Rupaliparda.com
‘ফ্ৰিং গিতাল—দ্য ডন অৱ এ নিউ ডে’ | সীমান্তৰ সিপাৰে মানুহৰ পৃথিৱী | চিনে-সংবাদ 1

‘ফ্ৰিং গিতাল—দ্য ডন অৱ এ নিউ ডে’ | সীমান্তৰ সিপাৰে মানুহৰ পৃথিৱী | চিনে-সংবাদ

সীমান্ত মানে কেৱল এখন ৰেখা নহয়। মানচিত্ৰত আঁকি দিয়া সেই ৰেখাই এখন দেশৰ পৰা আন এখন দেশ, এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্য, এটা প্ৰশাসনিক অঞ্চলৰ পৰা আন এটা অঞ্চল পৃথক কৰে। কিন্তু মানুহৰ জীৱন সদায় মানচিত্ৰৰ নিয়মত নচলে। ভাষা, সংস্কৃতি, উৎসৱ-পাৰ্বণ, আত্মীয়তা, প্ৰেম আৰু দৈনন্দিন জীৱনৰ বহু সম্পৰ্কই সীমান্তৰ আঁচোৰ অতিক্ৰম কৰি যায়। সেই মানুহৰ পৃথিৱীখনকেই কেন্দ্ৰ কৰি হীৰেন বৰাই নিৰ্মাণ কৰিছে ‘ফ্ৰিং গিতাল—দ্য ডন অৱ এ নিউ ডে’।‘ফ্ৰিং গিতাল—দ্য ডন অৱ এ নিউ ডে’ | সীমান্তৰ সিপাৰে মানুহৰ পৃথিৱী | চিনে-সংবাদ 2

চিনেমা খনৰ পটভূমি অসম-মেঘালয় সীমান্তৰ গোৱালপাৰা সংলগ্ন অঞ্চল। কাহিনীৰ কেন্দ্ৰত আছে দুখন গাঁও— এখন গাৰো আৰু আনখন ৰাভা গাঁও। প্ৰশাসনিকভাৱে দুখন পৃথক ৰাজ্যত অৱস্থিত হ’লেও এই দুখন গাঁৱৰ মানুহৰ মাজত জীৱন-যাপন, উৎসৱ-পাৰ্বণ আৰু সামাজিক সম্পৰ্কৰ এক গভীৰ আত্মীয়তা আছে। সীমান্তই মাটি ভাগ কৰিছে, পথাৰ ভাগ কৰিছে; কিন্তু মানুহৰ মন ভাগ কৰিব পৰা নাই।

এইখিনিতেই চিনেমা খনৰ মূল বক্তব্যৰ এটা গুৰুত্বপূৰ্ণ দিশ নিহিত হৈ আছে। সীমান্তক যদি কেৱল ভৌগোলিক বিভাজন হিচাপে চোৱা হয়, তেন্তে চিনেমা খনৰ অৰ্থ সীমিত হৈ পৰিব। কিন্তু ‘ফ্ৰিং গিতাল’-এ সীমান্তক মানুহৰ সম্পৰ্কৰ পৰীক্ষাস্থলী হিচাপে চাবলৈ চেষ্টা কৰিছে।

প্ৰশ্ন কেৱল—সীমান্ত ক’ত? নহয়;

প্ৰশ্ন —সীমান্ত মানুহৰ মনত কেতিয়া সৃষ্টি হয়?

এই প্ৰশ্নৰেই এক মানৱীয় ৰূপ দেখা যায় এগৰাকী গাৰো যুৱতী আৰু এজন ৰাভা যুৱকৰ প্ৰেমৰ কাহিনীত। দুটা সম্প্ৰদায়ৰ মাজত ইতিমধ্যে থকা সামাজিক আত্মীয়তাৰ মাজতে জন্ম লোৱা এই প্ৰেমক সহজভাৱে আগবাঢ়িবলৈ নিদিয়ে জাতিগত পৰম্পৰা, সামাজিক মানসিকতা আৰু পৰিয়ালৰ আপত্তিয়ে। ব্যক্তিগত ভালপোৱা আৰু সামাজিক পৰিচয়ৰ সংঘাত ইয়াত কেৱল দুজন যুৱক-যুৱতীৰ ব্যক্তিগত সমস্যা হৈ নাথাকে; “কাহিনী-ৰেখাৰ গতিত বৃহত্তৰ সমাজৰ মানসিক গঠনৰ প্ৰতিফলন হৈ উঠিব”।‘ফ্ৰিং গিতাল—দ্য ডন অৱ এ নিউ ডে’ | সীমান্তৰ সিপাৰে মানুহৰ পৃথিৱী | চিনে-সংবাদ 3

প্ৰেমৰ এই কাহিনীটোৱে চিনেমা খনক এক মানৱীয় কেন্দ্ৰ দিয়ে। কিন্তু চিনেমা খন কেৱল প্ৰেমৰ কাহিনী নহয়। ইয়াৰ সামাজিক পৰিসৰ আৰু বহল।

