তেলেগু অথবা হলীউড ছবিৰ ৰিমেক কৰি হিন্দী সংস্কৰণলৈ ধাৱমান কৰাটো কোনো নতুন কথা নহয়। সময় সময়ে দৰ্শকে ইয়াৰ উদাহৰণ দেখি আহিছে। আৰু, কোৱা বাহুল্য যে এই ৰিমেক সমূহক দৰ্শকে পছন্দও কৰিছে। এনেক্ষেত্ৰত, কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত ছবি “কৱীৰ সিং” ৰ উদাহৰণ ল’ব পৰা যায়।


মনকৰিবলগীয়া যে, বলীউড ক্ষেত্ৰখন ছবিৰ লগতে ভিন ভিন সময়ত “পষ্টাৰ কপি” ৰ বাবে ৰোষত পৰাও শুনিবলৈ পোৱা যায়। এইবাৰ এনে ৰোষত পৰিছে যোৱা ২৬ জুলাইত মুক্তিপ্ৰাপ্ত “জৰ্জমেণ্টেল হে ক্যা”।

ছবিখনৰ শ্বুটিং আৰম্ভ হোৱাৰে পৰা ধৰি মুক্তিপোৱা লৈ এক এৰাব নোৱাৰা বিবাদৰ মাজত সোমাই আছিল ; বৰ্তমানেও ছবিখনৰ পৰা যেন এৰা দিয়া নাই বিবাদে। এইবাৰ “পষ্টাৰ কপি” ৰ ৰোষত সোমাই পৰিছে ছবিখন। হংগ্ৰী নিবাসী ফ’ৰা ৱৰ্সী নামৰ এগৰাকী ফটোগ্ৰাফাৰ ও ভিজুৱেল আৰ্ষ্টিটে এই পষ্টাৰ কপিৰ আৰোপ লগাই উক্ত ছবিখনৰ ওপৰত।
টুইট কৰাৰ সমান্তৰালকৈ ফেচবুকতো পোষ্টৰ যোগে নিজ ক্ষোভ উজাৰে মহিলা গৰাকীয়ে।

কেৱল “জৰ্জমেণ্টেল হে ক্যা” বুলিয়ে নহয় পূৰ্বতেও এনে কিছু আৰোপে থকা-সৰকা কৰিছিল বলীউড ক্ষেত্ৰখনক। এতিয়া প্ৰশ্ন হয়, বলীউড ক্ষেত্ৰখনত “নতুনত্ব” ই গা এৰি দিছে নেকি??


এনেক্ষেত্ৰত আপোনালোকে কি ভাৱে? কমেণ্ট কৰি আমাক জনাওঁক আপোনাৰ মতামত।
Add comment