Rupaliparda.com
।। Bhupen Hazarika: Volume-IV উন্মোচন ।। 1

।। Bhupen Hazarika: Volume-IV উন্মোচন ।।

Bhupen Hazarika

“ভূপেন সাজৰিকা অসম আৰু পশ্চিমবংগৰ মাজত এক সবনন্নয়ৰ সাঁকো।”–এনেদৰে কয় “ভূপেন হাজৰিকা: বিশ্বসংস্কৃতিৰ কণ্ঠস্বৰ”ৰ লগতে ভালেমান অসম কেন্দ্ৰিক গ্ৰন্থ লিখা বঙ্গৰ সাহিত্যিক, কলকাতাৰ চেন্ট প’ল কলেজৰ এছোচিয়েট প্ৰফেছাৰ ড° শেখ মকবুল ইছ লেখক উৎপল মেনাই সম্পাদনা কৰা “Bhupen Hazarika Vol-IV” গ্রন্থ খন উন্মোচন কৰি উন্মোচক ড° ইছলামে আৰু কয়, “সমগ্ৰ বিশ্চৰ বাবে এক বিশ্ব ভাতৃত্বৰ প্ৰবক্তা”।

Bhupen Hazarika

আজি কলকাতা অসম ভৱনত কলকাতা অসমীয়া সাংস্কৃতিক সন্থাৰ উদ্যোগত ভাৰত ৰত্ন,সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯১ সংখ্যক জন্ম দিন উপলক্ষে আয়োজন কৰা অনুষ্ঠানৰ অংশ, এই গ্ৰন্থ উন্মোচন সভাত সন্মানীয় অতিথি হিচাবে উপস্থিত থাকে “চামেলি মেমচা’ব” খ্যাত বিনীতা বৰগোঁহাই মিত্ৰ।

Bhupen Hazarika

উল্লেখ্য যে ১ ডিচেম্বৰ ২০১৯ৰ এই দিনটোতে কলকাতাত “চামেলি মেমচা’ব” খ্যাত জৰ্জ বেকাৰ আৰু বিনীতা বৰগোহাঁয়ে উন্মোচন কৰিছিল আমাৰ “ভূপেন হাজৰিকা” প্ৰকল্পৰ প্ৰথম খন গ্ৰন্থ (সম্পাদিত) “Bhupen Hazarika: Volume I“, স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে ১৫ চেপ্টেম্বৰ ২০২২ ত নতুন দিল্লীত উন্মোচন কৰিছিল “Bhupen Hazarika: Volume II” আৰু ৮ চেপ্টেম্বৰ ২০২৩-ত অৰুণাচলৰ প্ৰদেশৰ ইষ্ট চিয়াং জিলাৰ পাছিঘাটত উন্মোচন কৰিছিল এই প্ৰকল্পৰ তৃতীয় খন গ্ৰন্থ। আৰু আজি আকৌ কলকাতাত উন্মোচন কৰিলে প্ৰকল্পৰ চতুৰ্থ খন গ্ৰন্থ– “Bhupen Hazarika: Volume-IV”। বৰ্ণিল প্ৰকাশৰ হৈ সঞ্জয় কুমাৰ কলিতাই প্ৰকাশ ভূপেন হাজৰিকা প্ৰকল্পৰ এই খণ্ডৰ অতিথি সম্পাদক মুকুল ৰাভা আৰু ড° বনজিৎ ভট্ট। আজিৰ এই “ভূপেন্দ্ৰ জয়ন্তী”ত ড° ভট্টই “ড°ভূপেন হাজৰিকাৰ গীতত আধুনিক অসমীয়া সাহিত্যৰ উন্মেষণ” শীৰ্ষক ভাষণ দিয়ে।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform