“ইতি তোমাৰ” –এখন অসমীয়া চিনেমা। পাৰৱেজ আহমেদৰ প্ৰথম (পূৰ্ণদৈৰ্ঘ) পৰিচালনা। চিনেমা খন চোৱাৰ পাছতে (জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। ২৩ মাৰ্চ ২০২৪।) আমি দৃশ্য মাধ্যমৰ এগৰাকী সংংবাদকৰ্মীৰ প্ৰশ্নৰ উত্তৰত কৈছিলোঁ, পৰিচালকৰ গল্প কোৱাৰ শৈলীত নতুন চিনে চিন্তাৰ ছাঁ, ভাল লগা দিশ– কেমেৰা ডিজাইন, চৰিত্ৰ নিৰ্মাণ আৰু গীত। গীত চিনেমাৰ অংগ হৈছে, গীতে ৰূপালী গল্পটোক গতি দিছে। গীতৰ কথা, সুৰ, গায়কী আৰু চিত্ৰায়ণক চিনে অলংকাৰ বুলিব পাৰি, মুকলি মনেৰে। (সংগীত: হীৰকজ্যোতি নাথ। কথা আৰু সুৰ: যুতিমালা বুঢ়াগোঁহাই, মধু পাটোৱাৰী। কণ্ঠ: হীৰকজ্যোতি নাথ, যুতিমালা বুঢ়াগোহাঁই।)
ৰূপালী গল্পটোৰ গতিৰ পূৰ্বে চিনেমেটিক চমক, (পৰিচালকৰ লগতে আৱশ্যেই প্ৰশংসা কৰিব লাগিব চিনেমাটোগ্ৰাফাৰ ৰূপমজ্যোতি শইকীয়াক।) ইতিহাস স্পষ্ট। কাহিনীৰ গতিত ভূগোল স্পষ্ট। শ্বট নিৰ্বাচন, শ্বটৰ গাণিতিক প্ৰয়োগ আৰু “সময়”ৰ সৈতে খাপ খোৱাকৈ নিৰ্মাণ কৰা চৰিত্ৰই চুই যোৱাৰ পাছতো কিন্তু আমাক “চিনেমা” খনে হতাশ কৰিলে–, কাহিনীৰ গতি, কাহিনীৰ “ট্ৰিটমেণ্ট”-এ।
“ইতি তোমাৰ”– মনলৈ স্বাভাৱিকতে আহিব পাৰে মিঠা, ভাল লগা প্ৰেমৰ চিঠি। কিন্তু চিনেমা খনৰ কাহিনীৰ গতিত “প্ৰেমপত্ৰ” গৌণ, বিষয়বস্তুও “প্ৰেমপত্ৰ” নহয়। বিষয়: প্ৰেম। প্ৰথম বিন্দু কৈশোৰৰ প্ৰেম। শেষ বিন্দু জীৱনৰ প্ৰায় বিয়লি বেলাত প্ৰেমিক-প্ৰেমিকাৰ মিলন।
চিনেমা খনৰ দৰ্শক হোৱাৰ পূৰ্বে জানিছিলোঁ– চিনেমা খনৰ মূল চৰিত্ৰ (নায়ক) -ৰ জন্ম দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ৰ। অভাৱৰ হেচাত কৈশোৰ, যৌৱন। জীৱন সংগ্ৰামৰ মাজেৰে আমেৰিকাত প্ৰতিস্থিত হোৱাৰ পাছত, পত্নী-দুই ছোৱালী-জোৱাই-নাতিনীৰ সৈতে জীৱনৰ বিয়লি বেলাৰ সুখৰ সময় কটোৱা “নায়ক”ৰ কাহিনীৰ গতি।
আদহীয়া “নায়কে” কৈশোৰ যৌৱনৰ প্ৰেম বিছাৰি অসমলৈ উৰা মাৰে। অসমৰ মাটিত ভৰি দি হাহাকাৰ অনুভৱ কৰে, ষাঠিৰ দশকত এৰিছিলগুৱাহাটী, সেই গুৱাহাটীখনৰ আজি বহু পৰিবৰ্তন হ’ল। অচিনাকী আচিনাকী অনুভৱ হ’ল। ক’ত বিছাৰি পাব, কৈশোৰ-যৌৱনৰ প্ৰেয়সীক!
অতীতচাৰণ– “নায়ক”ৰ মনলৈ আহে কৈশোৰ-যৌৱনৰ প্ৰেম আৰু বিচ্ছেদৰ বেদনা। “বৰ্তমান”, ‘অতীতে”ৰে কাহিনী আগবাঢ়ে। শেষত কৈশোৰ-যৌৱনৰ প্ৰেয়সীক লগ পাই, আৰু মনৰ দুৱাৰ খুলি দিয়ে। অতীতচাৰণত “নায়ক”ৰ জন্ম ৰহস্যও আহে।
–নীলকণ্ঠৰ সৰলৰৈখিক কাহিনী। কিন্তু সৰলৰৈখিক হৈ নাথাকিল অৰিন্দম বৰকটকী আৰু পাৰৱেজ আহমেদৰ চিত্ৰনাট্য। আৰু স্বাভাৱিকতে কিছু হৃাস পালে চিনে সৌন্দৰ্য। “হৃাস পোৱা সৌন্দৰ্য” উদ্ধাৰৰ বাট আছিল। আমাৰ ধাৰণাত সম্পাদনাৰ সময়ত পৰিশ্ৰমৰ প্ৰয়োজন আছিল। (এই খিনিতে উল্লেখ কৰিব পাৰি– আমাৰ ধাৰণাত পৰিচালক, চিত্ৰনাট্যকাৰ চিনেচিন্তা “স্থানীয় বজাৰচিন্তা” শূন্য, “চিনে শিল্পৰ বাবে চিনেমা”ৰ ওচৰৰ।)
আহিছোঁ– চৰিত্ৰ নিৰ্মাণলৈ। চিনেমাত পৰিচালক গৰাকীৰ দক্ষতা (power of director) স্পষ্ট হয় চৰিত্ৰ নিৰ্মাণত। দক্ষতা স্পষ্ট হয় দুটা পৰ্যায়ত– চৰিত্ৰৰ বাবে আভিনেতা-অভিনেত্ৰী নিৰ্বাচনত, “চৰিত্ৰ” আকাৰ দিয়া সময়ত। পৰ্যায় দুটাত পৰিচালক পাৰৱেজ আহমেদ সফল। প্ৰতিটো চৰিত্ৰৰ নিৰ্মাণ কৰ্ম (শব্দ প্ৰয়োগ, সাজ-সজ্জা, খোজ-কাটল, subject-camera movement) পৰিপাটি, , বাস্তৱিক। বিশেষভৱে আমাক চুই গৈছে কিশোৰ অভিনেতা হৰ্ষদ ডি কাশ্যপ (নায়ক অমৰৰ কৈশোৰ কাল…), বৰেণ্যা বৰা (নায়িকা মানসীৰ কৈশোৰ কাল…) -ই। আৰু লিপিকা বৰা মেধি (নায়িকা মানসীৰ বয়স্ক কাল…), ডৰথী ভৰদ্বাজ (নায়িকা মানসীৰ যৌৱন কাল…), অৰুণ নাথে (নায়ক অমৰৰ বয়স্ক কাল…)। নায়ক অমৰৰ যৌৱন কালৰ ‘সময়’ চোৱাৰ চৰিত্ৰত আভিনয় কৰা ড° অনুপম কৌশিক বৰা আৰু ডৰথীৰ অভিনয়ে “৭০ দশকৰ ভাৰতীয় (বলিউড) চিনেমাৰ নায়ক-নায়িকাৰ ইমেজ” মনলৈ আনি দিয়ে। (এই “ইমেজ” ৰূপালী গল্পটোৰ ইতিবাচক দিশ।) “মৌকন” ডৰথীয়ে আমাক আৰু এবাৰ চুই গ’ল, অনুপমৰ সৈতে।
–চৰিত্ৰ নিৰ্মাণৰ ক্ৰম, কেমেৰাৰ ভাষা প্ৰয়োগ, শব্দ (সংলাপ, সংগীত…) -ৰ লগতে চিনেমা খনৰ আন এটা প্ৰশংসা কৰিব পৰা দিশ ৰ কলা নিৰ্দেশনা– পৰিবেশ আৰু “সময়” নিৰ্মাণত সহায় কৰিছে।
Add comment