সীমান্ত অঞ্চলৰ মানুহৰ জীৱনত প্ৰকৃতিৰ সৈতে সংঘাতো এক কঠিন বাস্তৱতা। মানুহ আৰু বনৰীয়া হাতীৰ সংঘাত ছবিখনৰ আন এক গুৰুত্বপূৰ্ণ পটভূমি। কৃষিভূমি আৰু জীৱন-জীৱিকা ৰক্ষা কৰিবলৈ সংগ্ৰাম কৰা মানুহৰ বাবে বনৰীয়া হাতী কেৱল বন্যপ্ৰাণী নহয়; বহু সময়ত জীৱন আৰু জীৱিকাৰ প্ৰতি এক বাস্তৱ সংকট। আনহাতে হাতীৰ বাবেও মানুহে দখল কৰা ভূমি আৰু সলনি হৈ যোৱা প্ৰাকৃতিক পৰিৱেশ এক জটিল বাস্তৱতা। এই সংঘাতক যদি চিনেমা খনে কেৱল ‘মানুহ বনাম হাতী’ হিচাপে নেদেখুৱাই দুয়োৰে অস্তিত্বৰ সংকট হিচাপে চাব পাৰে, তেন্তে বিষয়টোৱে অধিক গভীৰতা লাভ কৰিব।

ইয়াৰ মাজতে আহি পৰে সীমান্ত বিবাদ। আৰু সীমান্ত বিবাদৰ সৈতে আহি পৰে সন্দেহ।‘ফ্ৰিং গিতাল—দ্য ডন অৱ এ নিউ ডে’ | সীমান্তৰ সিপাৰে মানুহৰ পৃথিৱী | চিনে-সংবাদ 4

এখন সমাজ বহু বছৰ ধৰি সম্প্ৰীতিৰে বাস কৰি থাকিব পাৰে। কিন্তু সেই সম্প্ৰীতি ভাঙিবলৈ সদায় বৃহৎ সংঘাতৰ প্ৰয়োজন নহয়। কেতিয়াবা এটা অপপ্ৰচাৰ, এটা উৰাবাতৰি, এটা ভুল তথ্য অথবা এটা সন্দেহেই যথেষ্ট। ‘ফ্ৰিং গিতাল’-ৰ অন্যতম তাৎপৰ্যপূৰ্ণ সামাজিক প্ৰশ্ন ইয়াতেই—যি সীমান্তই বহুদিন মানুহৰ সম্পৰ্কক ভাগ কৰিব পৰা নাছিল, অপপ্ৰচাৰ আৰু সন্দেহে সেই কাম কৰিব পাৰিবনে?

এই প্ৰশ্নটোৱে চিনেমা খনক সমকালীন কৰি তোলে।

আজিৰ সময়ত তথ্যৰ গতি অভূতপূৰ্ব। কিন্তু তথ্যৰ সৈতে অপপ্ৰচাৰো সমান দ্ৰুতগতিত বিয়পি পৰে। সামাজিক সম্প্ৰীতিৰ ওপৰত সন্দেহৰ ছাঁ পেলাবলৈ কেতিয়াবা বাস্তৱ ঘটনাতকৈ ঘটনাৰ বিষয়ে সৃষ্টি কৰা কাহিনী অধিক শক্তিশালী হৈ উঠে। সীমান্ত অঞ্চলত এই সমস্যা আৰু জটিল, কাৰণ ভূমি, পৰিচয়, জাতিগত অনুভূতি আৰু ৰাজনৈতিক উত্তেজনা—সকলোবোৰ ইয়াৰ সৈতে সংযুক্ত হৈ থাকে। ‘ফ্ৰিং গিতাল’-এ এই জটিলতাক কাহিনীৰ অংশ কৰি লোৱাৰ চেষ্টা কৰিছে।

সেই অৰ্থত চিনেমা খনৰ ‘দ্য ডন অৱ এ নিউ ডে’ উপশীৰ্ষকটোও তাৎপৰ্যপূৰ্ণ। নতুন দিনৰ সূচনা মানে কেৱল এটা কাহিনীৰ সুখী পৰিণতি নহয়; হয়তো বিভাজনৰ ওপৰত সম্প্ৰীতি, সন্দেহৰ ওপৰত বিশ্বাস আৰু সংঘাতৰ ওপৰত সহাৱস্থানৰ সম্ভাৱনাৰ কথাও কয়।

পৰিচালক হীৰেন বৰাৰ বাবে এই চিনেমা খন সেই কাৰণেই আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ। তেওঁৰ নিৰ্মাণৰ পৰিসৰত এইবাৰ বৃহৎ নগৰীয়া পৰিৱেশৰ পৰিৱৰ্তে সীমান্তৰ এখন তুলনামূলকভাৱে অনালোচিত সমাজ আহিছে। এনে পটভূমি বাছি লোৱাটোৱেই পৰিচালকৰ বাবে এক সৃষ্টিশীল প্ৰত্যাহ্বান। কাৰণ সীমান্তৰ জীৱনক কেৱল ‘পিছপৰা অঞ্চল’ৰ ৰোমাণ্টিক চিনেমাত পৰিণত কৰিলেই নহ’ব; তাৰ সামাজিক-অৰ্থনৈতিক বাস্তৱতা, মানুহৰ দৈনন্দিন সংগ্ৰাম আৰু পৰিচয়ৰ জটিলতাও পৰ্দাত বিশ্বাসযোগ্যভাৱে নিৰ্মাণ কৰিব লাগিব।

