
খাকী –অতনু ভূঞাৰ চিনে-চিন্তা। ৰাজনৈতিক থ্ৰীলাৰ (political thriller)! পৰিচালকৰ কাহিনী-চিত্ৰনাট্য। প্ৰথম (পৰিচালনা) চিনেমা।
–চিনেমা খনৰ কেমেৰা চলি আছে ক্ষেত্ৰীৰ লোকেশ্বনত। কেমেৰা চলাইছে পৈনত চিন্তাৰে, হাতেৰে “কেমেৰা” নিয়ন্ত্ৰণত “নাম থকা” প্ৰদীপ দৈমাৰীয়ে। চিনেমা খনৰ লোকেশ্বনত আমি বুজিবলৈ চেষ্টা কৰিছিলোঁ বিষয়-বস্তু, পৰিচালকৰ চিন্তা, “চৰিত্ৰ” ইত্যাদি। আমাৰ মনত কিন্তু (বহুতে চৰ্চাৰ বিষয় হিচাবে লোৱা) এনে ধৰণৰ প্ৰশ্ন নাছিল– হঠাৎ “সংবাদৰ মানুহ অতনু ভূঞা” চিনে-চিন্তাৰে কেমেৰাৰ পাছত কিয়?
–ইমান বছৰে অতনু ভূঞাই চিনেমাৰ পৰিচালকৰ চকীত কিয় বহা নাছিল, সেয়াহে আমাৰ প্ৰশ্নৰ বিষয় আছিল। “নাটকৰ মানুহ (অভিনেতা, পৰিচালক আৰু “উন্মাদৰ দেশত”, “বেতাল কথা”, “ৰেলগাড়ী চলিছে”, “হঠাৎ এনিশা” ইত্যাদি নাটকৰ নাট্যকাৰ) অতনু ভূঞা”ই গীত লিখি, সুৰেৰে সজাই (কণ্ঠ: অনুজা ভূঞা) অডিঅ’ কেছেট “সেই ছোৱালীজনী” নিৰ্মাণ কৰিছিল। শ্ৰোতাই আদৰি লৈছিল। আন দুটা গানৰ এলবাম “মুখা”, “ষ্টপেজ”ও শ্ৰোতাই ভাল পাইছিল। মাজে-মাজে দৃশ্য মাধ্যমতো অতনু ভূঞাৰ সংগীত কৰ্ম দেখি থাকোঁ। প্ৰতিটো সংগীত কৰ্মত “বজাৰ-চিন্তা” স্পষ্ট। অৰ্থাৎ দৰ্শকৰ মন (“audience nerve”) বুজি সংগীত কৰ্ম কৰে। শ্ৰোতাৰ মন বুজি সংগীত কৰ্ম কৰা অতনু ভূঞাই “দৰ্শকৰ বাবে চিনেমা” নিৰ্মাণ নকৰে কিয়? –এয়াহে আছিল আমাৰ মনলৈ অহা প্ৰশ্ন।

এতিয়া আমাৰ “প্ৰশ্ন” “আশা”লৈ ৰূপান্তৰ হৈছে। এখন ভাল চিনেমা আশা কৰিব পৰা বাট দেখিছোঁ নিৰ্মাণ পৰ্বত, পৰিচালকৰ সৈতে মত বিনিময় কৰি।
পৰিচালকৰ “জনপ্ৰিয় পৰিচয়”– সাংবাদিক, সম্পাদক, ৰাজনৈতিক বিশ্লেষক। চিনেমা– political thriller, (ৰাজনৈতিক থ্ৰীলাৰ)। গতিকে ব্যখ্যাৰ প্ৰয়োজন নাই– বিষয়-বস্তু চিনেমা খনৰ লেখক-পৰিচালকৰ বাবে জটিল, অধ্যয়ণ কৰিব লগা বিষয় নহয়। কাহিনী নিৰ্মাণো নিশ্চয় নিজৰ অভিজ্ঞতাৰে কৰিছে। (আমি জনাত– কহিনীৰ বিন্দুৱে গতি কৰিব কংগ্ৰেছ চৰাকাৰৰ শাসন কালৰ পৰা বৰ্তমানলৈ। স্বাভাৱিকতে কাহিনী-ৰেখা নিৰ্মাণ হ’ব এক “চৰিত্ৰ-বিন্দু”ক কেন্দ্ৰ কৰি। এগৰাকী পুলিচ বিষয়াৰ “চৰিত্ৰ”ক কেন্দ্ৰ কৰি। কাহিনীৰ গতিত ২০০ ৰো অধিক “চৰিত্ৰ” পৰ্দালৈ আহিব। “চৰিত্ৰ” নিৰ্মাণ কৰিব অৰুণ নাথে, জাহানাৰা বেগম, পৱন গায়ন, শ্রেয়া বৰঠাকুৰ, ঈশান হাজৰিকা, গীতাৰ্থ শৰ্মা, দ্বীপজ্যোতি ডেকা, নব নাথ, পদ্মৰাগ গোস্বামী আদিক লৈ।)

