Rupaliparda.com

আয়ূসমানৰ প্ৰশংসাত একতা কাপুৰঃ ক’লে ড্ৰীম গাৰ্লৰ বাবে ফিট তেওঁ-

“ড্ৰীম গাৰ্লৰ মূখ্য চৰিত্ৰটোৰ বাবে বলীউডত কেৱল এজন অভিনেতা ফিট যেন মোৰ অনুভৱ হৈছিল আৰু সেইজন আছিল আয়ূসমান খুৰানা”- ৰ’ব কথাষাৰ মোৰ নহয়; “ড্ৰীম গাৰ্ল” ৰ প্ৰযোজক তথা টিভি ক্ষেত্ৰৰ কুইন একতা কাপুৰৰহে। এটা সাক্ষাৎকাৰত আয়ূসমানৰ প্ৰশংসাত কথাষাৰ ব্যক্ত কৰে একতাই। ছবিখনৰ ট্ৰেইলাৰ মুক্তিৰ পিছতেই এতিয়া ছবিখনক লৈ উৎস্যুকতা বাঢ়িছে দৰ্শকৰ।

আয়ূসমানৰ প্ৰশংসাত একতা কাপুৰঃ ক'লে ড্ৰীম গাৰ্লৰ বাবে ফিট তেওঁ- 1


ছবিখনৰ নায়কৰূপে নিৰ্দ্দিষ্টকৈ আয়ূসমানক বিচৰা ক্ষেত্ৰত প্ৰযোজক একতাই কয় যে, “আয়ূসমান হৈছে এনে এগৰাকী অভিনেতা যিয়ে নিজৰ কণ্ঠক বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰে আৰু মোৰ বিশ্বাস আছিল যে তেওঁ পৰিচালক গৰাকী ডাঙৰ নে সৰু, আগৰ কামবোৰ ভাল নে বেয়া এইবোৰত গুৰুত্ব নিদি ছবিখন কৰিবলৈ ৰাজী হ’ব” । আয়ূসমান অভিনীত এই ছবিখনৰ ট্ৰেইলাৰে যথেষ্ট সংখ্যক দৰ্শকক আকৰ্ষিত কৰিছে বুলিও প্ৰযোজক গৰাকীয়ে মন্তব্য কৰে।

আয়ূসমানৰ প্ৰশংসাত একতা কাপুৰঃ ক'লে ড্ৰীম গাৰ্লৰ বাবে ফিট তেওঁ- 2


ৰাজ সাণ্ডিল্যৰ দ্বাৰা পৰিচালিত এই ছবিখন চলিত বৰ্ষৰ ১৩ ছেপ্তেম্বৰ তাৰিখে মুক্তি লাভ কৰিব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.