বলীউডত ষ্টাৰ কিডছৰ “ডেবিউ ফিল্ম” ৰ যেন একপ্ৰকাৰ ঢৌ উঠিছে। কিছুদিন পূৰ্বে চাংকি পাণ্ডেৰ জী অনন্যা পাণ্ডে তথা জাৱেদ জাফৰীৰ পুত্ৰ মিজান জাফৰীয়ে বলীউড ক্ষেত্ৰখনত মূৰ সোমোৱাইছিল। ইয়াৰ পিছতেই, সুনীল চেট্টিৰ পুত্ৰৰ অভিনয়ৰ খবৰেও এতিয়া খলকনি লগাইছে বলীউডত। তেলেগুৰ চুপাৰহিট ছবি “আৰ এক্স 100” ৰ হিন্দী সংস্কৰণত দেখা যাব পুত্ৰ আহান চেট্টীক। মিলন লুথৰিয়াৰ দ্বাৰা পৰিচালিত ছবিখনৰ ইতিমধ্যে শ্বুটিং আৰম্ভ হৈছে। ছবি সমালোচক তৰণ আদৰ্শে এক টুইট যোগে আহানৰ আগন্তুক ছবিখনৰ বিষয়ে দৰ্শকক জানিবলৈ দিয়ে।

পিতৃ সুনীল চেট্টিৰ নিচিনাকৈ পুত্ৰ আহানেও বলীউডত নিজৰ যাদু চলাব পাৰে নে নাই সেয়া আগন্তুক সময়ত জানিব পৰা যাব।

আপোনালোকে আমাক জনাওঁক কোনজন ষ্টাৰ কিড আপোনাৰ প্ৰিয়? আপোনালোকে ভাবে নে নিজৰ পিতৃ-মাতৃৰ বলীউডত কিছু উচ্চ স্থান থকা বাবে এওঁলোকেও কষ্ট নকৰাকৈ মিঠা ফল খাবলৈ পায়। কমেণ্ট কৰি জনাওঁক আপোনাৰ মতামত।
Add comment