–চিনেমা খনৰ লেখক-পৰিচালক আৰু চিনেমা খনৰ সহকাৰী পৰিচালক জয়ন্ত কুমাৰ ডেকাৰ (চিনেমা খনৰ আন তিনি গৰাকী সহকাৰী পৰিচালক: বিবেক বৰুৱা, উৎপল শর্মা আৰু পৰী ভূঞা।) “কথা”ৰ পৰা অনুভৱ কৰিলোঁ– ৰূপালী গল্পটো নিৰ্মাণৰ বাবে বুনিয়াদ খন সু-পৰিকল্পনাৰে মজবুট কৰি লৈছে। চিত্ৰনাট্যৰ কাম হোৱাৰ পাছতে পৰিচালকে কেমেৰা (প্ৰদীপ দৈমাৰী), শব্দ (অমৃত প্রীতম), সংগীত (ডেনিয়েল বি জর্জ। মুম্বাইৰ। চৰ্চাত আছে– “আন্ধাধুন”, “ৱাৰ”, “থ্ৰী-ইডিয়টছ”, “ৰাম সেতু” আদি চিনেমাত কৰা কামেৰে।), প্ৰচাৰ (শিৱাণু বৰা) -ৰ মানুহক গুৰুত্ব দি আগবাঢ়িছে। পৰিচালকে শ্বট নিৰ্মাণৰ সময়ত সাহিত্যৰ ভাষা, কেমেৰাৰ ভাষা প্ৰয়োগৰ লগতে সংগীত আৰু শব্দৰ বাবেও “space” নিৰ্মাণ কৰি গৈছে। অনুভৱ কৰিলোঁ কেমেৰাৰ ভাষাৰ লগতে শব্দ-সৌন্দৰ্য, সংগীত-সৌন্দৰ্য নিৰ্মাণত, প্ৰয়োগত গুৰুত্ব দিছে পৰিচালকে। (ফলাফললৈ নিশ্চয় আমি অপেক্ষা কৰিম অহা বৰ্ষলৈ। অহা বৰ্ষৰ প্ৰথম ভাগতেই চিত্ৰগৃহলৈ আহিব চিনেমা খন।) পৰিচালকে কথা প্ৰসংগত আৰু জনালে– শব্দ, কেমেৰাৰ কামত দৰ্শকে নতুন কিবা-কিছু অনুভৱ কৰিব। ওৱান-টেক শ্বট লোৱা হৈছে কেবাটাও, যি কেইটা ছিকুন্সলৈ ৰূপান্তৰ হ’ব। দৰ্শকে ভাল পাব! চিনেমা জনা মানুহৰ মনলৈ হয়তো প্ৰশ্ন আহিব– এটি শ্বটেৰে “ছিকুৱেন্স”টো কেনেকৈ নিৰ্মাণ কৰিলে!
চিনেমা খনত তিনিটা গীত ব্যৱহাৰ কৰিব। গীত তিনিটাত কণ্ঠদান কৰিব– জুবিন গাৰ্গ, জয় বৰুৱা আৰু অনুজা ভূঞাই।







Add comment