Rupaliparda.com
সুধাকণ্ঠক প্ৰদান কৰা হ'ব "ভাৰত ৰত্ন"- 1

সুধাকণ্ঠক প্ৰদান কৰা হ’ব “ভাৰত ৰত্ন”-

এখন শুদ্ধ আৰু নিকা সমাজ গঢ়াৰ স্বাৰ্থত যি গৰাকী ব্যক্তিয়ে গীত গাইছিল;যাৰ গীতত নাছিল কোনো জাতিভেদ, উচ্চ-নীচ। প্ৰত্যকজন অসমীয়াৰ মৰমৰ এইগৰাকী ব্যক্তিয়ে হৈছে সুধাকণ্ঠ ড° ভূপেন হাজৰিকা। অসম ৰত্ন, সংগীত সূৰ্য্য আদি অনেক বিভূষণেৰে বিভূষিত এই গৰাকী মহান ব্যক্তিত্বক ৮ আগষ্ট তাৰিখে মৰণোত্তৰভাবে প্ৰদান কৰা হ’ব দেশৰ সৰ্বোচ্চ অসমাৰিক সন্মান “ভাৰত ৰত্ন”।

সুধাকণ্ঠক প্ৰদান কৰা হ'ব "ভাৰত ৰত্ন"- 2
সুধাকণ্ঠক প্ৰদান কৰা হ'ব "ভাৰত ৰত্ন"- 3


অসমৰ প্ৰাক্তন মূখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পিছত “ভাৰত ৰত্ন” লাভ কৰিবলৈ সক্ষম হোৱা ড° ভূপেন হাজৰিকা হৈছে দ্বিতীয় গৰাকী অসমীয়া। দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই বঁটা প্ৰদান কৰাৰ লগতে সুধাকণ্ঠ গৰাকীৰ হৈ এই বঁটা গ্ৰহণ কৰিব তেওঁৰ পুত্ৰ তেজ হাজৰিকাই।

সুধাকণ্ঠক প্ৰদান কৰা হ'ব "ভাৰত ৰত্ন"- 4
সুধাকণ্ঠক প্ৰদান কৰা হ'ব "ভাৰত ৰত্ন"- 5


সুধাকণ্ঠ গৰাকীক “ভাৰত ৰত্ন” প্ৰদানৰ কথা ঘোষণা কৰাৰ পিছত জনসাধাৰণৰ মাজত এক আনন্দৰ লহৰ বৈছে।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.