চিনেমা খনৰ নিৰ্মাণত এই আঞ্চলিক বাস্তৱতাক অধিক স্বাভাৱিক কৰি তোলাৰ বাবে অসমীয়া, ৰাভা আৰু গাৰো শিল্পীৰ অংশগ্ৰহণো তাৎপৰ্যপূৰ্ণ। গাৰো ভাষা ব্যৱহাৰ আৰু স্থানীয় সামাজিক-সাংস্কৃতিক পৰিৱেশক কাহিনীৰ সৈতে সংযুক্ত কৰাৰ প্ৰচেষ্টাই চিনেমা খনৰ ভাষিক আৰু সাংস্কৃতিক পৰিসৰ বহল কৰিছে।‘ফ্ৰিং গিতাল—দ্য ডন অৱ এ নিউ ডে’ | সীমান্তৰ সিপাৰে মানুহৰ পৃথিৱী | চিনে-সংবাদ 5

সুৰভী এণ্টাৰপ্ৰাইজৰ বেনাৰত নিৰ্মিত চিনৈমা খনৰ প্ৰযোজনা, পৰিকল্পনা আৰু পৰিচালনা হীৰেন বৰাৰ। চিত্ৰনাট্য হীৰেন বৰা আৰু নৰেন পাটগিৰিৰ; কাহিনী আৰু সংলাপ নৰেন পাটগিৰিৰ। গাৰো ভাষালৈ অনুবাদ কৰিছে সূৰজ চাংমা আৰু ভগেন মমিনে। সহযোগী পৰিচালক মালয় কুমাৰ ৰয় আৰু সহকাৰী পৰিচালক ডিক্স ৰাভা।

দৃশ্যগ্ৰহণ বিবেক বেনাৰ্জীৰ। সহকাৰী চিত্ৰগ্ৰহণকাৰী বুধ দাস, তীৰ্থ নাথ আৰু বীৰেন দাস। কলা নিৰ্দেশনা পংকজ বেজবৰুৱাৰ, আৱহ সংগীত বিকাশ বৰুৱাৰ, সম্পাদনা দীপক মণ্ডলৰ আৰু শব্দ পৰিকল্পনা বিজয় নাথৰ। অভিনয় কৰিছে বৰষা ৰাণী বিষয়া, ৰূপম চেতিয়া, সূৰজ কলিতা, ৰায়ন্তী ৰাভা, সূৰজ চাংমা, অহিদ খান পাৰিছ, ভোগেন মমিন, বালাং ও ডি শিৰা, অমৃতা মাৰাক, নক্‌কে চাংমা আদিয়ে। তেওঁলোকৰ সৈতে অসমীয়া, ৰাভা আৰু গাৰো শিল্পীৰো অংশগ্ৰহণ আছে।

বৰ্তমান ছবিখন কাৰিকৰী সম্পাদনাৰ শেষ পৰ্যায়ত আছে। ‘ফ্ৰিং গিতাল’-ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্ভাৱনাটো অৱশ্যে ইয়াৰ বিষয়বস্তুতেই। কাৰণ সীমান্তৰ কাহিনী ক’বলৈ গৈ চিনেমা খনে যদি সীমান্তৰ মানুহৰ কাহিনী ক’ব পাৰে, তেন্তে ই এখন ভিন্ন ধৰণৰ সামাজিক চিনেমা হৈ উঠিব পাৰে। আৰু যদি গাৰো-ৰাভা সমাজৰ সম্পৰ্কক কেৱল পটভূমি হিচাপে ব্যৱহাৰ নকৰি সেই সম্পৰ্কৰ ভিতৰৰ সাংস্কৃতিক সূক্ষ্মতা, সামাজিক টনা-আঁজোৰা

আৰু মানৱীয় উমালতাক পৰ্দাত ধৰি ৰাখিব পাৰে, তেন্তে চিনেমা খনৰ তাৎপৰ্য আৰু বৃদ্ধি পাব।

শেষত প্ৰশ্নটো আকৌ সেই একেটাই—

সীমান্তৰ ৰেখাই মাটিক ভাগ কৰিব পাৰে; কিন্তু মানুহৰ মাজৰ সম্পৰ্কক কিমান দূৰলৈকে ভাগ কৰিব পাৰে?

‘ফ্ৰিং গিতাল—দ্য ডন অৱ এ নিউ ডে’ সেই প্ৰশ্নৰ উত্তৰ বিচৰা এখন চিনেমা। উত্তৰটো চিনেমা খনে কিমান শক্তিশালীভাৱে, কিমান বিশ্বাসযোগ্যভাৱে আৰু কিমান চিনেমাটিকভাৱে দিব পাৰে—সেইটোৱেই এতিয়া অপেক্ষাৰ বিষয়।

Utpal Mena

Add comment

Leave a Reply