Rupaliparda.com

অনুৰাগীৰ প্ৰতি মৰম আলিয়াৰঃ ভিডিঅ’ হ’ল ভাইৰেল-

বি-টাউনৰ অভিনেতা-অভিনেত্ৰী সকলৰ অনুৰাগীসকলে তেওঁলোকক এবাৰ লগ পাবলৈ নাইবা তেওঁলোকৰ লগত এবাৰ কথা পাতিবলৈ আগ্ৰহী হৈ থাকে। অভিনেতা-অভিনেত্ৰী গৰাকীৰ সৈতে যদিহে এখন ফটো উঠিব পাৰে তেতিয়াহ’লেটো আৰু কথাই নাই। তেনে ক্ষেত্ৰত, যদি আপোনাৰ প্ৰিয় শিল্পীগৰাকীয়ে নিজে গৈ আপোনাৰ সৈতে এখন ফটো উঠে!! তেতিয়া আপোনাৰ কেনে লাগিব??

অনুৰাগীৰ প্ৰতি মৰম আলিয়াৰঃ ভিডিঅ' হ'ল ভাইৰেল- 1


ঠিক তেনেকুৱাই হৈছে আলিয়া ভাটৰ এগৰাকী অনুৰাগীৰ সৈতে। অভিনেত্ৰী গৰাকীয়ে নিজৰ বাসগৃহৰ পৰা ওলাই আহি থকা সময়ত তেওঁৰ ঘৰৰ বাহিৰত ৰৈ থকা এগৰাকী অনুৰাগীক আলিয়াৰ ব’ডী গাৰ্ডে আঁতৰি যাবলৈ কয়। কিন্তু, আলিয়া ভাটে অনুৰাগী গৰাকীক নিজেই মাতি আনি তেওঁৰ সৈতে চেল্ফী লয়।

অনুৰাগীৰ প্ৰতি মৰম আলিয়াৰঃ ভিডিঅ' হ'ল ভাইৰেল- 2


সমগ্ৰ ঘটনাটোৰ এটা ভিডিঅ’ চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ৰণৱীৰ-আলিয়া ফেনপেজ এটাৰ পৰা আপলোড হোৱা উক্ত ভিডিঅ’টিৰ বাবে আলিয়াৰ প্ৰশংসাত পঞ্চমুখী হৈ পৰিছে দৰ্শক।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.