেন্দ্ৰিক এটা ত্ৰিকোণীয় প্ৰেমৰ গল্প নিৰ্মাণ কৰিছে। নায়িকাৰ বিপৰীতে দুই চৰিত্ৰ– এজন হিন্দু (নায়ক), আনজন মুছলমান (খলনায়ক!)। প্ৰেম কেন্দ্ৰিক সংঘাত। সংঘাত ‘ধৰ্ম’লৈ বিয়পাই। চহৰৰ দাঁতি কাষৰীয়া (এখন হিন্দু, আনখন মুছলমানৰ) দুখন গাঁৱৰ সম্প্ৰীতিত ফাট মেলে। দুখন গাঁৱৰ এখন বিহু দুখন হয়। খলনায়কৰ দুৰ্ঘটনা হয়। তেজৰ প্ৰয়োজন হয়। কুঁহিয়ে তেজ দিয়ে। শেষত মিলন।

লৰ্ড দাসৰ নতুন চিনেমা--উৎপল মেনা 4অভিনয় কৰিছে চেতনা দাস, ভার্গব কটকী, পার্থিব প্রিয়ানুজ, ৰূপম শৰ্মা, পীয়া বৰুৱা, মুন বৰা, আদিপ্রিয়া বনিয়া, চন্দ্রামিকা শর্মা, লিপিকা, উপাসনা ভৰদ্বাজ, নিপম কলিতা, আশুতোষ ৰাজ প্রীতম, আৰক্ষী বিষয়া গৰ্গেশ্বৰ দাস, ভবেন্দ্ৰ দেৱ গোস্বামী, মন ময়ুৰী শইকীয়া, মামণি দাস, ড° নিখিলেশ বৰুৱা, দীক্ষিতা আদিয়ে। চিনেমা খনৰ– সংগীত পৰিচালনা মানস (মিকু), আবহ সংগীত কবীন্দ্ৰ দাস সহযোগী উদ্দিপ্ত শর্মা, সম্পাদনা ৰিতুৰঞ্জন হাতিমুৰীয়াৰ, চিত্ৰগ্ৰহণ প্রসেনজিৎ আৰু অমৰৰ। ৰৃপালী গল্পটোত ব্যৱহাৰ হোৱা গীত কেইটাত কণ্ঠদান কৰিছে ৰক্তিম দত্ত, দীক্ষিতা দাস, গীতিকাৰ সুৰজিত শৰ্মাই। প্ৰযোজনা কৰিছে ড° নিখিলেশ বৰুৱাই। সহ-প্রযোজক গকুল বনিয়া। চিত্ৰগৃহলৈ আহিছিল ৮ মাৰ্চ ২০২৪ -ত।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform