27 Wagons Full of Cotton –টেনেচি উইলিয়ামছৰ নাটক। অসমীয়া অনুবাদ: ২৭ গাড়ী কঁপাহ। মূল নাটক খন পঢ়া নাই, গতিকে নাজানিম– অনুবাদ কৰোতে, নাটক খনৰ অনুবাদক সুৰেশ কুমাৰে কিমান স্বাধীনতা লৈছে বা লোৱা নাই। অনুবাদ কৰা নাটক খনে, নাটক খনৰ সংলাপে আমাক চুই গৈছে। প্ৰতিটো সংলাপতে কাহিনীৰ গতি, চৰিত্ৰ বিন্যাস স্পষ্ট।
–নাটক খন মঞ্চস্থ হৈছিল সূৰ্য্যৰ অন্তৰংগ প্ৰক্ষাগৃহত, যোৱা ৩ আৰু ৪ এপ্ৰিল তাৰিখে। ঐক্যতানে নিবেদন কৰা আমেৰিকাৰ এজন অন্যতম শ্ৰেষ্ঠ নাট্যকাৰ টেনেছি উইলিয়ামছৰ নাটক খনৰ এই “অনুবাদ” চোৱাৰ পাছত আলোচনা বা সমালোচনাৰ কথা মনলৈ অহা নাই। নহাটোৱে স্বাভাৱিক। ১৯৪৬ চনত মূল নাটক খন মঞ্চস্থ হৈছিল। আৰু তেতিয়াৰে পৰা মূল ভাষাত, অনুবাদ হোৱা বিভিন্ন ভাষাত নাটক খন যে কিমানবাৰ মঞ্চস্থ হৈছে হিচাপ নাই। আৰু প্ৰতিবাৰেই নাট্য পণ্ডিত সকলে আলোচনা-সমালোচনা কৰিছে, নাটক খনক “শ্ৰেষ্ঠ নাট্য সাহিত্য”ৰ স্থানত ৰাখি আহিছে। নাটক খনক ৰূপালী গল্পলৈয়ো ৰূপান্তৰ কৰিছে– ১৯৫৬ চনত “বেবী ডল” (Baby Doll) নামেৰে। চিনেমা খন অশ্লিলতাৰ দোষত পৰিছিল, নেচনেল লিজিয়ন অৱ ডিচেন্সিয়ে (National Legion of Decency) নিন্দা কৰিছিল। বিপৰীতে Black comedy খনক চিনে আলোচক সকলে প্ৰশংসা কৰিছিল, কেইবাখনো প্ৰথম শ্ৰেণীৰ চলচ্চিত্ৰ মহোৎসৱ জয় কৰিছিল (Golden Globe Award for Best Director for Kazan and nominations for four other Golden Globe awards, four Academy Awards and four BAFTA Awards. Wallach won the BAFTA award for Most Promising Newcomer)। স্বাভাৱিকতে ৰূপালী গল্পলৈ ৰূপান্তৰ কৰাৰ সময়ত মূল নাটক খন সম্প্ৰসাৰণ কৰা হৈছিল, কিছু পৰিবৰ্তন হৈছিল। –এই চিনেমা খনৰ হেনো মূল সৌন্দয্য আছিল
কেৰল বেকাৰৰ অভিনয়। ১১৪ মিনিট দৈৰ্ঘৰ চিনেমা খনত মূৰ নায়িকা বেবী ডল মেইগানৰ চৰিত্ৰত অভিনয় কৰিছিল কেৰলে।
–আমি চোৱা “২৭ গাড়ী কঁপাহ”ৰো মূল সৌন্দৰ্য আছিল ফ্ল’ৰা মেগনৰ চৰিত্ৰত কৰা কুইন হাজৰিকাৰ অভিনয়। প্ৰদ্যুৎ কুমাৰ ডেকাৰ পৰিচালনাৰ লগতে কুইনৰ অভিনয় চাই মুগ্ধ হ’লোঁ। সংলাপ প্ৰক্ষেপন, অভিনয়ৰে আমাৰ দৃষ্টি “ফ্ল’ৰা” বিন্দুটোত স্থিৰ কৰি ৰাখিছিল। নাটক খনৰ চৰিত্ৰ তিনিটা। আন দুটা পুৰুষ চৰিত্ৰ– জেক মেগন, ভিকাৰো ছিলভা। চৰিত্ৰ দুটাত আভিনয় কৰিছে ক্ৰমে মৃদুপৱন দত্ত, অতনু কাশ্যপে। অতনুৰ অভিনয় ভাল লাগিল, দুবাৰ সংলাপ প্ৰক্ষেপনত উজুটি খাইছে যদিও। মৃদুপৱন দত্তৰ “শৰীৰ”ত আভিনয় নেদেখিলোঁ। আমাৰ অনুভৱ– “চৰিত্ৰ”টোৰ সৈতে একাত্ম হোৱাত অভিনেতা গৰাকী ব্যৰ্থ। অৱশ্যে এই দুৰ্বল অভিনয়ে নাটক খনৰ সৌন্দৰ্য হৃাস কৰা নাই, কুইনৰ “অভিনয় সৌন্দৰ্য”ৰ বাবে।
–আহিছো নাটক খনৰ গল্পলৈ। ফ্ল’ৰা সুন্দৰী, কপাহৰ দৰে, মনটোও শৰীৰৰ দৰে কোমল। ভোগবাদী জটিল সমাজৰ লগত তাল মিলাব নোৱাৰা নাৰী। ফ্ল’ৰাৰ স্বামী জেক মেগন কৰ্কশ মনৰ। সন্দেহ হয়– পত্নীক যে মৰম কৰে! পত্নীক (শকতআৱত নাৰীক) মাংসৰ লগত তুলনা কৰিবলৈও কুণ্ঠাবোধ নকৰে। জেক মেগনৰ বাবে পত্নীতকৈ কপাহ (কপাহৰ ব্যৱসায়) গুৰুত্ব বেছি। নাটক খনত লাহে লাহে স্পষ্ট হয়– জেক মেগনে প্ৰতিদ্বন্দ্বী কপাহ বেপাৰি ভিকাৰো ছিলভাৰ কপাহ চোৰ কৰা কথা। এগৰাকী সমালোচকে লিখিছে– “কাহিনীভাগে ইচ্ছা, হেতালি খেলা আৰু ক্ষমতাৰ গতিশীলতাৰ বিষয়বস্তু অন্বেষণ কৰে যেতিয়া ছিলভাই জেকৰ বিৰুদ্ধে তেওঁৰ কপাহী জিন জ্বলাই দিয়াৰ প্ৰতিশোধ বিচাৰে, ফ্ল’ৰাৰ শৰীৰত। মানৱ অৱস্থাৰ চিত্ৰণত উইলিয়ামছৰ দক্ষতা প্ৰদৰ্শন কৰা এই নাটকখন তীব্ৰ সংলাপ আৰু জটিল চৰিত্ৰৰ বাবে পৰিচিত।…” –নাৰীয়ে হাতত কিবা এটা লৈ থাকিব বিছাৰে! ফ্ল’ৰাই হাতত এটা মাণিবেগ লৈ ফুৰে। নাটকৰ শেষত দেখা যায় ফ্ল’ৰাই হাতৰ বেগটোকেই এটি কেচুৱাৰ দৰে দোলাইছে ঠিক মাকৰ দৰে। জেক মেগনে, বস্তুবাদী জগতখনে যেন অনুভৱত ব্যৰ্থ– নাৰীৰ এক হৃদয় আছে, হৃদয়ত সন্তানৰ বাবে মমতা আছে। কৰুণ সমাপ্তি। কিন্তু কাৰুণ্য নহয়, অভিনয় সৌন্দৰ্যহে (ফ্ল’ৰা চৰিত্ৰত কৰা…) মনত লৈ উভতিলো, সূৰ্য্যৰ অন্তৰংগ প্ৰেক্ষাগৃহৰ পৰা।
Add comment